দিন-দুপৰতে ৰাজপথৰ মাজত বিজেপি কৰ্মীক হত্যা, আৰক্ষী থানাত আত্মসমৰ্পণ অভিযুক্তৰ…

মঙলবাৰে দিনৰ পোহৰতে এজন বিজেপি কৰ্মীক নিৰ্মমভাৱে হত্যা কৰা হয়। কেৱল এয়াই নহয়, হত্যাকাণ্ডৰ পিছত হত্যাকাৰীয়ে নিজেই থানাত উপস্থিত হৈ আত্মসমৰ্পণ কৰে। স্থানীয় লোকে লগে লগে ঘটনাটো সন্দৰ্ভত আৰক্ষীক খবৰ দি চিকিৎসাৰ সহায়ৰ বাবে আহ্বান জনায় যদিও তেতিয়ালৈকে তেওঁৰ মৃত্যু হৈছিল। ইফালে একাংশ লোকে আক্রমণকাৰীক শিলগুটি নিক্ষেপ কৰি আঁতৰাবলৈ চেষ্টা কৰিছিল যদিও তেওঁ লৰচৰ নকৰিলে।

দিন-দুপৰতে ৰাজপথৰ মাজত বিজেপি কৰ্মীক হত্যা, আৰক্ষী থানাত আত্মসমৰ্পণ অভিযুক্তৰ...

প্ৰতীকি ফটো

Published: 

16 Apr 2025 07:01 AM

খোদ শাসকীয় পক্ষৰ কৰ্মীৰে নাই নিৰাপত্তা! মঙলবাৰে দিনৰ পোহৰতে এজন বিজেপি কৰ্মীক নিৰ্মমভাৱে হত্যা কৰা হয়। কেৱল এয়াই নহয়, হত্যাকাণ্ডৰ পিছত হত্যাকাৰীয়ে নিজেই থানাত উপস্থিত হৈ আত্মসমৰ্পণ কৰে। মহাৰাষ্ট্ৰৰ মাৰাথৱাড়াৰ বীড জিলাত সংঘটিত হৈছে এই ঘটনা। তথ্য অনুসৰি বৃহৎ ষড়যন্ত্ৰৰ সন্দেহত গোচৰটোৰ তদন্ত চলাই আছে বীড আৰক্ষীয়েও।

জানিব পৰা মতে বীড জিলাৰ মাজলগাঁও চহৰত এজন বিজেপি কৰ্মীক ৰাজহুৱাভাৱে চোকা অস্ত্ৰৰে হত্যা কৰাৰ ফলত চাঞ্চল্য বিয়পি পৰে। মৃত ব্যক্তিজন বাবাছাহেব আগে বুলি চিনাক্ত কৰা হৈছে। যিজন ভাৰতীয় জনতা পাৰ্টিৰ সৈতে সক্ৰিয়ভাৱে জড়িত হৈ থকা বুলি কোৱা হৈছে। অভিযুক্তৰ নাম নাৰায়ণ ফাপাল।

ইফালে এই নৃশংস হত্যাকাণ্ডৰ তদন্ত আৰম্ভ কৰা হৈছে বুলি জানিবলৈ দিয়ে আৰক্ষী বিষয়াই। আৰক্ষীয়ে থানাত আত্মসমৰ্পণ কৰা অভিযুক্তৰ সকলো দিশ, বিজেপি নেতাৰ সৈতে তেওঁৰ সম্পৰ্ক, হত্যাৰ কাৰণ আৰু ইয়াৰ আঁৰত কিবা ষড়যন্ত্ৰ আছে নে নাই সেই সন্দৰ্ভত তদন্ত অব্যাহত ৰখা হৈছে। প্ৰাথমিক তথ্য অনুসৰি মাজলগাঁৱৰ ব্যস্ত এলেকাত দুপৰীয়া প্ৰায় ২ বজাত সংঘটিত হয় এই ঘটনা। প্ৰত্যক্ষদৰ্শীৰ মতে, আক্ৰমণকাৰীয়ে হঠাতে বাবাছাহেব আগেক এখন ডাঙৰ চোকা ছুৰীৰে আক্ৰমণ কৰে। ইয়াৰ পিছতে বিজেপি কৰ্মীজন মাটিত পৰি যায়। তাৰ পাছত আক্ৰমণকাৰীয়ে তেওঁক ছুৰীৰে উপৰ্যুপৰি আঘাত কৰে।

স্থানীয় লোকে লগে লগে ঘটনাটো সন্দৰ্ভত আৰক্ষীক খবৰ দি চিকিৎসাৰ সহায়ৰ বাবে আহ্বান জনায় যদিও তেতিয়ালৈকে তেওঁৰ মৃত্যু হৈছিল। ইফালে একাংশ লোকে আক্রমণকাৰীক শিলগুটি নিক্ষেপ কৰি আঁতৰাবলৈ চেষ্টা কৰিছিল যদিও তেওঁ লৰচৰ নকৰিলে। ঘটনাৰ কিছু সময়ৰ পাছতে বাবা চাহেবৰ তেজেৰে তিতি থকা ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে। ইয়াৰ পাছতে সাধাৰণ জনতা আৰু ৰাজনৈতিক মহলৰ মাজত ক্ষোভ আৰু উত্তেজনাৰ পৰিৱেশৰ সৃষ্টি হয়।

হত্যাকাণ্ডৰ খবৰ বিয়পি পৰাৰ লগে লগে মাজলগাঁৱত উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হয়। সতৰ্কতামূলক ব্যৱস্থা হিচাপে আৰক্ষীয়ে অঞ্চলটোত নিৰাপত্তা বৃদ্ধি কৰিছে। ইফালে ঘটনাটো সন্দৰ্ভত হত্যাৰ গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে মাজলগাঁও আৰক্ষীয়ে। আৰক্ষীৰ মতে, দুপৰীয়া ২ বজাত বিজেপিৰ কাৰ্যালয়ৰ সমীপত হোৱা কাজিয়াৰ তথ্য লাভ কৰে। আৰক্ষী তাত উপস্থিত হোৱাত বালাচাহেব নামৰ এজন ব্যক্তি মাটিত পৰি আছিল। লগে লগে তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে ব্যক্তিজনক মৃত ঘোষণা কৰে। এই গোচৰত নাৰায়ণ ফাপাল নামৰ এজন অভিযুক্তই থানাত আত্মসমৰ্পণ কৰে।

উল্লেখ্য যে বীড জিলাত সৰ্পঞ্চ সন্তোষ দেশমুখৰ হত্যাকাণ্ডৰ পিছত মন্ত্ৰী ধনঞ্জয় মুণ্ডে পদত্যাগ কৰিবলগীয়া হৈছিল। বিগত কেইমাহমানত বিডত কেইবাটাও হত্যাকাণ্ড, হত্যাৰ চেষ্টা, দলবদ্ধ আৰু সংগঠিত অপৰাধ আৰু ডকাইতিৰ কাণ্ড সংঘটিত হৈছে। তাৰ পিছত বীডত আইন-শৃংখলাৰ অৱনতি ঘটা পৰিস্থিতিৰ সন্দৰ্ভত বিধানসভাৰ পৰা ৰাজপথলৈ প্ৰতিবাদ অব্যাহত আছে।

মন পচন্দৰ জীৱনসংগী পাবলৈ কি কি কৰিব লাগিব? প্ৰেমানন্দ মহাৰাজে ক'লে...
আজৱ! এইখন দেশত নিষিদ্ধ কণ্ডম, চেনিটেৰী পেড, গৰ্ভ নিৰোধক ব্যৱহাৰত...
যকৃতৰ কৰ্কট ৰোগ হোৱাৰ পূৰ্বে কি কি লক্ষণে দেখা দিয়ে? জানক সকলো...
বিহুৰ সময়ত সাতশাকী খোৱাৰ পৰম্পৰাৰ বিষয়ে জানেনে? তালিকাত কি কি শাক আছে...