5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

বিহাৰত প্ৰথমবাৰৰ বাবে নিৰ্মাণ হ’ব ৪টা এক্সপ্ৰেছৱে’, প্ৰত্যক্ষভাৱে লাভান্বিত হ’ব ২১খন জিলাৰ লোক

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত একেৰাহে তৃতীয়বাৰৰ বাবে কেন্দ্ৰত গঠন কৰা NDA চৰকাৰে বিহাৰক এক ডাঙৰ উপহাৰ দিছে। কেন্দ্ৰই কেৱল দুটা নতুন এক্সপ্ৰেছৱে' অনুমোদন কৰাই নহয় ইয়াৰ বাবে ২৬,০০০ কোটি টকাও মঞ্জুৰ কৰিছে। একেদৰে ভাৰতমালা প্ৰকল্পৰ দুটা এক্সপ্ৰেছৱে' দ্ৰুত নিৰ্মাৰ কৰাৰ চেষ্টা চলোৱা হৈছে।

বিহাৰত প্ৰথমবাৰৰ বাবে নিৰ্মাণ হ’ব ৪টা এক্সপ্ৰেছৱে’, প্ৰত্যক্ষভাৱে  লাভান্বিত হ’ব ২১খন জিলাৰ লোক
বিহাৰত প্ৰথমবাৰৰ বাবে নিৰ্মাণ হ’ব ৪টা এক্সপ্ৰেছৱে’
trishna-kalita
Trishna Kalita | Updated On: 23 Jul 2024 13:35 PM

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে তৃতীয়টো কাৰ্যকালৰ প্ৰথমখন বাজেটতে বিহাৰক বহুতো ডাঙৰ উপহাৰ দিছে। ইয়াৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ হৈছে ৰাজ্যখনৰ দুটা নতুন এক্সপ্ৰেছৱে’। পাটনা-পূৰ্ণিয়া ৩০০ কিলোমিটাৰ আৰু গয়া-বাক্সাৰ-ভাগলপুৰত ১০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৩৮৬ কিলোমিটাৰ পথৰ কাম চলিত বিত্তীয় বৰ্ষৰ ভিতৰত আৰম্ভ হ’ব। এই প্ৰকল্পটোত প্ৰায় ২৬,০০০ কোটি টকা ব্যয় কৰা হ’ব। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে তেওঁৰ বাজেট ভাষণত এই তথ্য প্ৰদান কৰিছে। বাজেটৰ এই ঘোষণাৰ সৈতে ৰাজ্যখনত প্ৰথমবাৰৰ বাবে এক্সপ্ৰেছ নিৰ্মাণৰ পথ মুকলি কৰা হৈছে।

ইয়াৰ সৈতে এইটোও স্পষ্ট হৈ পৰিছে যে ৰাজ্য চৰকাৰৰ দ্বাৰা প্ৰস্তাৱিত এক্সপ্ৰেছৰ আগতে দুয়োটা এক্সপ্ৰেছ নিৰ্মাণ কৰা হ’ব। পাটনা-পূৰ্ণিয়া এক্সপ্ৰেছৱে’ই পাটনা, বৈশালী, বেগুচৰাই, নালন্দা, লক্ষীচাৰাই, মুংগেৰ, খাগৰীয়া, মাধেপুৰা আৰু পূৰ্ণিয়াৰ লোকসকলক উপকৃত কৰিব। বক্সাৰ, গয়া আৰু ভাগলপুৰ সংযোগী এক্সপ্ৰেছৱে’ই বক্সাৰ, ভোজপুৰ, ৰোহতাছ, আৰৱাল, ঔৰংগাবাদ, গয়া, জেহানাবাদ, নৱাদা, জামুই, শ্বেখপুৰা, বাংকা আৰু ভাগলপুৰৰ লোকসকলক উপকৃত কৰিব।

 

 

বিহাৰৰ ওপৰত কেন্দ্ৰৰ গুৰুত্ব

বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ নেতৃত্বত জেডিইউৰ সমৰ্থনত গঠিত মোদী চৰকাৰে এইবাৰৰ শপত গ্ৰহণত বিহাৰৰ মন্ত্ৰী হিচাপে লালন সিং, জিতন ৰাম মাঁঝি, চিৰাগ পাছৱান, গিৰিৰাজ সিং, নিত্যানন্দ ৰায়কে ধৰি ৮জন সাংসদক মন্ত্ৰিত্ব প্ৰদান কৰিছিল। এইটোৱে স্পষ্ট কৰি দিছিল যে এইবাৰ বিহাৰৰ ওপৰত কেন্দ্ৰই গুৰুত্ব আৰোপ কৰিব। । একে সময়তে প্ৰথম বাজেটত কেন্দ্ৰই বিহাৰক বিশেষ উপহাৰ প্ৰদান কৰিছে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে তেওঁৰ বাজেট ভাষণ পঢ়ি কৈছিল যে গোৰখপুৰৰ পৰা কিষাণগঞ্জ হৈ শিলিগুৰিলৈ ৫২১ কিলোমিটাৰ আৰু ৭১৯ কিলোমিটাৰ ৰক্সৌল-হলদিয়া এক্সপ্ৰেছৱে’ৰ কাম ইতিমধ্যে চলি আছে।

ভাৰতমালা প্ৰকল্পৰ দুটা এক্সপ্ৰেছৱে’

তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰৰ ভাৰতমালা প্ৰকল্পত অন্তৰ্ভুক্ত এই দুটা এক্সপ্ৰেছৱে’ৰ প্ৰকল্প বহু আগতে প্ৰস্তুত কৰা হৈছিল। কিন্তু কিবা কাৰণত কামটো আৰম্ভ কৰিব পৰা নগ’ল। বিত্তমন্ত্ৰীৰ মতে, এই দুটা প্ৰকল্প দুটাৰ ক্ষেত্ৰত তলত পৰি থকা ফাইলটো উলিয়াবলৈ পথ পৰিবহণ বিভাগৰ পৰা ডিপিআৰক মাতি পঠোৱা হৈছে। চলিত বিত্তীয় বৰ্ষত এই দুটা এক্সপ্ৰেছৱে’ৰ ১০০-১০০ কিলোমিটাৰ অংশত কাম আৰম্ভ কৰাৰ প্ৰচেষ্টা কৰা হৈছে। বিত্তমন্ত্ৰীৰ মতে, কেন্দ্ৰীয় চৰকাৰে লক্ষ্য ২০৪৭ৰ অধীনত কাম কৰি আছে। ইয়াৰ বাবে, অতি সোনকালে পথ নিৰ্মাণ কাৰ্য আৰম্ভ কৰা আৰু ইয়াক সময়সীমাৰ ভিতৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।

এক্সপ্ৰেছৱে’ৰ দ্বাৰা এই জিলাসমূহ  সংযোগ কৰা হ’ব

বিত্তমন্ত্ৰীৰ মতে, ভাৰতমালা প্ৰকল্পৰ অধীনত নিৰ্মাণ হ’বলগীয়া গোৰখপুৰ-শিলিগুৰি এক্সপ্ৰেছৱে’ উত্তৰ প্ৰদেশৰ গোৰখপুৰৰ পৰা আৰম্ভ হ’ব আৰু পূব চম্পাৰণ, শ্বেওহাৰ, সীতামাঢ়ী, মুজাফ্ফৰপুৰ, বেগুচৰাই, লখিচাৰাই, জামুই আৰু বাংকা আদি জিলাৰ মাজেৰে পাৰ হ’ব আৰু পশ্চিম বংগৰ শিলিগুৰিত সমাপ্ত হ’ব। ডাঙৰ কথাটো হ’ল যে এই এক্সপ্ৰেছৱে’ই গোৰখপুৰ-পানীপথ এক্সপ্ৰেছৱে’ক সংযোগ কৰিব। ই কেৱল পশ্চিমবংগৰ পৰা বিহাৰেই নহয়, উত্তৰ প্ৰদেশ আৰু হাৰিয়ানাৰ মাজত পোনপটীয়া সংযোগ স্থাপন কৰিব।

Latest News