জম্মু-কাশ্মীৰ নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিয়ে প্ৰত্যাহাৰ কৰিলে বিজেপিয়ে, কেইঘণ্টা মানৰ ভিতৰতে কি হ’ল দলৰ ভিতৰত ?

এই তালিকাত তিনিজন কাশ্মীৰী পণ্ডিত সহ ৰাষ্ট্ৰীয় সন্মিলন, কংগ্ৰেছৰ পৰা নতুনকৈ বিজেপিত যোগদান কৰা নেতাৰ নাম সন্নিবিষ্ট কৰা হৈছিল। ১৪ গৰাকী মুছলমান নেতাৰ নামো এই তালিকাত আছিল। কিন্তু জম্মু-কাশ্মীৰ বিজেপিৰ সভাপতি ৰবীন্দ্ৰ ৰেইনাৰ আৰু প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী নিৰ্মল সিং আৰু কোবিন্দৰ গুপ্তাৰ নাম এই তালিকাত অন্তৰ্ভুক্ত হোৱা নাছিল।

জম্মু-কাশ্মীৰ নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিয়ে প্ৰত্যাহাৰ কৰিলে বিজেপিয়ে, কেইঘণ্টা মানৰ ভিতৰতে কি হ’ল দলৰ ভিতৰত ?
Updated On: 

26 Aug 2024 16:35 PM

৩৭০ প্ৰত্যাহাৰ কৰাৰ পাছত প্ৰথমবাৰৰ বাবে বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’বলৈ গৈ আছে জম্মু-কাশ্মীৰত । জম্মু-কাশ্মীৰৰ নিৰ্বাচনক লৈ সকলোতে চৰ্চা চলি থকাৰ মাজতে প্ৰাৰ্থী প্ৰক্ষেপক লৈ বিপাঙত পৰিছে বিজেপি । সোমবাৰে পুৱা প্ৰথম পৰ্যায়ৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশৰ কেইঘণ্টামানৰ ভিতৰতে বিজেপিয়ে সেই তালিকাখন প্ৰত্যাহাৰ কৰে । সূত্ৰ খবৰ অনুসৰি, অহা কেইঘণ্টামানৰ পাছতে বিজেপিয়ে পুনৰ প্ৰকাশ কৰিব নতুন তালিকা।

উল্লেখ্য যে, ১৯ ছেপ্টেম্বৰ ২৫ ছেপ্টেম্বৰ আৰু ১ অক্টোবৰ – তিনিটা পৰ্যায়ত অনুষ্ঠিত হ’ব জম্মু-কাশ্মীৰৰ বিধানসভা নিৰ্বাচন । অহা ৪ অক্টোবৰত ঘোষণা কৰা হ’ব নিৰ্বাচনৰ ফলাফল। এইলৈ সোমবাৰে পুৱা প্ৰথম পৰ্যায়ৰ প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰে বিজেপিয়ে। বিজেপিয়ে ঘোষণা কৰা এই প্ৰাৰ্থীৰ তালিকাত আছিল ৪৪ জন প্ৰাৰ্থীৰ নাম।

এই তালিকাত তিনিজন কাশ্মীৰী পণ্ডিত সহ ৰাষ্ট্ৰীয় সন্মিলন, কংগ্ৰেছৰ পৰা নতুনকৈ বিজেপিত যোগদান কৰা নেতাৰ নাম সন্নিবিষ্ট কৰা হৈছিল। ১৪ গৰাকী মুছলমান নেতাৰ নামো এই তালিকাত আছিল। কিন্তু জম্মু-কাশ্মীৰ বিজেপিৰ সভাপতি ৰবীন্দ্ৰ ৰেইনাৰ আৰু প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী নিৰ্মল সিং আৰু কোবিন্দৰ গুপ্তাৰ নাম এই তালিকাত অন্তৰ্ভুক্ত হোৱা নাছিল।

সূত্ৰ অনুসৰি এই তালিকা প্ৰকাশৰ লগে লগে জম্মু-কাশ্মীৰ বিজেপিৰ ভিতৰত তীব্ৰ অসন্তুষ্টিৰ সৃষ্টি হয়। ইয়াৰ বাবেই কেন্দ্রীয় নেতৃত্বই তালিকা প্রকাশ কৰাৰ পাছত প্রত্যাহাৰ কৰিবলৈ বাধ্য হ’ল৷ উল্লেখ্য যে, দেওবাৰে নিশা দিল্লীস্থিত বিজেপিৰ মুখ্য কাৰ্যালয়ত জম্মু-কাশ্মীৰৰ প্ৰাৰ্থীৰ তালিকা সন্দৰ্ভত এখন বৈঠক অনুষ্ঠিত হৈছিল । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিজেপিৰ কেন্দ্ৰীয় নিৰ্বাচনী সমিতিয়ে প্ৰাৰ্থীৰ তালিকাত ছীল মাৰিছিল। কিন্তু আজি আভ্যন্তৰীণ ক্ষোভৰ বাবে এই প্ৰাৰ্থী তালিকা প্ৰত্যাহাৰ কৰিবলগীয়া হ’ল বুলি সন্দেহ কৰা হৈছে ।

লগতে পঢ়ক: জম্মু-কাশ্মীৰ নিৰ্বাচনঃ বিজেপিৰ প্ৰথম তালিকাত ১৪জন মুছলিম, ২গৰাকী কাশ্মীৰী পণ্ডিতৰ নাম

সন্ন্যাসীসকলে কিয় চুলি নাকাটে? ইয়াৰ আঁৰত আছে বিশেষ কাৰণ...
ভোগালী বিহুত খোৱা চিৰা-দৈৰ জলপানৰ উপকাৰিতাৰ বিষয়ে জানেনে?
মাঘ বিহুত মাহ কৰাই আৰু পঁইতা ভাত খোৱাৰ পৰম্পৰাৰ বিষয়ে জানেনে?
উৰুকাৰ নিশা চুৰি কৰা পৰম্পৰাৰ বিষয়ে জানেনে?