5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

প্ৰধানমন্ত্ৰী মোদীৰ লগতে কিয় ২১ কোটিয়ে হেৰুৱালে বিজেপিৰ সদস্য পদ?

সমগ্ৰ দেশত বিজেপিৰ সদস্যৰ সংখ্যা হ'লগৈ '0'! প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, হিমন্ত বিশ্ব শৰ্মাকে ধৰি বিজেপিৰ প্ৰতিগৰাকী কৰ্মকৰ্তাই হেৰুৱালে সদস্য পদ। আজি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গ্ৰহণ কৰিব দলৰ সদস্যতা।

প্ৰধানমন্ত্ৰী মোদীৰ লগতে কিয় ২১ কোটিয়ে হেৰুৱালে বিজেপিৰ সদস্য পদ?
নৰেন্দ্ৰ মোদী
Follow Us
barasha-sarma
Barasha Sarma | Updated On: 02 Sep 2024 09:39 AM

সমগ্ৰ দেশত বিজেপিৰ সদস্যৰ সংখ্যা হ’লগৈ ‘0’! প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে ধৰি প্ৰতিগৰাকী কৰ্মকৰ্তাই হেৰুৱালে বিজেপিৰ সদস্য পদ। যাৰ বাবে সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গ্ৰহণ কৰিব বিজেপিৰ সদস্য পদ। ইয়াৰ লগে লগে আৰম্ভ হ’ব বিজেপিৰ সদস্য ভৰ্তি অভিযান ২০২৪। বিজেপিৰ দাবী অনুসৰি দেশত বিজেপিৰ প্ৰায় ২১কোটি সদস্য আছে, আৰু এই সদস্যসকলৰ ম্যাদ উকলাৰ লগে লগে বিজেপিৰ সদস্যৰ সংখ্যা হয়গৈ শূণ্য। দেশত থকা প্ৰতিগৰাকীৰ বিজেপিৰ কৰ্মকৰ্তাৰে সদস্য ম্যাদ উকলি যোৱাৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰো সদস্য পদৰ ম্যাদ উকলে।

ইয়াৰ বাবে বিজেপিয়ে নতুনকৈ সদস্য ভৰ্তি কৰিব। বিজেপিৰ প্ৰথমগৰাকী সদস্য হিচাপে ভৰ্তি হটব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আজি ( ২ ছেপ্টেম্বৰ) সন্ধিয়া ৫ বজাত দিল্লীৰ দীন দয়াল উপাধ্যায় মাৰ্গত থকা বিজেপিৰ কাৰ্যালয়ত নৰেন্দ্ৰ মোদীয়ে বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জেপি নাড্ডাৰ উপস্থিতিত সদস্য পদ গ্ৰহণ কৰিব। ইয়াৰ পাছতে আন সকলে সদস্য পদ গ্ৰহণ কৰিব পাৰিব।

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে ধৰি কেইবাখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ৩ ছেপ্টেম্বৰত বিজেপিৰ সদস্যতা গ্ৰহণ কৰিব। উল্লেখ কৰা প্ৰয়োজন যে, ২০১৫ চনৰ ২৩ আগষ্টত কংগ্ৰেছৰ পৰা বিজেপিলৈ আহিছিল হিমন্ত বিশ্ব শৰ্মা। যাৰ বাবে নতুন অভিযানৰ অধীনত অসমত প্ৰথমজন বিজেপিৰ সদস্য হ’ব মুখ্যমন্ত্ৰী।

বিজেপিয়ে অনলাইনৰ জৰিয়তেও সদস্য ভৰ্তি অভিযান আৰম্ভ কৰিছে। মিছ কল, নমো এপ, ৱেবচাইট, কিউ আৰ কোড আদি বিভিন্ন পদ্ধতিৰে বিজেপিৰ সদস্য হ’ব পাৰে। বিজেপিৰ কোনো ব্যক্তিৰ সদস্যতাৰ কাৰ্যকাল মাত্ৰ ৬ বছৰ, ৬ বছৰ হৈ যোৱাৰ পাছত পুনৰ ব্যক্তিজন বিজেপিৰ সদস্য হ’ব লাগে।

এই অভিযানৰ অধীনত বিজেপিৰ প্ৰতিগৰাকী সদস্যৰ তথ্য দলটোৰ হাতত থাকিব। অৱশ্যে এই অভিযানৰ লক্ষ্য বিজেপিৰ সদস্যৰ সংখ্যা বৃদ্ধি কৰা। প্ৰতিখন ৰাজ্যকে দলৰ সদস্যৰ সংখ্যা বৃদ্ধি কৰিবলৈ এক বিশেষ লক্ষ্য বান্ধি দিয়া হৈছে। সেই অনুসৰি অসমত পুনৰ প্ৰায় ৬০ লাখ সদস্য ভৰ্তি কৰাব লাগিব বিজেপিয়ে। তথ্য অনুসৰি বৰ্তমান অসমত বিজেপিৰ ৪৮ লাখ সদস্য আছে।

ইয়াৰ অধীনত দলৰ উদ্দেশ্য হৈছে দলটোক শক্তিশালী কৰা আৰু অধিক সংখ্যক লোকক দলৰ সৈতে সংযোগ কৰা। যাৰ অধীনত বিজেপি দলে ৰাইজে দুৱাৰে দুৱাৰে গৈ মানুহক সংযোগ কৰিবলৈ কাম কৰিব। বিজেপিৰ সাধাৰণতে দুই প্ৰকাৰৰ কৰ্মী থাকে, সক্ৰিয় কৰ্মী আৰু প্ৰাথমিক কৰ্মী।

যদি বিজেপিৰ সদস্য পদ ল’ব বিচাৰে তেন্তে ৮৮০০০০২০২৪ নম্বৰলৈ মিছকল দিব পাৰিব। তাৰ পাছতে  মোবাইলত মেছেজ আহিব য’ত এটা লিংক থাকিব। সেই লিংকটোত ক্লিক কৰিলে সদস্যতা ভৰ্তিৰ ফৰ্মখন দেখা পাব। ফৰ্মখনত উল্লেখ থকা অনুসৰি নিজৰ তথ্য দাখিল কৰি সেয়া চাবমিট কৰিব পাৰে। তাৰ পাছতেই আপুনি বিজেপিৰ সদস্যৰ কাৰ্ড লাভ কৰিব। ইয়াৰোপৰি কাৰোবাৰ স্মাৰ্টফোন নাথাকিলে, তেওঁলোকে কি পেড ফোৰ পৰা মিছকল দিলেও সদস্য পদ লাভ কৰিব। যিসকল নেটৱাৰ্ক থকা ঠাইৰ বাহিৰত থাকে তেওঁলোকে বিজেপিৰ কাৰ্যালায়ত গৈ ফৰ্মখন সংগ্ৰহ কৰি সদস্য হ’ব পাৰিব। নমো এপৰ জৰিয়তেও সকলোৱে সদস্য পদ ল’ব লাগিব।

Latest News