ৰন্ধন গেছৰ চিলিণ্ডাৰত ৫০০ টকা ৰেহাই…মহিলাক প্ৰতিমাহে ২৫০০ টকা…৫ টকাতে ভৰপেট খানা…দিল্লীত আৰু কি কি দিব বিজেপিয়ে ?

দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে ইস্তাহাৰৰ প্ৰথম খণ্ডত কেবাটাও সংকল্প ঘোষণা কৰিছে । বিজেপিৰ এই সংকল্প পত্ৰত কি কি আছে চাওঁ আহক-

ৰন্ধন গেছৰ চিলিণ্ডাৰত ৫০০ টকা ৰেহাই...মহিলাক প্ৰতিমাহে ২৫০০ টকা...৫ টকাতে ভৰপেট খানা...দিল্লীত আৰু কি কি দিব বিজেপিয়ে ?

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা

Published: 

17 Jan 2025 16:09 PM

ভাৰতীয় জনতা পাৰ্টিয়ে শুকুৰবাৰে দিল্লী বিধানসভা নিৰ্বাচনৰ ইস্তাহাৰৰ প্ৰথম খণ্ড প্ৰকাশ কৰে । বিজেপিয়ে ইস্তাহাৰৰ প্ৰথম খণ্ডটোত মহিলাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে । গেৰুৱা দলটোৱে দিল্লীত চৰকাৰ গঠন কৰিলে প্ৰতিমাহে মহিলাক ২৫০০ টকা দিয়া হ’ব বুলি প্ৰতিশ্ৰুতি দিছে । এই আঁচনিৰ নাম হ’ব মহিলা সমৃদ্ধি যোজনা আৰু চৰকাৰ গঠনৰ পাছত প্ৰথম মন্ত্ৰীসভাতে ইয়াক গৃহীত কৰা হ’ব ।

আম আদমী পাৰ্টি আৰু কংগ্ৰেছৰ দৰে বিজেপিয়েও প্ৰতিমাহে মহিলাক আৰ্থিক সাহায্য দিয়াৰ কথা ঘোষণা কৰিছে । বিজেপিয়ে প্ৰতিমাহে মহিলাক ২৫০০ টকা দিয়াৰ প্ৰতিশ্ৰুতি দিছে । আনহাতে প্ৰতিগৰাকী গৰ্ভৱতী মহিলাক ২১ হাজাৰ টকা দিয়া হ’ব। জে পি নাড্ডাই কয় যে দৰিদ্ৰ লোকসকলক এল পি জি চিলিণ্ডাৰত ৫০০ টকা ৰাজসাহায্য দিয়া হ’ব, আনহাতে হোলী আৰু দীপাৱলীত এটা চিলিণ্ডাৰ বিনামূলীয়াকৈ দিয়া হ’ব ।

আয়ুষ্মান ভাৰত কাৰ্যকৰী কৰাৰ প্ৰতিশ্ৰুতি

জে পি নাড্ডাই কয় যে বিজেপিয়ে দিল্লী নিৰ্বাচনৰ ইস্তাহাৰ ৩ ভাগত প্ৰকাশ কৰিব । আজি মুকলি কৰা হৈছে প্ৰথম খণ্ড । আয়ুষ্মান ভাৰতৰ সন্দৰ্ভত জে পি নাড্ডাই কয় যে যদি দিল্লীত বিজেপি চৰকাৰ গঠন হয় তেন্তে প্ৰথম মন্ত্ৰীসভাত আয়ুষ্মান ভাৰত কাৰ্যকৰী হ’ব । তেওঁ কয় যে দিল্লী চৰকাৰৰ হৈ প্ৰতিজন দিল্লীবাসীক ৫ লাখ টকাৰ (৫+৫ = ১০ লাখ টকা) অতিৰিক্ত কভাৰ দিয়া হ’ব । ইয়াৰ উপৰিও জ্যেষ্ঠ নাগৰিক (৭০+) সকলেও ৫ লাখ টকা অৰ্থাৎ কেন্দ্ৰ আৰু দিল্লীৰ পৰা একেলগে ১০ লাখ টকাৰ অতিৰিক্ত সাহায্য লাভ কৰিব (ভাতৃ বন্দন যোজনা)।

আৰম্ভ কৰা হ’ব অটল কেন্টিন আঁচনি: নাড্ডা

আপ চৰকাৰৰ মহল্লা ক্লিনিক অভিযানক কটাক্ষ কৰি নাড্ডাই কয় যে তেওঁলোকৰ মহল্লা ক্লিনিক দুৰ্নীতিৰ গহ্বৰ হৈ পৰিছে । আমি মহল্লা ক্লিনিকত সংঘটিত দুৰ্নীতিৰ তদন্ত কৰিম, ঔষধ যোগানৰ দুৰ্নীতিৰ তদন্তও কৰিম আৰু ইয়াৰ লগত জড়িতসকলক জেললৈ প্ৰেৰণ কৰা হ’ব । লগতে জ্যেষ্ঠ নাগৰিকৰ পেঞ্চন ২০০০ টকাৰ পৰা ২৫০০ টকালৈ বৃদ্ধি কৰা হ’ব বুলিও তেওঁ কয় । আনহাতে বিধৱা মহিলাৰ পেঞ্চনো ৩০০০ টকালৈ বৃদ্ধি কৰা হ’ব ।

বিজেপিয়ে দৰিদ্ৰ শ্ৰেণীৰ কথা চিন্তা কৰি তেওঁলোকৰ বাবে অটল কেন্টিন আঁচনি আৰম্ভ কৰাৰ কথা ক’লে । নড্ডাই কয় যে দিল্লীৰ বস্তিত অটল কেণ্টিন আঁচনি আৰম্ভ কৰি ৫ টকাত সম্পূৰ্ণ খাদ্য যোগান ধৰা হ’ব ।

নড্ডাই কয়, ‘‘আজি মই যিবোৰ কথা ক’বলৈ ওলাইছো, সেইবোৰে এখন উন্নত দিল্লীৰ ভেটি স্থাপন কৰিব । আজি আমি দিল্লীক কেনেকৈ আগুৱাই নিব পাৰি সেই বিষয়ে আলোচনা কৰিম ।” তেওঁ আৰু কয়, “আগতেও ইস্তাহাৰ আহিছিল, কিন্তু আপোনালোকে পাহৰি গৈছিল আৰু আনকি ৰাজনৈতিক দলসমূহেও কোৱা কথাবোৰ পাহৰি গৈছিল, কিন্তু ৰাজনৈতিক সংস্কৃতিৰ পৰিৱৰ্তন যে আজি ইস্তাহাৰখন ‘সংকল্প পত্ৰ’লৈ ৰূপান্তৰিত হৈছে । সংকল্পৰ পৰা সাফল্যলৈ গতি কৰাৰ মন্ত্ৰ আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও দিছে ।”

ইয়াৰ পূৰ্বে আজি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাই দিল্লীৰ বিজেপিৰ কাৰ্যালয়ত উপস্থিত হৈ দিল্লীৰ বাবে সংকল্প পত্ৰৰ প্ৰথম খণ্ড মুকলি কৰে । ৭০খন আসনৰ দিল্লী বিধানসভাৰ বাবে ৫ ফেব্ৰুৱাৰীত একক পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হোৱাৰ বিপৰীতে ৮ ফেব্ৰুৱাৰীত ভোটগণনা হ’ব ।

ছেইফ আলী খানৰ মুম্বাইৰ ঘৰৰ দাম কিমান? য'ত কৰা হৈছিল আক্ৰমণ
বেগত হালধি টুকুৰা ৰাখিলে কি হয় জানেনে?
মহাকুম্ভ মেলাৰ আঁৰৰ আধ্যাত্মিক তাৎপৰ্যৰ বিষয়ে জানেনে?
ঠাণ্ডাত শৰীৰ গৰম কৰি ৰাখিবলৈ নাগা সন্ন্যাসীসকলে কি খায়?