BJP ৰ সদস্য ভৰ্তি অভিযানঃ ২ কোটিয়ে গ্ৰহণ কৰিলে সদস্যপদ

অনলাইন আৰু অফলাইন দুয়োটা পদ্ধতিৰে বিজেপিৰ সদস্য হোৱাৰ ব্যৱস্থা আছে। এজনলোক বিজেপিৰ সদস্য হ'লে তেওঁৰ সদস্য পদ ৬ বছৰলৈ থাকে আৰু পাছত পুনৰ সেই সদস্য পদ নবীকৰণ কৰিব লাগিব।

BJP ৰ সদস্য ভৰ্তি অভিযানঃ ২ কোটিয়ে গ্ৰহণ কৰিলে সদস্যপদ

বিজেপি

Published: 

11 Sep 2024 12:28 PM

বিজেপিয়ে সমগ্ৰ দেশত আৰম্ভ কৰা সদস্য ভৰ্তি অভিযানত এতিয়ালৈকে প্ৰায় ২ কোটি লোক সংযুক্ত হৈছে। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী প্ৰথম বিজেপিৰ সদস্য হিচাপে ভৰ্তি হৈ এই অভিযানৰ আৰম্ভণি কৰিছিল। ইয়াৰ পিছতে ৯খন ৰাজ্যৰ ৰাজ্যিক সভাপতিসকলে এই অভিযানক আগুৱাই নিয়াৰ বাবে এক বৈঠক অনুষ্ঠিত কৰে। অভিযান কেনেকৈ আগবঢ়াই নিব পাৰি আৰু কেনেকৈ অধিকলোকক জড়িত কৰিব পাৰি তাৰ বিষয়ে এই বৈঠকত আলোচনা কৰা হয়।  এই বৈঠকত এগৰাকী সাংসদৰ পৰা গাওঁ প্ৰধান এগৰাকীক কেনেদৰে সংযোগ কৰিব পাৰি তাৰ বিষয়ে আলোচনা কৰা হয়।

বিহাৰ, মধ্যপ্ৰদেশ, ওড়িশা, উত্তৰ প্ৰদেশ, তামিলনাডু, গুজৰাট, ছত্তীশগড় আৰু কৰ্ণাটক ৰাজ্যৰ পৰ্যালোচনা বৈঠকত জে পি নাড্ডা আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে বিজেপিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হয়। বিজেপিত সদস্য ভৰ্তি কৰাৰ বাবে ৰাজ্যসমূহক বিশেষ নিৰ্দেশনা দিয়া হৈছে।

উল্লেখ কৰা প্ৰয়োজন যে, বিজেপিয়ে প্ৰতি পাঁচ বছৰৰ মূৰে মূৰে সদস্য পদৰ প্ৰচাৰ চলায়। এইবাৰ দলটোৱে ১০ কোটি নতুন সদস্য ভৰ্তি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। বিজেপিৰ এই সদস্য ভৰ্তি অভিযান ৫১ দিন চলিব। এই অভিযান এইবাবে বিশেষ কিয়নো বিজেপিয়ে এই ৫১ দিনৰ ভিতৰত ১০ কোটি নতুন সদস্য ভৰ্তি কৰাৰ লক্ষ্য ৰাখিছে। ২০১৪ চনত যেতিয়া দলটোৱে সদস্য পদৰ প্ৰচাৰ আৰম্ভ কৰিছিল তেতিয়া দলটোৱে ১১ কোটিতকৈ অধিক সদস্য সংযোজন কৰিছিল আৰু এই প্ৰচাৰ প্ৰায় ৬ মাহ ধৰি চলিছিল।

অনলাইন আৰু অফলাইন দুয়োটা পদ্ধতিৰে বিজেপিৰ সদস্য হোৱাৰ ব্যৱস্থা আছে। এজনলোক বিজেপিৰ সদস্য হ’লে তেওঁৰ সদস্য পদ ৬ বছৰলৈ থাকে আৰু পাছত পুনৰ সেই সদস্য পদ নবীকৰণ কৰিব লাগিব।

যদি বিজেপিৰ সদস্য পদ ল’ব বিচাৰে তেন্তে ৮৮০০০০২০২৪ নম্বৰলৈ মিছকল দিব পাৰিব। তাৰ পাছতে  মোবাইলত মেছেজ আহিব য’ত এটা লিংক থাকিব। সেই লিংকটোত ক্লিক কৰিলে সদস্যতা ভৰ্তিৰ ফৰ্মখন দেখা পাব। ফৰ্মখনত উল্লেখ থকা অনুসৰি নিজৰ তথ্য দাখিল কৰি সেয়া চাবমিট কৰিব পাৰে। তাৰ পাছতেই আপুনি বিজেপিৰ সদস্যৰ কাৰ্ড লাভ কৰিব। ইয়াৰোপৰি কাৰোবাৰ স্মাৰ্টফোন নাথাকিলে, তেওঁলোকে কি পেড ফোৰ পৰা মিছকল দিলেও সদস্য পদ লাভ কৰিব। যিসকল নেটৱাৰ্ক থকা ঠাইৰ বাহিৰত থাকে তেওঁলোকে বিজেপিৰ কাৰ্যালায়ত গৈ ফৰ্মখন সংগ্ৰহ কৰি সদস্য হ’ব পাৰিব। নমো এপৰ জৰিয়তেও সকলোৱে সদস্য পদ ল’ব লাগিব।

 

আচাৰ্য চাণক্যৰ মতে এই ৫ টা স্থানত থকা লোকসকল সদায় হৈ থাকে দুখীয়া!
১ লাখৰো অধিক! ডুবাইত এটা সৰু ফ্লেটৰ ভাড়া জানিলে আচৰিত হ'ব আপুনি...
ধন লাভৰ বাবে এইদৰে ব্যৱহাৰ কৰক নিমখ আৰু লং!
দেশৰ একমাত্ৰ নদী, য'ৰ পৰা মানুহে উপাৰ্জন কৰে কোটি টকা! জানক কেনেকৈ...