চাঞ্চল্য! চলন্ত অৱস্থাতে দুভাগত বিভক্ত হৈ পৰিল চলন্ত ৰে’ল, কথমপি প্ৰাণৰক্ষা যাত্ৰীৰ | Bihar Sampark Kranti Express train separated on the way to Delhi Assam news - Assam Tv9

চাঞ্চল্য! চলন্ত অৱস্থাতে দুভাগত বিভক্ত হৈ পৰিল চলন্ত ৰে’ল, কথমপি প্ৰাণৰক্ষা যাত্ৰীৰ

বিহাৰৰ পৰা দিল্লী অভিমুখী বিহাৰ সম্পৰ্ক ক্ৰান্তি এক্সপ্ৰেছ ৰে’লৰ যাত্ৰাপথতে সমস্তীপুৰৰ সমীপত দুটা ডবাৰ মাজৰ কপলিং সংযোগ ভাঙি পৰে। ইয়াৰ ফলত অলপ সময়ৰ ভিতৰতে ৰে’লখনৰ দুটা ডবা সম্পূৰ্ণৰূপে পৃথক হৈ পৰে। অৱশ্যে সৌভাগ্যৱশতঃ ৰে’লৰ ডবা পৃথক হৈ পৰাৰ পাছতো ৰে’লখনত থকা কোনো যাত্ৰী আহত বা নিহত হোৱাৰ খবৰ এইপৰ্যন্ত প্ৰকাশ পোৱা নাই।

চাঞ্চল্য! চলন্ত অৱস্থাতে দুভাগত বিভক্ত হৈ পৰিল চলন্ত ৰে’ল, কথমপি প্ৰাণৰক্ষা যাত্ৰীৰ

ঘটনাক কেন্দ্ৰ কৰি অব্যাহত আছে চাঞ্চল্য

Published: 

29 Jul 2024 15:09 PM

আন এক ভয়াৱহ ৰে’ল দুৰ্ঘটনাৰ সাক্ষী হোৱাৰ পৰা কথমপি ৰক্ষা পৰিছে ভাৰতীয় ৰে’ল সেৱা। এক ভয়াৱহ দুৰ্ঘটনাৰ পৰা সৌভাগ্যৱশতঃ ৰক্ষা পৰিছে বিহাৰ সম্পৰ্ক ক্ৰান্তি এক্সপ্ৰেছ ৰে’ল। কোনোমতে প্ৰাণ ৰক্ষা হৈছে ৰে’লখনত থকা বহু যাত্ৰীৰ। এই ঘটনা সংঘটিত হৈছে বিহাৰৰ সমস্তীপুৰত। বিহাৰৰ পৰা দিল্লী অভিমুখী বিহাৰ সম্পৰ্ক ক্ৰান্তি এক্সপ্ৰেছ ৰে’লৰ যাত্ৰাপথতে সমস্তীপুৰৰ সমীপত দুটা ডবাৰ মাজৰ কপলিং সংযোগ ভাঙি পৰে। ইয়াৰ ফলত অলপ সময়ৰ ভিতৰতে ৰে’লখনৰ দুটা ডবা সম্পূৰ্ণৰূপে পৃথক হৈ পৰে। এই ভয়াৱহ পৰিস্থিতিত আতংক্তি হৈ উঠে ৰে’লখনত বহি থকা যাত্ৰীসকল।

এক নিশ্চিত বিপদৰ আশংকাত আতংকিত যাত্ৰীসকলৰ মাজত মুহূৰ্ততে সৃষ্টি হয় হুৱাদুৱা পৰিস্থিতিৰ। অৱশ্যে সৌভাগ্যৱশতঃ ৰে’লৰ ডবা পৃথক হৈ পৰাৰ পাছতো ৰে’লখনত থকা কোনো যাত্ৰী আহত বা নিহত হোৱাৰ খবৰ এইপৰ্যন্ত প্ৰকাশ পোৱা নাই। কিন্তু ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত এতিয়াও অব্যাহত আছে চাঞ্চল্য।

প্ৰকাশিত খবৰ অনুসৰি, আজি বিহাৰৰ দৰভংগাৰ পৰা নতুন দিল্লী অভিমুখে ৰাওনা হৈছিল বিহাৰ সম্পৰ্ক ক্ৰান্তি এক্সপ্ৰেছ। যাত্ৰাপথতে সমস্তীপুৰ, মুজাফ্ফৰপুৰ ৰে’ল খণ্ডৰ খুদিৰাম বসু, পুছা আৰু কাৰ্পুৰী গ্ৰাম ৰে’লৱে ষ্টেচনৰ মাজত দুটা ভাগত বিভক্ত হৈ পৰে ৰে’লখন। এনে অনাকাংক্ষিত ঘটনা সংঘটিত হোৱাৰ লগে লগে যাত্ৰীসকলৰ মাজত আতংকৰ সৃষ্টি হয়।

ইফালে ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে ৰে’ল বিভাগৰ বিষয়াৰ এটা দল ঘটনাস্থলীত উপস্থিত হয়। প্ৰাথমিক তদন্তত ডবাটোক ইঞ্জিনৰ সৈতে সংযোগ কৰা কপলিং সংযোগ ভাঙি যোৱা পৰিলক্ষৈত হৈছে বুলি প্ৰকাশ কৰিছে বিভাগীয় বিষয়াসকলে। এই ঘটনাৰ বাবেই চলন্ত ৰে’লখন দুটা ভাগত বিভক্ত হৈছিল।

অৱশ্যে যাত্ৰীসকলক যিকোনো বিপদৰ পৰা ৰক্ষাৰ উদ্দেশ্যে ৰে’ল বিভাগৰ বিষয়াসকলে তাৎক্ষণিকভাৱে ঘটনাস্থলীত উপস্থিত হৈ ডবাকেইটা সংযোগ কৰে। আধা ঘণ্টাৰ ভিতৰতে ৰে’ল সংযোগৰ কাম সম্পূৰ্ণ হয় আৰু তাৰ পিছতে বিহাৰ সম্পৰ্ক ক্ৰান্তি এক্সপ্ৰেছ পুনৰ নতুন দিল্লী অভিমুখে ৰাওনা হয়।

উল্লেখ্য যে কিছুদিন পূৰ্বেও বিহাৰত অনুৰূপ আন এক কাণ্ড সংঘটিত হৈছিল। ৰাজধানী পাটনাৰ উপকণ্ঠ অঞ্চলত পূৰ্ণিয়া হাতিয়া এক্সপ্ৰেছৰ কপলিং সংযোগ ভাঙি যোৱাৰ ফলত ৰে’লখনৰ দুটা ডবা ইঞ্জিনৰ পৰা পৃথক হৈ পৰিছিল। কিন্তু এই ঘটনাৰ তথ্য লাভ কৰাৰ পাছতে ৰে’ল সুৰক্ষা বাহিনী আৰু চৰকাৰী ৰে’ল আৰক্ষীয়ে লগে লগে সেই স্থানত উপস্থিত হৈ ডবাকেইটা পুনৰ সংযোগ কৰিছিল।

দেশৰ প্ৰথমটো মছজিদ ক'ত আছে? কোন হিন্দু ৰজাই ইয়াক নিৰ্মাণ কৰিছিল
নিম পাত আৰু হালধীৰ আছে অলেখ গুণ, এয়া খালে কি হয় জানেনে ?
কেতিয়া দ্বিতীয় বিবাহ পাতিব অভিষেক বচ্চনে? ক'লে এই কথা.
দীপাৱলীৰ পূজাৰ শুভ সময় কেতিয়া?