5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

FIR On Rahul Gandhi: বিপদত ৰাহুল গান্ধী! কংগ্ৰেছ নেতাজনৰ বিৰুদ্ধে বিজেপিৰ FIR দাখিল, জানক দোষী সাব্যস্ত হ’লে কি শাস্তি হ’ব পাৰে

সংসদত মকৰ দ্বাৰৰ সমীপত বৃহস্পতিবাৰে ঠেলা-হেঁচা হয়। ৰাহুল গান্ধীয়ে ঠেলি দিয়াৰ বাবে বিজেপিৰ দুজন সাংসদ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় বুলি অভিযোগ উত্থাপন হৈছে। এই গোচৰত দিল্লী আৰক্ষীয়ে ৰাহুল গান্ধীৰ বিৰুদ্ধে এফআইআৰ ৰুজু কৰিছে।

FIR On Rahul Gandhi: বিপদত ৰাহুল গান্ধী! কংগ্ৰেছ নেতাজনৰ বিৰুদ্ধে বিজেপিৰ FIR দাখিল, জানক দোষী সাব্যস্ত হ’লে কি শাস্তি হ’ব পাৰে
বিপদত কংগ্ৰেছ নেতা ৰাহুল গান্ধী!
barasha-misra
Barasha Misra | Updated On: 20 Dec 2024 09:26 AM

সংসদত সংঘটিত হোৱা ঠেলা-হেঁচাৰ বাবে ৰাহুল গান্ধীৰ বিৰুদ্ধে এফআইআৰ ৰুজু হৈছে। বিজেপি নেতাসকলে তেওঁৰ বিৰুদ্ধে হত্যাৰ চেষ্টাকে ধৰি বহু গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। আৰক্ষীয়ে হত্যাৰ চেষ্টাৰ বিএনএছৰ(ভাৰতীয় ন্যায়িক সংহিতাৰ) ১০৯ ধাৰা আঁতৰাই আৰু বিজেপিয়ে অভিযোগ কৰা আন সকলো ধাৰা জাপি দিয়ে।

সংসদত মকৰ দ্বাৰৰ সমীপত বৃহস্পতিবাৰে সংঘটিত হয় অপ্ৰীতিকৰ পৰিস্থিতিৰ। ৰাহুল গান্ধীয়ে ঠেলাৰ বাবে দুজন সাংসদ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ অভিযোগ বিজেপিৰ সাংসদসকলৰ। বিয়লি বিজেপি নেতাৰ এটা দলে থানাত উপস্থিত হৈ বিএনএছ অৰ্থাৎ ভাৰতীয় ন্যায়িক সংহিতাৰ ১০৯, ১১৫, ১১৭, ১২৫, ১৩১ আৰু ৩৫১ ধাৰাত গোচৰ ৰুজু কৰিবলৈ অনুৰোধ জনায়। ইয়াৰে ১০৯ ধাৰা আঁতৰাই বাকী ধাৰাত এফআইআৰ পঞ্জীয়ন কৰিছে আৰক্ষীয়ে। বিভিন্ন অভিযোগৰ বাবে এই সকলোবোৰ ধাৰা জাপি দিয়া হৈছে ৰাহুলৰ ওপৰত। য’ত প্ৰতিটো ধাৰাৰ বিভিন্ন শাস্তিৰ ব্যৱস্থাও আছে।

BNSৰ ধাৰা আৰু শাস্তি

ধাৰা ১১৫: ভাৰতীয় ন্যায়িক সংহিতাৰ ১১৫ নং ধাৰা ইচ্ছাকৃতভাৱে আঘাত দিয়াৰ ক্ষেত্ৰত জাৰি কৰা হয়। ইয়াত যদি কোনো ব্যক্তিয়ে আন কাৰোবাক আঘাত দিয়াৰ উদ্দেশ্যেৰে কাম কৰে, তেন্তে তেওঁ শাস্তি পোৱাৰ বাবে দায়বদ্ধ। এই ধাৰাটো আমি কাৰোবাৰ ওপৰত চৰ মাৰি, ঠেলি বা কিবা এটা দলিয়াই দিলেও জাপি দিব পাৰে। ইয়াত সৰ্বোচ্চ এবছৰ পৰ্যন্ত শাস্তি আৰু দহ হাজাৰ টকাৰ জৰিমনা বিহা হ’ব পাৰে।

ধাৰা ১১৭: ভাৰতীয় ন্যায়িক সংহিতাৰ ১১৭ নং ধাৰা তেতিয়া জাৰি কৰা হয় যেতিয়া কোনো ব্যক্তিয়ে ইচ্ছাকৃতভাবে আন এজন ব্যক্তিক গুৰুতৰভাৱে আঘাত কৰে। এই অপৰাধৰ সৰ্বোচ্চ শাস্তি হ’ব পাৰে সাত বছৰৰ কাৰাদণ্ড। ইয়াৰ উপৰিও জৰিমনাও বিহা হয়। এই ধাৰাটো জামিনহীন যদিও আঘাতপ্ৰাপ্ত ব্যক্তিজন সুস্থ থাকিলে গোচৰতো জামিন প্ৰদান কৰিব পাৰে।

ধাৰা ১২৫: এই ধাৰা অনুসৰি কোনো ব্যক্তিৰ জীৱন বা ব্যক্তিগত সুৰক্ষাৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা কাৰ্যক অপৰাধ বুলি গণ্য কৰা হয়। অৰ্থাৎ কোনো ব্যক্তিয়ে যদি আন এজন ব্যক্তিক শাৰীৰিক বা মানসিক ক্ষতিৰ ভাবুকি দিয়ে তেন্তে তেওঁক শাস্তি দিয়া হ’ব পাৰে। এই অপৰাধৰ ফলত ছমাহ পৰ্যন্ত কাৰাদণ্ড বা ২৫০০ টকা পৰ্যন্ত জৰিমনা বিহা হ’ব পাৰে। যদি কোনো ব্যক্তিয়ে আঘাত পায় তেন্তে তিনি বছৰ পৰ্যন্ত কাৰাদণ্ড হ’ব পাৰে।

ধাৰা ১৩১: এই ধাৰাত আন কোনো কাৰণত অপৰাধমূলক ভাবুকি আৰু অন্য কাৰণে কৰা আক্ৰমণৰ বাবে শাস্তি দিয়াৰ ব্যৱস্থা আছে। যেনেকৈ কাৰোবাক জোৰেৰে ঠেলি দিয়া, কাৰোবাক আঘাত কৰা। ইয়াৰ অধীনত দোষী সাব্যস্ত হ’লে তিনিমাহ পৰ্যন্ত কাৰাদণ্ড বা ১০০০ টকা পৰ্যন্ত জৰিমনা বা দুয়োটাৰে শাস্তি হ’ব পাৰে।

ধাৰা ৩৫১: এই ধাৰাটো অপৰাধমূলক ভয় দেখুৱা, যিকোনো ব্যক্তিক শাৰীৰিক ক্ষতি কৰাৰ ভাবুকি দিয়া বা ভাবুকি দিয়া ধৰণেৰে ইংগিত দিয়াৰ সৈতে জড়িত। তেতিয়া এই ধাৰা জাপি দিয়া হয়। আনহাতে ৰাজহুৱাভাৱে কাৰোবাক ভাবুকি দিয়া বা মহিলাৰ লগত বেয়া আচৰণ কৰাৰ বাবেও এই ধাৰা জাপি দিব পাৰি। দোষী সাব্যস্ত হ’লে দুবছৰ পৰ্যন্ত কাৰাদণ্ড বা জৰিমনা বা দুয়োটাৰে শাস্তি হ’ব পাৰে।

ধাৰা ৩(৫): এই ধাৰাত অপৰাধমূলক কাৰ্য কেইবাজনো লোকে একেলগে সংঘটিত কৰে, ইয়াত গোটটোত অন্তৰ্ভুক্ত প্ৰতিজন ব্যক্তিয়েই অপৰাধৰ বাবে দায়ী, যদিও মাত্ৰ এজন ব্যক্তিয়েহে অপৰাধ সংঘটিত কৰিছে। গোটৰ প্ৰতিজন সদস্যক সমানে দোষী বুলি গণ্য কৰা হ’ব।

 

Latest News