5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

ভয়ংকৰ পথ দুৰ্ঘটনা! দৰা-কইনাসহ ৭গৰাকী লোকৰ মৃত্যু

শোকৱহ! এখন দ্ৰুতবেগী হাহনৰ খুন্দাত দৰা-কইনাকে ধৰি ৭জন লোকৰ মৃত্যু হয়। বিয়াৰ পাছত সকলোৱে কইনাক লগত লৈ উভতি আহিছিল দৰা ঘৰলৈ।সেই সময়তে মৃত্যুদূতৰূপী এখন দ্ৰুতবেগী বাহনে তেওঁৰ টেম্প'খনত প্ৰচণ্ড জোৰত খুন্দা মাৰে। তাৰ পাছত খাৱৈত বাগৰি পৰে টেম্প'খন।

ভয়ংকৰ পথ দুৰ্ঘটনা! দৰা-কইনাসহ ৭গৰাকী লোকৰ মৃত্যু
পথ দুৰ্ঘটনা দৰা-কইনাসহ ৭গৰাকী লোকৰ মৃত্যু
trishna-kalita
Trishna Kalita | Updated On: 16 Nov 2024 12:05 PM

মৰ্মান্তিক, হৃদয়বিদাৰক! সপোনৰ ঘৰখন গঢ়াৰ পূৰ্বেই থানবান হৈ গ’ল সকলো। উত্তৰ প্ৰদেশৰ বিজনৌৰ জিলাত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা । এই দুৰ্ঘটনাটোত মৃত্যু হৈছে ৭জন লোকৰ । লগতে কেইবাজনো লোক গুৰুতৰভাৱে আহত হোৱাৰ খবৰ পোৱা গৈছে । সকলোৱে বিয়াৰ পিছত কইনাক লগত লৈ দৰা ঘৰলৈ উভতি আহিছিল। এই সময়ছোৱাত এই দুৰ্ঘটনাটো সংঘটিত হয়। এই দুৰ্ঘটনাত কইনা আৰু দৰাকে ধৰি ৭জন লোকে প্ৰাণ হেৰুৱাই। কোৱা হৈছে যে তীব্ৰবেগী বাহনখনে টেম্প’খনত ইমান জোৰেৰে খুন্দা মাৰিছিল যে টেম্প’খন ৰাস্তাৰ কাষৰ খাৱৈত বাগৰি পৰিছিল।

বিজনৌৰত সংঘটিত এই শোকৱহ পথ দুৰ্ঘটনাত দৰা-কইনাকে ধৰি সাতজন লোকৰ মৃত্যু হয়। ধামপুৰৰ টিব্ৰি গাঁৱত বাস কৰা এটা পৰিয়ালে বিবাহ সম্পন্ন হোৱাৰ পাছত কইনা লৈ ঝাৰখণ্ডৰ পৰা উভতি আহিছিল। পৰিয়ালৰ সদস্যসকলে কইনাৰ আদৰিবলৈ বাবে প্ৰস্তুতি চলাই আছিল। চাৰিওফালে এক আনন্দময় পৰিৱেশ। কিন্তু কোনেও ভবা নাছিল এই সুখ যে শোকত পৰিণত হ’ব। সকলোৱে টেম্প’ত উঠি আহি আছিল। তেওঁলোকৰ টেম্প’খন ধামপুৰ আৰক্ষী থানা অঞ্চলৰ ৭৪ নং ৰাষ্ট্ৰীয় ঘাইপথৰ অগ্নি নিৰ্বাপক কেন্দ্ৰৰ ওচৰত পাইছিল।

সেই সময়তে এখন তীব্ৰবেগী বাহনখনে টেম্পোখনত প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে আৰু টেম্পোখন ৰাস্তাৰ কাষৰ খাৱৈত বাগৰি পৰে। ঘটনাটোৰ পিছত, ৰাজপথেৰে যোৱা লোকসকলে টেম্পোত থকা যাত্ৰীসকলক বচাবলৈ দৌৰি গৈছিল। তাৰ পিছত ঘটনাটোৰ বিষয়ে আৰক্ষী আৰু এম্বুলেন্সক অৱগত কৰিছিল। কিছুসময় পাছত আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু মৃতদেহ উদ্ধাৰ কৰি লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। তীব্ৰবেগী বাহনখনৰ খুন্দাত চূৰ্ণ-বিচূৰ্ণ হৈ পৰে টেম্পোখন।

মৃতসকলক খুৰ্ছিদ (৬৫), তেওঁৰ পুত্ৰ বিশাল (২৫), বোৱাৰী সুখী (২২), মুমতাজ (৪৫), পত্নী ৰুবী (৩২) আৰু কন্যা বুশ্ৰা (১০) বুলি চিনাক্ত কৰা হৈছে। টেম্পো চালকজনৰো ঘটনাস্থলীতে মৃত্যু হৈছিল।তীব্ৰবেগী বাহনখনৰ আঘাতপ্ৰাপ্ত আৰোহী শ্বেৰকোটৰ বাসিন্দা চোহেল আলভি আৰু আমানক ওচৰৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। দুয়োগৰাকী বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে।

Latest News