প্ৰেমৰ বাবে লিংগ সলনি কৰি ল’ৰা হৈ পৰিল ছোৱালী, পিছে সেই প্ৰেমিকে আনক পায় তেওঁক দিলে হত্যাৰ ভাবুকি…

আশ্চৰ্যজনক ঘটনা। প্ৰেমৰ বাবে নিজৰ লিংগ সলনি কৰি ছোৱালী হৈ পৰিল এজন ল'ৰা। তাৰ পাছতে ঘটিল অঘটন। এগৰাকী কিন্নৰৰ বাবে ছোৱালীজনীক এৰি থৈ গ’ল প্ৰেমিকে। এতিয়া ন্যায় পাবলৈ সহায় বিচাৰিছে লিংগ সলনি কৰি ছোৱালীজনীয়ে।

প্ৰেমৰ বাবে লিংগ সলনি কৰি লৰা হৈ পৰিল ছোৱালী, পিছে সেই প্ৰেমিকে আনক পায় তেওঁক দিলে হত্যাৰ ভাবুকি...

প্ৰেমৰ বাবে লিংগ সলনি কৰি ল'ৰা হৈ পৰিল ছোৱালী

Updated On: 

19 Apr 2025 21:03 PM

ঘটনা আৰম্ভণি তেতিয়া হৈছিল যেতিয়া এজন ল’ৰা আনৰ এজন ল’ৰা প্ৰেমত পৰিছিল। তেওঁ প্ৰেমত ইমানেই পাগল হৈ পৰিল যে লিংগ সলনি কৰি ছোৱালী হ’ল। তাৰ পিছত প্ৰেমিকৰ সৈতে বিবাহপাশত আৱদ্ধ হ’ল। কোৱা হয় যে বিবাহে প্ৰেমৰ সফলতা। কিন্তু এই কাহিনীটো অলপ আছিল । বিবাহৰ পাছতে কৰুণভাৱে অন্ত পৰিল এই প্ৰেম কাহিনীটোৰ । যাৰ বাবে আজি ন্যায় পাবলৈ দুৱাৰে দুৱাৰে ঘূৰি ফুৰিছে ছোৱালীজনীয়ে। প্ৰেমিকে প্ৰেমিকাক শাৰীৰিক, মানসিক আৰু আৰ্থিকভাৱে নিৰ্যাতন চলাই পৰিত্যাগ কৰাৰ অভিযোগ। বিহাৰৰ বেগুছৰাইত সংঘটিত হৈছে এই ঘটনা।

কিন্তু বিবাহৰ পাছতে আন এজন কিন্নৰৰ প্ৰেমত পৰিল অভিযুক্ত। এতিয়া তেওঁ নিজৰ প্ৰেমিকাক (যিগৰাকী তেওঁৰ পত্নী) হত্যাৰ ভাবুকি প্ৰদান কৰাৰ অভিযোগ। এই বিষয়ে আৰক্ষীক অভিযোগ দাখিল কৰিছে তেওঁৰ পত্নীয়ে । এই ঘটনাটো বেগুছৰাইৰ চাহেবপুৰ কমল থানা এলেকাৰ। চাহেবপুৰ কমল থানা এলেকাৰ ছানী ওৰফে মাৰিয়া যাদৱ এটা সাধাৰণ পৰিয়ালৰ পৰা অহা। সাহেবপুৰ কমল থানা এলেকাৰ বাবুবৰহী গাঁৱৰ নিবাসী পীয়ুষ যাদৱৰ লগত ২০১৭ চনত তেওঁৰ বন্ধুত্ব গঢ় লৈ উঠিছিল।

লাহে লাহে দুয়োজনে গ’ম নোপোৱাকৈ তেওঁলোকৰ এই বন্ধুত্ব প্ৰেমলৈ পৰিণত হ’ল। তাৰ পাছত দুয়োজনে ইজনে সিজনৰ অবিহনে অসম্পূৰ্ণ অনুভৱ কৰিবলৈ ধৰিলে। কিন্তু দুয়োজনেই ল’ৰা হোৱাৰ বাবে স্বামী-স্ত্ৰী হিচাপে তেওঁলোকৰ সম্পৰ্কই সামাজিক স্বীকৃতি নাপালে। সেয়েহে পীয়ুষ যাদৱৰ পৰামৰ্শ মতে ২০১৯ চনত ছানী ওৰফে মাৰিয়া যাদৱে লিংগ পৰিৱৰ্তন কৰে।তাৰ পিছত দুয়োজনে একেলগে থাকিবলৈ আৰম্ভ কৰে আৰু ২০২১ চনত গোৰখপুৰত আদালতৰ বিবাহপাশত আবদ্ধ হয়।

ছানীৰ অভিযোগ, তেওঁ ই ল’ৰাটোৰ সকলো খৰচ বহন কৰিছিল আৰু লগতে পিয়ুষক বহুত উপহাৰ দি আৰ্থিকভাৱে সহায় কৰিছিল। ছানী আৰু পীয়ুষ যাদৱৰ পৰিয়ালৰ লোকেও এই বিষয়ে অৱগত আছিল। ২০২৪ চনৰ নৱেম্বৰ মাহলৈ এনেকৈ চলি থাকিল।ইফালে পীয়ুষ যাদৱৰ অনুৰোধত ছানীয়ে নিজৰ খৰচত পীয়ুষক কলিকতালৈ পঠিয়াই দিলে। ইয়াৰ পিছত পিয়ুষে তাত ড্ৰাইভাৰ হিচাপে কাম কৰিবলৈ আৰম্ভ কৰিলে। তাত তেওঁ সুমন নামৰ এজন কিন্নৰক লগ পালে। তেতিয়া পীয়ুষ যাদৱে ছানীক এৰি কিন্নৰ সুমনৰ প্ৰেমত পৰিল।

কাইলৈ চেৰা বিহু, সাত বিহুৰ শেষৰ দিনটোৰ পৰম্পৰাৰ বিষয়ে জানো আহক
এইসকল লোকে নাখাব নেমুপানী! হ’ব পাৰে ভয়ংকৰ বিপদ
অসমৰ কোনবোৰ অঞ্চল সোণালী বান্দৰৰ বাসস্থান হিচাপে পৰিচিত? জানক
গ্ৰীষ্ম কালত শৰীৰটো সুস্থ কৰি ৰাখিবলৈ ৰাতিপুৱা সেৱন কৰক এই পাঁচ বিধ ডিটক্স পানীয়