নৃশংস! ২৫ বছৰীয়া যুৱতীৰ শৰীৰৰ ৩০ টুকুৰা কৰি ভৰাই থ'লে ফ্ৰীজত | bengaluru murder accused murder 25 year old girl cut into 30 pieces keep in fridge Assam news - Assam Tv9

নৃশংস! ২৫ বছৰীয়া যুৱতীৰ শৰীৰৰ ৩০ টুকুৰা কৰি ভৰাই থ’লে ফ্ৰীজত

Published: 

22 Sep 2024 12:21 PM

দিল্লীৰ শ্ৰদ্ধা ৱাকাৰ দৰে বেংগালুৰুত এগৰাকী যুৱতীক নিৰ্মমভাৱে হত্যা কৰা হৈছে। হত্যাকাণ্ডটো সংঘটিত কৰাৰ পাছত অচিনাক্ত অভিযুক্তজনে তেওঁৰ শৰীৰটো ৩০তকৈও অধিক টুকুৰা কৰি ফ্ৰিজত হৈ পলাই যায়। অভিযুক্তজনক ধৰিবলৈ অভিযান আৰম্ভ কৰিছে আৰক্ষীয়ে।

নৃশংস! ২৫ বছৰীয়া যুৱতীৰ শৰীৰৰ ৩০ টুকুৰা কৰি ভৰাই থলে ফ্ৰীজত

অপৰাধ

Follow Us On

দিল্লীৰ ছত্ৰপুৰ অঞ্চলৰ শ্ৰদ্ধা ৱাকাৰৰ দৰে বেংগালুৰুৰ এটাৰ নিৰ্মম হত্যাকাণ্ডৰ ঘটনা পোহৰলৈ আহিছে। শ্ৰদ্ধাৰ নিথৰ দেহ ৩৫ টুকুৰা কৰাৰ বিপৰীতে বেংগালুৰুৰ মালেশ্বৰমৰ এটা ফ্লেটৰ ফ্ৰীজত উদ্ধাৰ হ’ল ৩০ ভাগত ভাগ কৰা এগৰাকী ২৫ বছৰীয়া তৰুণীৰ প্ৰাণহীন শৰীৰৰ অংশ। কেৱল এয়াই নহয় হত্যাকাৰীজনে যুৱতীগৰাকী শৰীৰৰ টুকুৰাবোৰ ঘৰৰ ভিতৰৰ ফ্ৰীজত থৈ ঘটনাস্থলীৰ পৰা পলাই গৈছিল। আৰক্ষীয়ে বৰ্তমান ঘটনাটোৰ পৰ্যালোচনা কৰি আছে। যুৱতীগৰাকীক প্ৰায় ১০-১৫ দিন আগতে হত্যা কৰা হৈছিল।

তথ্য অনুসৰি, কৰ্ণাটকৰ ৰাজধানী বেংগালুৰুৰ ভায়ালিকৱাল আৰক্ষী থানা অঞ্চলৰ পাইপলাইন ৰোডৰ বীৰান্না ভৱনৰ ওচৰত এই ঘটনা সংঘটিত হৈছে। মহালক্ষ্মী নামৰ এগৰাকী ২৫ বছৰীয়া যুৱতীয়ে অঞ্চলটোৰ এটা তিনিমহলীয়া অট্টালিকাত বাস কৰিছিল। মহালক্ষ্মী আন কোনো ঠাইৰ বাসিন্দা আছিল কিন্তু তাত দীৰ্ঘদিন ধৰি বাস কৰি আছিল। কেইবাদিনো ধৰি দুৰ্গন্ধত থাকিব নোৱৰা হৈছিল বেংগালুৰুৰ মালেশ্বৰমৰ পাইপলাইন ৰোডত থকা বীৰান্না ভৱনৰ বহু আৱাসীয়ে। সেই ভৱনৰে এটা এপাৰ্টেমেণ্টৰ পৰা দুৰ্গন্ধ বিয়পি পৰা বুলি নিশ্চিত হৈছিল সকলো। এপাৰ্টমেণ্টটোৰ দুৱাৰত ওলমি আছিল এটা তলা। মোবাইলৰ চুইটচ্ অফ হৈ আছিল ২৫ বছৰীয়া তৰুণী আৱাসীগৰাকীৰ। যেতিয়া চুবুৰীয়াত বাস কৰা লোকসকলে ফ্লেটৰ পৰা ওলোৱা দুৰ্গন্ধৰ বিষয়ে আৰক্ষীৰ ওচৰত অভিযোগ কৰিছিল তেতিয়া এই নিৰ্মম হত্যাকাণ্ডটো পোহৰলৈ আহিছিল। যুৱতীগৰাকীৰ মৃতদেহ কেইবাটাও টুকুৰা ঘৰৰ ভিতৰৰ পৰা উদ্ধাৰ কৰা হৈছে।

আৰক্ষীয়ে লগে লগে তদন্তকাৰী দলক ঘটনাস্থলীলৈ মাতিছিল আৰু সকলো সম্ভৱ প্ৰমাণ সংগ্ৰহ কৰিছিল। আৰক্ষীয়ে সন্দেহ কৰিছে যে মহালক্ষ্মীক প্ৰায় ১০-১৫ দিন আগতে হত্যা কৰা হৈছিল।
আৰক্ষীয়ে লগতে সন্দেহ কৰিছে যে হত্যাকাৰীজনে মহালক্ষ্মীক হত্যা কৰাৰ পাছত তেওঁৰ শৰীৰটোৰ কেইবা টুকুৰা কৰি ফ্ৰীজত ৰাখিছিল যাতে হত্যাকাৰীজনে পলাবলৈ সময় পায়। আৰক্ষীয়ে বৰ্তমান হত্যাকাৰীৰ সন্ধান আৰম্ভ কৰিছে। আৰক্ষীয়ে এই হত্যাকাণ্ডৰ ঘটনাটোত অঞ্চলটোৰ চিচিটিভি ফুটেজৰ অনুসন্ধানত নিয়োজিত হৈ আছে।

দিল্লীৰ ছত্ৰপুৰত সংঘটিত একেধৰণৰ ঘটনাত ২৭ বছৰীয়া শ্ৰদ্ধা ৱাকাৰক আফতাব আমিন পুনাৱালা নামৰ এজন ব্যক্তিয়ে হত্যা কৰিছিল। যিজনে তেওঁৰ সৈতে বাস কৰিছিল। ২০২২ চনৰ ১৮ মে’ত এই হত্যাকাণ্ড পোহৰলৈ অহাৰ পাছত, সমগ্ৰ দিল্লীতে এই খবৰ বিয়পি পৰে। অভিযুক্তজনে শ্ৰদ্ধাৰ শৰীৰটো কেইবাটুকুৰাকৈ কাটিছিল আৰু তাৰে ৩৫টা টুকুৰা মেহৰৌলিৰ জংঘলত পেলাই দিছিল।
যেতিয়া আৰক্ষীয়ে ঘৰটো তন্নতন্ন কৈ বিচাৰিছিল আৰু ফ্ৰীজৰ ভিতৰতো মৃতদেহৰ কেইবাটাও টুকুৰা উদ্ধাৰ কৰিছিল। আৰক্ষীয়ে শৰীৰৰ টুকুৰাবোৰ কুকাৰত ৰন্ধাৰ প্ৰমাণো পাইছিল। কেৱল দিল্লীয়েই নহয় এই হত্যাকাণ্ডই সমগ্ৰ দেশ জোকাৰি গৈছিল।

আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
অনেক গুণসম্পন্ন তিতা কেৰেলাত কি ভিটামিন অধিক থাকে, জানেনে?
মানসিক আৰু শাৰীৰিক স্বাস্থ্য উন্নত হ'ব, জানক কিয় পুৱা সোনকালে শুই উঠিব লাগে...
পিঁয়াজৰ বাকলিৰ আছে বহু উপকাৰী গুণ, সবিশেষ জানক
Exit mobile version