5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

পুনৰ সলনি হ’ব নেকি নীতিশ কুমাৰৰ পক্ষ! লালু-তেজস্বীৰ সৈতে সাক্ষাতৰ ভিডিঅ’ ভাইৰেলৰ পিছতে প্ৰতিক্ৰিয়া

সামাজিক মাধ্যমত বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ আৰু ৰাষ্ট্ৰীয় জনতা দলৰ মুৰব্বী লালু প্ৰসাদ যাদৱ, লালু যাদৱৰ পুত্ৰ তেজস্বী যাদৱৰ এটা ভিডিঅ’ ব্যাপক ৰূপত ভাইৰেল হৈ আছে। এই ভিডিঅ'টোত মুখ্যমন্ত্ৰী নীতিশ কুমাৰে হাস্যবদনে আৰজেডিৰ মুৰব্বী লালু যাদৱক সাক্ষাৎ কৰা দেখিবলৈ পোৱা গৈছে। ভাইৰেল ভিডিঅ’টোক কেন্দ্ৰ কৰি পুনৰ নীতিশ কুমাৰৰ স্থিতি সন্দৰ্ভত সৰস আলোচনা চলিছে।

পুনৰ সলনি হ’ব নেকি নীতিশ কুমাৰৰ পক্ষ! লালু-তেজস্বীৰ সৈতে সাক্ষাতৰ ভিডিঅ’ ভাইৰেলৰ পিছতে প্ৰতিক্ৰিয়া
পুনৰ চৰ্চাত নীতিশ কুমাৰ
monjit-dutta
Monjit Dutta | Published: 06 Sep 2024 14:47 PM

দেশৰ ৰাজনীতিত আকস্মিক স্থিতি সলনিৰ বাবে সদায়ে চৰ্চিত হৈ আহিছে নীতিশ কুমাৰ। লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ বিপক্ষে ঐক্যমঞ্চ গঠনৰ প্ৰধান হোতা হিচাপে ভূমিকা লোৱা নীতিশ কুমাৰে নিৰ্বাচনৰ ঠিক আগে আগে বিজেপি নেতৃত্বাধীন এন ডি এত যোগ দি সকলোকে একপ্ৰকাৰে আচৰিত কৰি তুলিছিল। কিন্তু নিৰ্বাচনৰ ফলাফল ঘোষণাৰ সময়ত তেওঁ পুনৰ বিৰোধী পক্ষত যোগ দিয়াক লৈয়ো ব্যাপক আলোচনা হৈছিল। অৱশ্যে এনে চৰ্চাৰ অৱসান ঘটাই বিজেপিৰ পক্ষতে ৰৈছিল বয়োজ্যেষ্ঠ ৰাজনৈতিক নেতাগৰাকী।

কিন্তু যিকোনো সময়তে নীতিশ কুমাৰে নিজৰ স্থিতি সলনি কৰিব পাৰে বুলি সেই সময়ত বিৰোধীৰ কেইগৰাকীমান নেতাই দাবী কৰিছিল। নীতিশ কুমাৰৰ এইদৰে যিকোনো মুহূৰ্ততে আকস্মিকভাৱে ৰাজনৈতিক স্থিতি সলনিৰ বিষয়ক কেন্দ্ৰ কৰি সময়ে সময়ে সৃষ্টি হোৱা এনে ৰাজনৈতিক বিতৰ্কত শেহতীয়াকৈ পুনৰ ইন্ধন যোগাইছিল এক ভাইৰেল ভিডিঅ’ই।

শেহতীয়াকৈ সামাজিক মাধ্যমত বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ আৰু ৰাষ্ট্ৰীয় জনতা দলৰ মুৰব্বী লালু প্ৰসাদ যাদৱ, লালু যাদৱৰ পুত্ৰ তেজস্বী যাদৱৰ এটা ভিডিঅ’ ব্যাপক ৰূপত ভাইৰেল হৈ আছে। এই ভিডিঅ’টোত মুখ্যমন্ত্ৰী নীতিশ কুমাৰে হাস্যবদনে আৰজেডিৰ মুৰব্বী লালু যাদৱক সাক্ষাৎ কৰা দেখিবলৈ পোৱা গৈছে। ভাইৰেল ভিডিঅ’টোক কেন্দ্ৰ কৰি পুনৰ নীতিশ কুমাৰৰ স্থিতি সন্দৰ্ভত সৰস আলোচনা চলিছে।

এই ভিডিঅ’টো পোহৰলৈ অহাৰ পিছতে বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ তথা কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জে পি নড্ডাৰ সন্মুখত এক গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে নীতিশ কুমাৰে। সম্প্ৰতি বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জে পি নড্ডা বিহাৰ ভ্ৰমণত আছে। তাৰ মাজতে নীতিশ কুমাৰ আৰু লালু যাদৱৰ ভিডিঅ’ পোহৰলৈ অহাৰ লগে লগে বিহাৰৰ ৰাজনীতিত পুনৰ এবাৰ পৰিৱৰ্তন হোৱাৰ সম্ভাৱনাক লৈ জল্পনা-কল্পনা আৰম্ভ হৈছে।

অৱশ্যে সামাজিক মাধ্যমত ভাইৰেল এই ভিডিঅ’টো দুবছৰ পুৰণি। সেই সময়ত বিহাৰত আৰজেডিৰ সহযোগত চৰকাৰ চলাই আছিল নীতিশ কুমাৰে। লালু যাদৱক সাক্ষাৎ কৰিবলৈ নীতিশ কুমাৰ লালু যাদৱৰ বাসগৃহত উপস্থিত হৈছিল আৰু সেই ভিডিঅ’টোৱেই এতিয়া ভাইৰেল হৈ পৰিছে। জে পি নড্ডাৰ বিহাৰ ভ্ৰমণৰ সময়তে ভিডিঅ’টো ভাইৰেল হৈ পৰাৰ পিছত লালু যাদৱক আক্ৰমণ কৰিছে নীতিশ কুমাৰে।

সমান্তৰালকৈ বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জে পি নড্ডাৰ সন্মুখত নীতিশ কুমাৰে তেওঁ আৰু কেতিয়াও পক্ষ সলনি নকৰে বুলি প্ৰতিশ্ৰুতি দিয়ে। ভুলতে দুবাৰ তেওঁ আৰজেডিৰ পক্ষলৈ গৈছিল যদিও এতিয়া পুনৰ এনে ভুল নকৰে বুলি নীতিশ কুমাৰে নড্ডাৰ সমুখত অঙ্গীকাৰ কৰিছে। অৱশ্যে ইতিপূৰ্বেও নিৰ্বাচনৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সমুখত বহুবাৰ এইদৰে কথা দিছিল নীতিশ কুমাৰে।

উল্লেখ্য যে আজি পাটনাৰ ইন্দিৰা গান্ধী চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানত ১৮৮ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা চকুৰ প্ৰতিষ্ঠানটো উদ্বোধন কৰে স্বাস্থ্যমন্ত্ৰী জে পি নড্ডাই। বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষগৰাকীক এই অনুষ্ঠানত সংগ দিয়ে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে।

Latest News