এৰিবলৈ সাজু স্বামী, এৰিব নোৱাৰি ইনষ্টা! মহিলাই ধৰিলে জিদ, ঘটনা গৈ পালে থানা
পত্নীৰ অধিক ইনষ্টাগ্ৰাম ব্যৱহাৰ আৰু প্লেটফৰ্মটোত অধিক মাত্ৰাত ফটো পোষ্টৰ বাবে ক্ষোভিত হৈ পৰিছিল এগৰাকী ব্যক্তি। সেয়ে তেওঁ এই কথাত আপত্তি প্ৰকাশ কৰে যদিও পত্নী হৈ পৰে খৰ্গহস্ত। স্বামীৰ এনে আপত্তিৰ প্ৰত্যুত্তৰত মহিলাগৰাকীয়ে স্পষ্ট কৰি দিয়ে, তেওঁ নিজৰ স্বামীক এৰি দিব পাৰে। কিন্তু তেওঁ ইনষ্টাগ্ৰামত ফটো পোষ্ট কৰা বন্ধ নকৰে।

প্ৰতিনিধিত্বমূলক ছবি
সাম্প্ৰতিক সমাজত যথেষ্ট ৰূপত বৃদ্ধি পাইছে সামাজিক মাধ্যমৰ জনপ্ৰিয়তা। যুৱক-যুৱতীসকলৰ পৰা আৰম্ভ কৰি কিছু বয়সীয়া পুৰুষ আৰু মহিলাৰ মাজতো বিভিন্ন সামাজিক প্লেটফৰ্ম যেনে ফেচবুক, ইনষ্টাগ্ৰামৰ ব্যৱহাৰ বৃদ্ধি পাইছে। সামাজিক মাধ্যমৰ অত্যধিক ব্যৱহাৰে যিদৰে বহুসময়ত ব্যক্তিৰ মানসিক স্বাস্থ্যত প্ৰভাৱ পেলাইছে, একেদৰে দাম্পত্য জীৱনত সংঘাতৰ খবৰো বহুসময়ত পোহৰলৈ আহিছে। শেহতীয়াকৈ বিহাৰত সংঘটিত হৈছে এনে এক ঘটনা। ইনষ্টাগ্ৰামক কেন্দ্ৰ কৰি সৃষ্টি হোৱা সংঘাত গৈ পাইছে থানা।
প্ৰকাশিত খবৰ অনুসৰি, বিহাৰৰ কাটিহাৰ জিলাত সংঘটিত হৈছে এই ঘটনা। পত্নীৰ অধিক ইনষ্টাগ্ৰাম ব্যৱহাৰ আৰু প্লেটফৰ্মটোত অধিক মাত্ৰাত ফটো পোষ্টৰ বাবে ক্ষোভিত হৈ পৰিছিল এগৰাকী ব্যক্তি। সেয়ে তেওঁ এই কথাত আপত্তি প্ৰকাশ কৰে যদিও পত্নী হৈ পৰে খৰ্গহস্ত। স্বামীৰ এনে আপত্তিৰ প্ৰত্যুত্তৰত মহিলাগৰাকীয়ে স্পষ্ট কৰি দিয়ে, তেওঁ নিজৰ স্বামীক এৰি দিব পাৰে। কিন্তু তেওঁ ইনষ্টাগ্ৰামত ফটো পোষ্ট কৰা বন্ধ নকৰে।
মহিলাগৰাকীৰ এই উত্তৰত সকলো স্তম্ভিত হৈ পৰে। ইয়াৰ পিছতে এই বিষয়টো আৰক্ষীৰ কাষ চাপে আৰু আৰক্ষীৰ জৰিয়তে পৰিয়াল পৰামৰ্শ কেন্দ্ৰলৈ যায়। কাউঞ্চিলিঙৰ সময়ত স্বামীয়ে কয় যে তেওঁৰ পত্নীয়ে তেওঁৰ সৈতে সময় কটাব নোৱাৰে আৰু প্ৰতি সময়তে অনলাইনত থাকে। বিভিন্ন ছ’চিয়েল মিডিয়া প্লেটফৰ্মত তেওঁৰ ফটো পোষ্ট কৰে। পত্নীয়ে পৰিয়ালৰ কথা চিন্তা কৰাতকৈ বেছিভাগ সময় ছ’চিয়েল মিডিয়াত কটায় বুলিও স্বামীয়ে লগতে কয়।
আৰক্ষীয়ে মহিলাগৰাকীক এই বিষয়ে সোধাত তেওঁ কয় যে ছ’চিয়েল মিডিয়া তেওঁৰ ব্যক্তিগত বিষয়। সামাজিক মাধ্যমত ফটো পোষ্ট কৰাৰ তেওঁৰ সম্পূৰ্ণ অধিকাৰ আছে বুলি উল্লেখ কৰি তেওঁ লগতে স্বামীক এৰি যাব পাৰিলেও ইনষ্টাগ্ৰাম আৰু ফেচবুকত ছবি পোষ্ট কৰাটো বন্ধ নকৰে বুলি স্পষ্টকৈ মন্তব্য কৰে। এই সন্দৰ্ভত পৰিয়াল পৰামৰ্শ কেন্দ্ৰৰ সদস্য দিলীপ কুমাৰ দীপকে কয় যে সামাজিক মাধ্যমে মানুহক উপকৃত কৰাৰ লগতে বহু লোকৰ মানসিকতাতো ইয়াৰ নেতিবাচক প্ৰভাৱ পৰিছে।
সামাজিক মাধ্যমৰ বাবে স্বামী-স্ত্ৰীৰ সম্পৰ্কও ছিন্ন হৈছে বুলি উল্লেখ কৰি দীপকে কয় যে মহিলাগৰাকীক বহু বুজনি দিয়াৰ পিছতো তেওঁ মান্তি নহ’ল আৰু যিয়েই নহওক কিয়, তেওঁ ছ’চিয়েল মিডিয়াত ফটো পোষ্ট কৰা বন্ধ নকৰে বুলি নিজৰ স্থিতিতে থাকে। ইয়াৰ বাবে তেওঁ আনকি স্বামী আৰু পৰিয়ালক পৰিত্যাগ কৰিবলৈও সাজু বুলি দোহাৰে। দুয়োৰে মাজত আলোচনাৰ পিছতো কোনো সমাধান নোলোৱাত কেন্দ্ৰৰ পৰা দুয়োকৈ যাবলৈ দিয়া হয়।