আজি ভাৰত বন্ধ ! কি কি খোলা থাকিব আৰু কি কি বন্ধ থাকিব ? জানি লওক…

শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ে অনুসূচিত জাতি আৰু জনজাতি সংৰক্ষণৰ সন্দৰ্ভত দিয়া এক ৰায়ক লৈ আজি অৰ্থাৎ ২১ আগষ্টত ভাৰত বন্ধ ঘোষণা কৰা হৈছে। সংৰক্ষণ বচাও সংগ্ৰাম সমিতিৰ লগতে বহু দলিত আৰু জনজাতীয় সংগঠনে এই বন্ধ ঘোষণা কৰিছে ।

আজি ভাৰত বন্ধ ! কি কি খোলা থাকিব আৰু কি কি বন্ধ থাকিব ? জানি লওক...

ভাৰত বন্ধ

Updated On: 

21 Aug 2024 07:08 AM

আজি ভাৰত বন্ধ ! শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ে অনুসূচিত জাতি আৰু জনজাতি সংৰক্ষণৰ সন্দৰ্ভত দিয়া এক ৰায়ক লৈ আজি অৰ্থাৎ ২১ আগষ্টত ভাৰত বন্ধ ঘোষণা কৰা হৈছে। সংৰক্ষণ বচাও সংগ্ৰাম সমিতিৰ লগতে বহু দলিত আৰু জনজাতীয় সংগঠনে এই বন্ধ ঘোষণা কৰিছে । এই ভাৰত বন্ধই আন কেইবাটাও সংগঠনৰ লগতে বহু ৰাজনৈতিক দলৰ সমৰ্থন লাভ কৰিছে। বিশেষকৈ এই ভাৰত বন্ধ কাৰ্যসূচীয়ে ৰাজস্থানৰ অনুসূচিত জাতি-জনজাতিৰ পৰা যথেষ্ট সমৰ্থন লাভ কৰিছে । সংগঠনটোৱে আহ্বান জনোৱা এই ভাৰত বন্ধৰ উদ্দেশ্য হৈছে-আদালতৰ সিদ্ধান্তৰ প্ৰতিবাদ জনোৱা আৰু ইয়াক উঠাই লোৱা বাবে হেঁচা প্ৰয়োগ কৰা।

১ আগষ্টত উচ্চতম ন্যায়ালয়ে ৰায় দিছিল য়ে,ৰাজ্যসমূহে অনুসূচিত জাতি (SC) আৰু অনুসূচিত জনজাতি (ST)ৰ ভিতৰত উপ-শ্ৰেণী সৃষ্টি কৰি অতি প্ৰয়োজনীয়সকলৰ বাবে সংৰক্ষণক অগ্ৰাধিকাৰ দিব পাৰে। উচ্চতম ন্যায়ালয়ৰ এই ৰায়ে অনুসূচিত জাতি আৰু জনজাতিৰ গোটসমূহৰ মাজত উদ্বেগ সৃষ্টি কৰে ।

ৰায়ৰ সময়ত আদালতে এই কথাও উল্লেখ কৰিছিল যে, এই কাম কৰাটো সংবিধানৰ ৩৪১ অনুচ্ছেদৰ বিৰোধী নহয়। অৱশ্যে আদালতে এই সিদ্ধান্ত স্বেচ্ছাচাৰীভাৱে ল’ব নোৱাৰে বুলি নিৰ্দেশ দিয়ে। ইয়াতো কিছুমান চৰ্ত প্ৰযোজ্য হ’ব। আদালতৰ এই ৰায়ৰ পাছতে অনুসূচিত জাতি আৰু জনজাতি সংগঠনসমূহে আজি ভাৰত বন্ধ ঘোষণা কৰিছে।

ভাৰত বন্ধৰ কি প্ৰভাৱ পৰিব?

বৰ্তমানলৈকে কোনো ৰাজ্য চৰকাৰে ভাৰত বন্ধ সন্দৰ্ভত কোনো আনুষ্ঠানিক নিৰ্দেশনা জাৰি কৰা নাই। অৱশ্যে ইয়াৰ পিছতো আৰক্ষী প্ৰশাসনক সষ্টম কৰি ৰখা হৈছে। প্ৰতিবাদৰ সময়ত শীৰ্ষ বিষয়াসকলে অপ্ৰিয় ঘটনা সংঘটিত যাতে সংঘটিত নহয় আৰু জনসাধাৰণৰ সুৰক্ষাৰ বাবে প্ৰয়োজনীয় সকলো পদক্ষেপ গ্ৰহণ কৰিছে। ভাৰত বন্ধৰ সময়ত পৰিবহণ সেৱা প্ৰভাৱিত হ’ব পাৰে। কোনো কোনো ঠাইত ব্যক্তিগত কাৰ্যালয়ো বন্ধ থাকিব পাৰে।

এই সেৱাসমূহ অব্যাহত থাকিব

২১ আগষ্টত ভাৰত বন্ধৰ সময়ত চিকিৎসালয় আৰু এম্বুলেন্সৰ দৰে জৰুৰীকালীন সেৱা কাৰ্যক্ষম হৈ থাকিব। বেংক আৰু চৰকাৰী কাৰ্যালয় বন্ধ ৰখাৰ ক্ষেত্ৰত এতিয়াও চৰকাৰে কোনো নিৰ্দেশ জাৰি কৰা নাই। এনে পৰিস্থিতিত আজি বুধবাৰে বেংক আৰু চৰকাৰী কাৰ্যালয় খোলা থকাৰ সম্ভাৱনা আছে ।

কোনে কোনে ভাৰত বন্ধক সমৰ্থন কৰিছে?

দেশৰ অনুসূচিত জাতি আৰু জনজাতিৰ বহু সংগঠনে ২১ আগষ্ট অৰ্থাৎ আজি ভাৰত বন্ধ ঘোষণা কৰিছে। প্ৰকাশিত খবৰ অনুসৰি, আজি এই ভাৰত বন্ধই বহুজন সমাজবাদী পাৰ্টিৰ চুপ্ৰেমো মায়াৱতী, সমাজবাদী পাৰ্টিৰ অখিলেশ যাদৱকে ধৰি বহু ৰাজনৈতিক দলৰ পৰা সমৰ্থন লাভ কৰিছে। ইয়াৰ সমান্তৰালকৈ কংগ্ৰেছকে ধৰি একাংশ দলৰ ডাঙৰ ডাঙৰ নেতাইও এই বন্ধক সমৰ্থন কৰিছে।

দেশৰ একমাত্ৰ নদী, য'ৰ পৰা মানুহে উপাৰ্জন কৰে কোটি টকা! জানক কেনেকৈ...
কিয় ছাণ্টাক্লজে কেৱল ৰঙা কাপোৰ পৰিধান কৰে জানেনে, আছে এটা বিশেষ কাৰণ...
পৃথিৱীৰ এই গাঁওখনত ১৮ ফেব্ৰুৱাৰীত পালন কৰা হয় বৰদিন...কিন্তু কিয় ?
খ্ৰীষ্টমাছত সৰ্বাধিক বিক্ৰী হয় এইবিধ কেক! GST কিমান জানেনে?