5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

বিজেপি নেতাৰ কাণ্ডঃ বিচনাত বাগৰি দিলে প’জ, তুলিলে ফটো; ৰক্তদান নকৰাকৈয়ে এৰিলে বিচনা

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে উত্তৰ প্ৰদেশৰ মোৰাদাবাদত আয়োজিত এক ৰক্তদান শিবিৰত উপস্থিত হৈছিল স্থানীয় মেয়ৰ তথা বিজেপিৰ নেতা বিনোদ আগৰৱালা। মেয়ৰগৰাকীয়ে ৰক্তদানৰ বাবে সাজু হৈ ফটো তোলে যদিও ইয়াৰ পিছতে আশ্চৰ্যকৰভাৱে বিচনাৰ পৰা উঠি ৰক্তদান নকৰাকৈয়ে হাঁহি হাঁহি উঠি ওলাই যায়। এই ঘটনাই সৃষ্টি কৰিছে ব্যাপক বিতৰ্কৰ।

বিজেপি নেতাৰ কাণ্ডঃ বিচনাত বাগৰি দিলে প’জ, তুলিলে ফটো; ৰক্তদান নকৰাকৈয়ে এৰিলে বিচনা
বিজেপি নেতাৰ আজৱ কাণ্ড
Follow Us
monjit-dutta
Monjit Dutta | Published: 20 Sep 2024 17:29 PM

কোৱা হয়, ৰক্তদান মহৎ দান। ৰক্তদানৰ জৰিয়তে এগৰাকী ব্যক্তিয়ে ৰক্ষা কৰিব পাৰে কোনো এগৰাকী ৰোগীৰ জীৱন। এই মহৎ কাৰ্যৰ বাবে সাম্প্ৰতিক সময়ত বহু লোক স্ব-ইচ্ছাৰেই ৰক্তদানৰ বাবে আগবাঢ়ি অহা দেখিবলৈ পোৱা যায়। কিন্তু এনে মহৎ কাৰ্যক অপমানিত কৰাৰ অভিযোগত দেশবাসীৰ তীব্ৰ নিন্দাৰ সন্মুখীন হৈছে বিজেপিৰ এগৰাকী নেতা। এই ঘটনা উত্তৰ প্ৰদেশৰ মোৰাদাবাদৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে আয়োজিত এক ৰক্তদান শিবিৰত উপস্থিত হয় স্থানীয় মেয়ৰ তথা বিজেপিৰ নেতা বিনোদ আগৰৱালা।

শিবিৰৰ বিচনাত বাগৰি হাতৰ চোলা ওপৰলৈ তুলি ৰক্তদানৰ বাবে সাজু হ’ল মেয়ৰজন। ৰক্তদান শিবিৰত থকা চিকিৎসকগৰাকীয়ে ৰক্ত সংগ্ৰহৰ বাবে হ’ল সাজু। এটা পুছ বল তুলি দিয়া হ’ল মেয়ৰৰ হাতত আৰু তাৰ পিছতে হ’ল ফটো শ্বুট। কিন্তু এই ফটো শ্বুটৰ পিছত আশ্চৰ্যকৰভাৱে বিচনাৰ পৰা উঠি ৰক্তদান নকৰাকৈয়ে হাঁহি হাঁহি উঠি ওলাই গ’ল মেয়ৰগৰাকী।

সেইস্থানত উপস্থিত থকা লোকসকলৰ মোবাইল কেমেৰাত বন্দী হ’ল এই সমগ্ৰ ঘটনা। ইয়াৰ পিছতে এই ভিডিঅ’ ভাইৰেল হৈ পৰে সামাজিক মাধ্যমত। ভাইৰেল ভিডিঅ’টোক কেন্দ্ৰ কৰি নেটিজেনে কঠোৰ সমালোচনা কৰিছে মেয়ৰ বিনোদ আগৰৱালাক। ভিডিঅ’টো ভাইৰেল হৈ পৰাৰ পিছতে সৃষ্টি হোৱা বিতৰ্ক সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মেয়ৰগৰাকীয়ে।

নিজকে ডায়েবেটিছ ৰোগী বুলি উল্লেখ কৰি বিতৰ্কৰ মুখনি মাৰিব খোজে তেওঁ। মেয়ৰ বিনোদ আগৰৱালাৰ দাবী, তেওঁ ৰক্তদান কৰিব বিচাৰিছিল যদিও ডায়েবেটিছ ৰোগী হোৱাৰ বাবে ডাক্তৰে তেওঁক দিয়া নাছিল অনুমতি। কিন্তু তেওঁৰ এই স্পষ্টীকৰণৰ পিছতো মানিবলৈ ক্ষান্ত হোৱা নাই নেটিজেন। ভিডিঅ’টোক কেন্দ্ৰ কৰি নেটিজেনৰ সমালোচনা সহিছে বিনোদ আগৰৱালাই।

সম্প্ৰতি সামাজিক মাধ্যমত ব্যাপক ৰূপত ভাইৰেল হৈ পৰিছে ২২ ছেকেণ্ডৰ এই ভিডিঅ’টো। ভিডিঅ’টোত চিকিৎসকে প্ৰথমে মেয়ৰ বিনোদ আগৰৱালাৰ ৰক্তচাপ পৰীক্ষা কৰি তাৰ পিছত ৰক্তদানৰ বাবে প্ৰয়োজনীয় সঁজুলি উলিওৱা দেখিবলৈ পোৱা গৈছে। ৰক্তদান কৰাৰ পূৰ্বে নিয়মানুসাৰে মেয়ৰৰ হাতত এটা পুছ বলো দিয়া হয়।

কিন্তু ইয়াৰ পিছতে মেয়ৰগৰাকীয়ে হাঁহি হাঁহি চিকিৎসকগৰাকীক কয়, “হ’ব দিয়ক, আমি এনেইহে আহিছো“, আৰু এই কথা কৈয়েই বিচনাৰ পৰা উঠি গুচি যায় মেয়ৰ বিনোদ আগৰাৱালা। উল্লেখ্য যে যোৱা ১৭ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে মোৰাদাবাদত এই ৰক্তদান শিবিৰৰ আয়োজন কৰা হৈছিল। এই শিবিৰত উপস্থিত আছিল বিজেপিৰ বহু নেতা-কৰ্মী।

Latest News