সঞ্জিৱণী নীতিশ কুমাৰ! মন সলনি কৰা নেতাৰ ওপৰত নিৰ্ভৰ পৰৱৰ্তী চৰকাৰ!

কেন্দ্ৰত অধিষ্ঠিত হ'বলৈ এনডিএ আৰু ইণ্ডিয়াই সকলো অসম্ভৱে সম্ভৱ কৰাৰ চেষ্টা কৰিব। আৰু ইয়াৰে সকলো আশা আছে নীতিশৰ ওপৰত। মন বুজা সহজ নহয় নীতিশ কুমাৰৰ । সেয়ে কাৰ ৰাজনৈতিক জীৱন ৰক্ষা কৰে নীতিশ কুমাৰে সেয়া হয়তো কিছু সময় পাছতেই স্পষ্ট হৈ পৰিব।

সঞ্জিৱণী নীতিশ কুমাৰ! মন সলনি কৰা নেতাৰ ওপৰত নিৰ্ভৰ পৰৱৰ্তী চৰকাৰ!

নীতিশ, ৰাহুল, মোদী

Updated On: 

05 Jun 2024 09:42 AM

এইবাৰ কোনো দলকে একক সংখ্যাগৰিষ্ঠতা নিদিলে জনতাই। এন ডি এ এক সংখ্যা গৰিষ্ঠতা লাভ কৰিলেও বিজেপিয়ে নিজৰ বলত চৰকাৰ গঠন কৰিব নোৱাৰিব।  এনে সময়তে বিজেপি নেতৃত্বাধীন এন ডি এ আৰু কংগ্ৰেছ নেতৃত্বাধীন ইণ্ডিয়াৰ বাবে সঞ্জিৱনী হৈ পৰিছে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ। দুই মিত্ৰজোঁটৰ বাবে এতিয়া আশা-ভৰষাৰ থলী হৈ পৰিছে বিহাৰৰ নীতিশ কুমাৰ।  ক্ষমতাৰ লোভৰ বাবে মিত্ৰতা সলনি কৰাৰ ক্ষেত্ৰত নীতিশ কুমাৰৰ আছে বিশেষ নাম। গতিকে কাৰ নাও ডুবাব নীতিশ কুমাৰে সেয়া কেৱল তেওঁৰ হাতত।

২০২৪ চনৰ লোকসভা নিৰ্বাচনত আঞ্চলিক দলসমূহৰ যেন মনৰ ইচ্ছা পূৰণ হৈছে। ১০ বছৰৰ পাছত কোনো এটা দলে লাভ নকৰিলে একক সংখ্যাগৰিষ্ঠতা।  এতিয়া কেন্দ্রত মিত্রজোঁটৰ চৰকাৰ গঠন হ’ব, য’ত এই দলসমূহে দৰ-দাম কৰাৰ সুযোগ পাব ৷ নৰেন্দ্ৰ মোদীৰ শেষৰ দুখন চৰকাৰত আঞ্চলিক দলসমূহক চৰকাৰত অন্তৰ্ভুক্ত কৰা হৈছিল যদিও বিজেপিয়ে তেওঁলোকক নিজৰ পছন্দৰ মন্ত্ৰালয় দিছিল। এই নিৰ্বাচনত বিজেপিয়ে প্ৰায় ২৪০খন আসন কৰিছে। আৰু চৰকাৰ গঠন কৰাৰ বাবে মেজিক নম্বৰ ২৭২।

এনে সময়ত বিহাৰৰ জেডিইউ বিজেপিৰ বাবে সঞ্জিৱণী হৈ পৰিছে । নীতিশ কুমাৰৰ সন্মুখত ম্লান হৈ পৰিছে লালু প্ৰসাদ-তেজস্বীৰ দৰে নেতা। বিহাৰত আছে মুঠ ৪০খন লোকসভাৰ আসন। এইবাৰ বিজেপি আৰু নীতিশ কুমাৰৰ জেডিইউৰ মিত্ৰতাৰে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল। এন ডি এৰ অধীনত বিহাৰৰ ৪০খন আসনৰ ভিতৰত ১৭খন আসনত বিজেপিয়ে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ বিপৰীতে জেডিইউয়ে ১৬খন আসনত প্ৰাৰ্থী প্ৰক্ষেপ কৰিছিল। ইয়াৰ বাহিৰেও চিৰাগ পাছৱানৰ দলে ৫ খন আসনত ভাগ্য পৰীক্ষা কৰাৰ বিপৰীতে হিন্দুস্তানী আৱাম মৰ্চাই ১  আসনত প্ৰতিদ্বন্দ্বিতা কৰিছিল।

ইয়াৰে জেডিইউয়ে ১৬খন আসনৰ ভিতৰত ১২খনত জয়ী হৈছে আৰু বিজেপিয়ে ১৭খন আসনৰ ভিতৰত বিজেপিয়ে মাত্ৰ ১২খন আসনহে লাভ কৰিছে। দেশজুৰি বিজেপিয়ে ২৪০ খন আসন লাভ কৰিছে। ই সংখ্যাগৰিষ্ঠতাৰ পৰা ৩২ আসন দূৰত। এনে পৰিস্থিতিত চৰকাৰ গঠনৰ বাবে বিজেপিয়ে মিত্ৰশক্তিৰ ওপৰত নিৰ্ভৰ কৰিব লাগিব, বিশেষকৈ নীতিশ কুমাৰৰ জেডিইউ আৰু চন্দ্ৰবাবু নাইডুৰ টিডিপিৰ দৰে দলৰ ভূমিকা গুৰুত্বপূৰ্ণ হৈ পৰিছে বৰ্তমান সময়ত। ১২ জন সাংসদ জয়ী হোৱা নীতিশ কুমাৰক ৰাজনৈতিক কেন্দ্ৰলৈ অনা হৈছে কাৰণ তেওঁৰ অবিহনে বিজেপিৰ বাবে চৰকাৰ গঠন কৰাটো সহজ নহয়।

 

ইণ্ডিয়া মিত্ৰজোঁটেও কৰিব চেষ্টা 

কেন্দ্ৰত চৰকাৰ গঠনৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিবলৈ ওলাইছে নীতিশ কুমাৰে। এনে পৰিস্থিতিত নীতিশে যদি পক্ষ সলনি কৰে তেন্তে বিৰোধী মিত্ৰজোঁটে কেন্দ্ৰত চৰকাৰ গঠনৰ সুযোগ পাব পাৰে বুলিও জল্পনা-কল্পনা আৰম্ভ হৈছে। ইয়াৰ কাৰণ হ’ল বিৰোধী দল ইণ্ডিয়া মিত্ৰজোঁটে ২৩২খন আসন লাভ কৰিছে ।  চৰকাৰ গঠন কৰিবলৈ ইণ্ডিয়া মিত্ৰজোঁটেও সকলো প্ৰকাৰৰ চেষ্টা কৰিব। এই সন্দৰ্ভত  আজি এক বৈঠকত মিলিত হৈ মিত্ৰজোঁটে ৰণনীতিৰ আলোচনা কৰিব।  এনে পৰিস্থিতিত বুধবাৰৰ ইণ্ডিয়া এলায়েন্সৰ বৈঠকত অধিক কৌশলৰ বিষয়ে আলোচনা কৰা হ’ব।

গতিকে এনে ক্ষেত্ৰত ইণ্ডিয়া মিত্ৰজোঁটেও নীতিশক চামিল কৰাৰ চেষ্টা কৰিব। নজৰত আছে চন্দ্ৰবাবু নাইডুৰ নামো।  কিন্তু নীতিশ কুমাৰ কাৰ ওচৰলৈ যাব বা তেওঁৰ স্থিতি কি হয় সেয়া কোনোৱে নাজানে। নীতিশ কুমাৰৰ ৰাজনীতিলৈ চাই তেওঁ কি সিদ্ধান্ত ল’ব সেয়া অনুমান কৰাটো কঠিন। দুটা দশক ধৰি বিহাৰৰ ৰাজনীতিত দপদপাই আছে  নীতিশ কুমাৰ। সুবিধা অনুযায়ী যেতিয়াই মন যায় বিজেপিৰ লগত হাত মিলাই চৰকাৰ গঠন কৰে আৰু যেতিয়াই মন যায় কংগ্ৰেছ-আৰজেডিৰ নাওত উঠে। নীতিশ কুমাৰ ইমানেই শক্তিশালী নেতা যে দল বাৰে বাৰে সলনি কৰিব বুলি জনাৰ পাছতো তেওঁৱেই হৈ পৰে আশা ভৰষাৰ থল।

 

কেতিয়া কাৰ লগ এৰিছিল নীতিশে

১৯৯৮ চনত নীতিশ কুমাৰে বিজেপিৰ সৈতে বন্ধুত্ব গঢ়ি তুলিছিল আৰু এই ধাৰা অব্যাহত আছিল  ২০১৩ চনলৈকে । ২০১৪ চনত যেতিয়া বিজেপিয়ে প্ৰধানমন্ত্ৰীৰ পদৰ বাবে নৰেন্দ্ৰ মোদীৰ নাম আগবঢ়াইছিল তেতিয়া নীতিশ কুমাৰে এন ডি এৰ সৈতে সম্পৰ্ক ছেদ কৰিছিল। বিজেপিৰ পৰা বিচ্ছিন্ন হোৱাৰ পিছত নীতিশ কুমাৰে আৰজেডিৰ মুৰব্বী লালু প্ৰসাদ যাদৱ আৰু কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰি ২০১৫ চনৰ বিধানসভা নিৰ্বাচনত বিহাৰত প্ৰতিদ্বন্দ্বিতা কৰিছিল। বিহাৰ বিধানসভা নিৰ্বাচনত বিজেপিক তচনচ পেলাইছিল নীতিশ-লালু যাদৱ যুটিয়ে। তাৰ চৰকাৰ গঠন হয়,  নীতিশ কুমাৰ মুখ্যমন্ত্ৰী আৰু তেজস্বী যাদৱে উপ মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰে।

২০১৭ চনত পুনৰ মন সলনি হৈছিল নীতিশ কুমাৰৰ। আৰজেডি-কংগ্ৰেছৰ সৈতে মিত্ৰতা ভংগ কৰি বিজেপিৰ সৈতে হাত মিলাই চৰকাৰ গঠন কৰে। ২০২০ৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ লগত লগ হৈ যুঁজিছিল নীতিশে, কিন্তু দুবছৰ বিহাৰত চৰকাৰ চলোৱাৰ পাছত ২০২২ চনত পুনৰ ৰাজনৈতিক অভ্যুত্থান কৰে। নীতিশে পুনৰবাৰ বিজেপিৰ সৈতে বন্ধুত্ব ভংগ কৰি কংগ্ৰেছ-আৰজেডি আৰু বাওঁপন্থী দলৰ সৈতে চৰকাৰ গঠন কৰে।

ৰাজনৈতিক ক্ষেত্ৰ সলনি কৰাৰ পাছত নীতিশ কুমাৰে নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে বিৰোধী দলক একত্ৰিত কৰাৰ কাম হাতত লৈছিল। ইণ্ডিয়া মিত্ৰজোঁটৰ ভেটি স্থাপন কৰিছিল নেতা নীতিশ কুমাৰ। প্ৰথম অৱস্থাত বিৰোধী দলসমূহক একত্ৰিত কৰিবলৈ দেশৰ বিভিন্ন প্ৰান্তত ঘূৰি ফুৰিছিল তেওঁ। ইণ্ডিয়া মিত্ৰজোঁটৰ প্ৰথমখন বৈঠক পাটনাত নীতিশ কুমাৰে আযোজন কৰিছিল যদিও পাছলৈ তেওঁৰ পুনৰ মন সলনি হয়।  ইণ্ডিয়া মিত্ৰজোঁট এৰি এনডিএৰ অংশ হৈ পৰে।

এনে পৰিস্থিতিত বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতা নোপোৱাৰ বাবে নীতিশ কুমাৰৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে। যদি তেওঁ  এন ডি এৰ সৈতে থাকে তেন্তে বিজেপিৰ বাবে ৰাজনৈতিকভাৱে লাভজনক হ’ব, কিন্তু যদি নীতিশে লগ নিদিয়ে তেতিয়া ইণ্ডিয়া মিত্ৰজোঁটৰ বাবে  এয়া হৈ পৰিব ডাঙৰ ৰাজনৈতিক জয়। কেন্দ্ৰত অধিষ্ঠিত হ’বলৈ এনডিএ আৰু ইণ্ডিয়াই সকলো অসম্ভৱে সম্ভৱ কৰাৰ চেষ্টা কৰিব। আৰু ইয়াৰে সকলো আশা আছে নীতিশৰ ওপৰত। মন বুজা সহজ নহয় নীতিশ কুমাৰৰ । সেয়ে কাৰ ৰাজনৈতিক জীৱন ৰক্ষা কৰে নীতিশ কুমাৰে সেয়া হয়তো কিছু সময় পাছতেই স্পষ্ট হৈ পৰিব।

 

পুটিনৰ ৰাছিয়াত ভাৰতৰ ১০০ টকাৰ মূল্য কিমান?
কেৱল প্ৰেমেই নহয়, গোলাপ ফুলে বৃদ্ধি কৰে ধন-সম্পত্তি, কৰক এই প্ৰতিকাৰ
আমেৰিকা যুক্তৰাষ্ট্ৰত ভাৰতীয় ১০০ টকাৰ বিনিময়ত কিমান ধন লাভ কৰিব জানেনে? জানিবলৈ চাওক
আটাইতকৈ কম মূল্যত পোৱা টাটাৰ বাহনখন কি জানেনে? সুৰক্ষাৰ দিশতো আাছে বিশ্বাস