কেতিয়া পাব বিজেপিয়ে নতুন সভাপতি? সাধাৰণ সম্পাদকৰে পৰ্যালোচনা বৈঠক জে পি নাড্ডাৰ

বিজেপিৰ এই বৈঠকত সংগঠনটোৰ আগন্তুক নিৰ্বাচনৰ প্ৰস্তুতিৰ বিষয়ে আলোচনা কৰা হয়। এই বৈঠক বিশেষভাৱে ৰাষ্ট্ৰীয় সভাপতি আৰু ৰাজ্যিক সভাপতি নিৰ্বাচনৰ প্ৰক্ৰিয়াৰ সন্দৰ্ভত পৰ্যালোচনা কৰা হৈছিল বুলি জানিব পৰা গৈছে ।

কেতিয়া পাব বিজেপিয়ে নতুন সভাপতি? সাধাৰণ সম্পাদকৰে পৰ্যালোচনা বৈঠক জে পি নাড্ডাৰ

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ পৰ্যালোচনা বৈঠক

Updated On: 

18 Dec 2024 07:38 AM

কেতিয়া পাব বিজেপিয়ে নতুন ৰাষ্ট্ৰীয় সভাপতি ? এই বিষয়ত মঙলবাৰে সাধাৰণ সম্পাদকসকলৰ সৈতে এক বৈঠত মিলিত হয় বিজেপি ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা । এই বৈঠক অনুষ্ঠিত হৈছিল বিজেপিৰ মুখ্য কাৰ্যালয়ত । সূত্ৰ খবৰ অনুসৰি, এই বৈঠক মূলত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নিৰ্বাচনৰ প্ৰক্ৰিয়াৰ লগতে বহু ৰাজ্যৰ ৰাজ্যিক সভাপতি নিৰ্বাচনৰ অগ্ৰগতিৰ বিষয়ে আলোচনা কৰা হয়। এই সন্দৰ্ভত অহা ৩০ ডিচেম্বৰত এখন সম্ভাৱ্য ৰাষ্ট্ৰীয় কৰ্মশালাৰ আয়োজন কৰা হ’ব বুলিও জানিব পৰা গৈছে ।

সূত্ৰৰ খবৰ অনুসৰি, এই বৈঠকত সংগঠনটোৰ আগন্তুক নিৰ্বাচনৰ প্ৰস্তুতিৰ বিষয়ে আলোচনা কৰা হয়। এই বৈঠক বিশেষভাৱে ৰাষ্ট্ৰীয় সভাপতি আৰু ৰাজ্যিক সভাপতি নিৰ্বাচনৰ প্ৰক্ৰিয়াৰ সন্দৰ্ভত পৰ্যালোচনা কৰা হৈছিল। ইফালে মঙলবাৰৰ এই বৈঠকত আগন্তুক দিল্লী বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ বিষয়েও আলোচনা কৰা হয় বুলি সূত্ৰটোৱে জানিবলৈ দিয়ে।

ইয়াৰ সমান্তৰালভাৱে অটল বিহাৰী বাজপেয়ীৰ জন্মদিনত আয়োজন কৰিবলগীয়া বিভিন্ন কাৰ্যসূচীৰ ৰূপৰেখাৰ লগতে চৰ্দাৰ বল্লভভাই পেটেলৰ জন্ম শতবাৰ্ষিকীৰ প্ৰস্তুতিৰ বিষয়েও আলোচনা কৰা হয়। ইয়াৰ উপৰিও বীৰ বাল দিৱসৰ প্ৰস্তুতিৰ বিষয়েও আলোচনা কৰা হয়।

বিজেপিৰ সংবিধান অনুসৰি ৰাষ্ট্ৰীয় সভাপতি নিৰ্বাচনৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ আগতে কমেও আধা ৰাজ্যৰ ইউনিটত সাংগঠনিক নিৰ্বাচন শেষ হ’ব লাগে। দলটোৰ ৰাষ্ট্ৰীয় সভাপতিৰ কাৰ্যকাল তিনিবছৰ। কিন্তু ২০২৪ চনত লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত জে পি নাড্ডাৰ কাৰ্যকাল বৃদ্ধি কৰা হৈছিল। ২০২০ চনৰ ফেব্ৰুৱাৰী মাহত জে পি নাড্ডাক ৰাষ্ট্ৰীয় সভাপতিৰ দায়িত্ব দিয়া হৈছিল। বৰ্তমানলৈকে বিজেপিৰ সভাপতি কোন হ’ব সেই ক্ষেত্ৰত কোনো চূড়ান্ত সিদ্ধান্ত লোৱা হোৱা নাই।

চাকৰিৰ ক্ষেত্ৰত দূৰ হ'ব সকলো বাধা! কৰক এই উপায়...
বৰদিনৰ শুভেচ্ছা জনালে কিয় Merry Christmas কোৱা হয়? জানক ইয়াৰ প্ৰকৃত কাৰণ
Magh Bihu 2025: মাঘ বিহুৰ মেজি আৰু উৰুকা শব্দ দুটা ক'ৰ পৰা আহিছে?
মৃত্যুৰ পাছত আত্মাৰ সৈতে কি হয় জানেনে? কিয় কৰে পিণ্ডদান...