হিন্দু- মুছলমানৰ বাবে পৃথক ভোটকেন্দ্ৰ স্থাপন কৰা দাবী বিজেপিৰ…

আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপিয়ে হিন্দুসকলৰ বাবে পৃথক ভোটদান কেন্দ্ৰ দাবী জনাই নিৰ্বাচনী আয়োগক। বিজেপিৰ জ্যেষ্ঠ নেতা সুবেন্দু অধিকাৰীয়ে কয় যে, হিন্দুসকলক ভোটদানৰ ক্ষেত্ৰত ভাবুকি দিয়ে মুছলমানসকলে।

হিন্দু- মুছলমানৰ বাবে পৃথক ভোটকেন্দ্ৰ স্থাপন কৰা দাবী বিজেপিৰ...

সুবেন্দু অধিকাৰী

Updated On: 

22 Apr 2025 12:49 PM

ৱাকফ সংশোধনী আইনৰ বিৰোধিতাৰে যোৱা কেইটামান দিন পূৰ্বে পশ্চিমবংগত প্ৰতিবাদৰ নামৰ হিংসাত্মক ঘটনা সংঘটিত হোৱা দেখা যায়। এনে হিংসাজৰ্জৰ পৰিস্থিতিৰ মাজেৰে ৰাজ্যখন আগন্তুক নিৰ্বাচনলৈ আগবাঢ়িছে। মাত্ৰ কেইটামান মাহ পাছতেই পশ্চিম বংগত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন। ইয়াৰ মাজতে ৰাজ্যখনৰ নিৰ্বাচনী আয়োগক সোমবাৰে এক বিশেষ আহ্বান জনাই ভাৰতীয় জনতা পাৰ্টীয়ে। বিজেপিয়ে পশ্চিম বংগৰ নিৰ্বাচনৰ বাবে হিন্দু আৰু মুছলমানৰ বাবে পৃথক বুথ স্থাপন কৰাৰ দাবী জনায়।

বিজেপি নেতা সুবেন্দু অধিকাৰীয়ে নিৰ্বাচনী আয়োগক হিন্দুৰ বাবে পৃথককৈ ভোটদান কেন্দ্ৰ স্থাপন কৰা দাবী জনায়। তেওঁ কয় যে, য’ত ৫০ শতাংশতকৈ কম হিন্দু লোক আছে, তাত হিন্দু ভোটাৰসকলৰ বাবে বেলেগকৈ বুথ স্থাপন কৰিব লাগে। যদি মুছলমানৰ অঞ্চলৰ মাজেৰে হিন্দুসকল যায় তেন্তে তেওঁলোকক আক্ৰমণ কৰিব পাৰে। ভোট দান কৰাত বাধা প্ৰদান কৰিব পাৰে।

পশ্চিমবংগ বিজেপিৰ জ্যেষ্ঠ নেতা তথা বিধানসভাৰ বিৰোধী দলপতিগৰাকীয়ে লগতে কয় যে, পৰিস্থিতি এনে হৈ পৰিছে যে হিন্দুসকলে ৰাজ্যৰ বহু ঠাইত নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰি ভোট দিব নোৱাৰে। আনকি সংখ্যালঘু অঞ্চলত ভয় দেখুৱাই হিন্দু ভোটাৰক ভোট দিয়া বাধা প্ৰদান কৰাৰ দৰে ঘটনাও সংঘটিত হৈছে।

তেওঁ আৰু কয়, যিসমূহ অঞ্চলত হিন্দু সংখ্যালঘু লোক আছে তেনে অঞ্চলত হিন্দুসকলৰ বাবে পৃথক ভোটদান কেন্দ্ৰ ব্যৱস্থা কৰিব লাগে। ইয়াৰোপৰি এই ভোটকেন্দ্ৰসমূহ এনে স্থানত নিৰ্মাণ কৰিব লাগে যাতে হিন্দু লোকসকল মুছলমান লোক থকা স্থানীয় অঞ্চলৰ মাজেৰে পাৰ হৈ যাব নালাগে। তেওঁ লগতে কয় যে, মই পশ্চিম বংগৰ মুখ্য কাৰ্যবাহী বিষয়া মনোজ আগৰৱালাক অনুৰোধ জনাইছো যে শীঘ্ৰেই এই বুথ মেপিং কৰিব লাগে। ইয়াৰোপৰি এই সন্দৰ্ভত তেওঁ নিৰ্বাচন আয়োগক স্মাৰক পত্ৰ প্ৰদান কৰিব বুলিও কয়।

এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে তৃণমূল কংগ্ৰেছে। মমতা বেনাৰ্জীৰ নেতৃত্বাধীন দলটোৱে কয় যে, বিজেপিয়ে কেৱল মাত্ৰ ভোট বেংকৰ বাবে এই কাম কৰি আছে। তেওঁলোকে কোৱাৰ দৰে ইয়াত হিন্দু সুৰক্ষাৰ দিশ জড়িত নাই।

 

 

অন্য খবৰ পঢ়কঃ ১৫০ তকৈ অধিক পৰিয়ালক জাননী, এখন গাঁও ৱাকফৰ সম্পত্তি বুলি দাবী, ক’ত এই ঘটনা জানক…

Chetan Bhagat: IIT আৰু IIM ৰ পৰা ডিগ্ৰীধাৰী চেতন ভগত কেনেকৈ হ'ল লেখক?
কোনবোৰ বস্তু খালে বৃক্কত পাথৰ হয়? সবিশেষ জানক
পেটৰ ভিতৰত ঘাঁ হ'লে এইসমূহ লক্ষণে দেখা দিয়ে, জানক সকলো...
চাণক্যৰ মতে এজন ব্যক্তিৰ কি কি গুণে সন্মান বৃদ্ধি কৰে ?