দুৰ্বৃত্তৰ তাণ্ডৱ! এটা কলনীত অগ্নিসংযোগ, জ্বলি উঠিল প্ৰায় ৮০ টাকৈ বাসগৃহ | bihar fire almost 80 house burnt Assam news - Assam Tv9

দুৰ্বৃত্তৰ তাণ্ডৱ! এটা কলনীত অগ্নিসংযোগ, জ্বলি উঠিল প্ৰায় ৮০ টাকৈ বাসগৃহ

Updated On: 

19 Sep 2024 07:17 AM

অগ্নিসংযোগৰ ঘটনা সংঘটিত কৰাৰ পিছত ঘটনাস্থলীৰ পৰা পলায়ন কৰে অভিযুক্তসকলে। এই ঘটনাৰ পাছতেই ঘটনাস্থলীত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। প্ৰায় ৮০ টাকৈ বাসগৃহ অগ্নিকাণ্ডৰ ফলত ক্ষতিগ্ৰস্ত হয়।

দুৰ্বৃত্তৰ তাণ্ডৱ! এটা কলনীত অগ্নিসংযোগ, জ্বলি উঠিল প্ৰায় ৮০ টাকৈ বাসগৃহ

জুই

Follow Us On

বুধবাৰে সন্ধিয়া বিহাৰৰ নৱাড়া জিলাত এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। মুফাছিল আৰক্ষী থানা এলেকাত দলিত কলনী এটা ঘেৰাও কৰি জুই লগাই দিয়ে একাংশই। এই অগ্নিকাণ্ডত গাঁওখনৰ ৮০টা ঘৰ জ্বলি যায়। অগ্নিসংযোগৰ ঘটনা সংঘটিত কৰাৰ পিছত ঘটনাস্থলীৰ পৰা পলায়ন কৰে অভিযুক্তসকলে। এই ঘটনাৰ পাছতেই ঘটনাস্থলীত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। পৰৱৰ্তী সময়ত ৯ খনকৈ অগ্নিনিৰ্বাপক বাহিনী আহি জুই নুমুৱাৰ চেষ্টা কৰে।

ঘটনাৰ বিষয়ে অৱগত হোৱাৰ পাছতেই ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। আৰক্ষীয়ে কয় যে, এই ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত কেনেকৈ হয় সেই সন্দৰ্ভত এতিয়া তদন্ত চলি আছে। সদ্যহতে জুই নিৰ্বাপন কৰা হৈছে। ইয়াৰ বাবে ৯ খনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ বাহন ঘটনাস্থলীত উপস্থিত হৈ জুই নিয়ন্ত্ৰণ কৰে।  এতিয়ালৈকে এই অগ্নিকাণ্ডৰ ফলত কোনোলোক আহত হোৱাৰ খবৰ পোৱা নাই। গাঁৱৰ লোকসকলে প্ৰাণ ৰক্ষাৰ চেষ্টাত নিৰাপদ স্থানত আশ্ৰয় লৈ আছে।

আৰক্ষীয়ে জনোৱা মতে, বুধবাৰে সন্ধিয়া মুফাছিল থানা এলেকাৰ কৃষ্ণ নগৰ গাঁৱত একাংশ দুৰ্বৃত্তই দলিত কলনী ঘেৰাও কৰি জুই লগাই দিয়াৰ তথ্য লাভ কৰে। তথ্য লাভ কৰাৰ লগে লগে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ দেখে যে কলনীৰ প্ৰায় সংখ্যক ঘৰ ইতিমধ্যে জ্বলি গৈছে।  পৰৱৰ্তী সময়ত আৰক্ষীয়ে খবৰ দিছিল অগ্নি নিৰ্বাপক বাহিনীক।

জানিব পৰা মতে কৃষ্ণনগৰ গাঁৱত দুটা পক্ষৰ মাজত ভূমি বিবাদ চলি আছিল। ইয়াকে লৈ কালি দিনৰ ভাগত দুটা ফৈদৰ মাজত কাজিয়া হৈছিল আৰু সন্ধিয়া দুৰ্বৃত্তই এই অগ্নিসংযোগৰ ঘটনা সংঘটিত কৰে।  স্থানীয়লোকসকলে কয় যে, দুৰ্বৃত্তই প্ৰথমে গুলীচালনা কৰিছিল আৰু পৰৱৰ্তী সময়ত জুই লগাই দিছিল। যাৰ ফলত প্ৰায় ৮০ টা ঘৰ ক্ষতিগ্ৰস্ত হৈছে।  গাঁৱবাসীয়ে জনোৱা মতে এই  অগ্নিকাণ্ডৰ ঘটনাত তেওঁলোকৰ সা- সম্পত্তি, কাপোৰ-কানি আদি সকলো জ্বলি যায়। পৰিস্থিতিলৈ লক্ষ্য ৰাখি এই লোকসকলে নিৰাপদ স্থানত আশ্ৰয় লৈছে।

আৰক্ষীয়ে বৰ্তমান গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে। আৰক্ষীয়ে কৈছে যে দোষীয়ে শাস্তি লাভ কৰিব। ঘটনা সন্দৰ্ভত বিজেপিৰ মুখপাত্ৰ অৰবিন্দ সিঙে এক বিবৃতিত কয় যে নৱাদাৰ দলিত কলনীত অগ্নিসংযোগৰ ঘটনাক লৈ ৰাজ্য চৰকাৰ অৱগত। সমগ্ৰ বিষয়টোৰ ওপৰত গুৰুত্বসহকাৰে তদন্ত চলি আছে। এই গোচৰত দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।  এই ক্ষেত্ৰত প্ৰশাসনে সকলো ধৰণৰ প্ৰয়াস কৰিব বুলি তেওঁ কয়।

পাকঘৰৰ হালধিয়ে স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিব পাৰে!
এই জন্তুবোৰে কৰে আত্মহত্যা, তালিকাত কাৰ নাম?
ওজন হ্ৰাসৰ বাবে উপকাৰী সেউজীয়া পাচলিৰ ৰস
ঘৰৰ মূল দুৱাৰত ওলোমাই দিয়ক এই বিধ বস্তু, ধনেৰে উপচি পৰিব...
Exit mobile version