৪ ৰাজ্যত তচনচ বিজেপি! কাম নিদিলে মোদীৰ চমক…

কিন্তু বিজেপিয়ে এইবাৰ সহজে চৰকাৰ গঠন কৰিব পাৰে নে নোৱাৰে সেয়া কোৱা কঠিন। কিয়নো  চৰকাৰ গঠনৰ বাবে ইণ্ডিয়া মিত্ৰজোঁটে চলাই গৈছে সকলো চেষ্টা। 

৪ ৰাজ্যত তচনচ বিজেপি! কাম নিদিলে মোদীৰ চমক...

ইণ্ডিয়া-মিত্ৰজোঁট

Updated On: 

05 Jun 2024 11:04 AM

৪০০ পাৰ কৰাৰ লক্ষ্যৰে নিৰ্বাচনত অৱতীৰ্ণ হোৱা এনডিএ ৩০০ খন আসন লাভ কৰিবলৈ সক্ষম নহ’ল। বিশ্বৰ জনপ্ৰিয় নেতা হিচাপে পৰিগণিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চমকেও কাম নিদিলে বিজেপিক। যাৰ বাবে ১০ বছৰ পাছত দেশে বাছি ল’লে মিত্ৰজোঁটৰ চৰকাৰ। যোৰদাৰ প্ৰচাৰ চলোৱাৰ পাছতো সংখ্যা গৰিষ্ঠতা লাভ কৰিব নোৱাৰিলে বিজেপিয়ে। ২৪০ খন আসনতে সন্তুষ্ট হ’ব লগা দলটোৱে আগৰ নিৰ্বাচনৰ তুলনাত এইবাৰ ৬৩ খন আসনৰ ঘাটী হয়।

বিজেপিৰ দুৰ্বল প্ৰদৰ্শন

উত্তৰ প্ৰদেশ, ৰাজস্থান, মহাৰাষ্ট্ৰ আৰু পশ্চিম বংগত মুঠ লোকসভা আসনৰ সংখ্যা ১৯৫ খন। ২০১৪ চনত এই চাৰিখন ৰাজ্যত ১২১খন ৰাজ্যত বিজেপিয়ে নিজাববীয়াকৈ জয়লাভ কৰিছিল।  ২০১৯ চনৰ নিৰ্বাচনত ইয়াৰ সংখ্যা হৈছিলগৈ  ১২৭ খন। কিন্তু ২০২৪ চনৰ নিৰ্বাচনত এই ৰাজ্যসমূহত ভেটি উচন হয় বিজেপিৰ। ইণ্ডিয়া মিত্ৰজোঁট  বিশেষকৈ আঞ্চলিক দলসমূহে ভাল প্ৰদৰ্শন কৰে।

এইবাৰ লোকসভা নিৰ্বাচনত এই ৰাজ্যসমূহত দলটোৱে মাত্ৰ ৬৮খন আসনহে লাভ কৰিবলৈ সক্ষম হয়। যি মুঠ আসনৰ মাত্ৰ ৩৫ শতাংশহে। যোৱা দুটা নিৰ্বাচনত এই ৪ খন ৰাজ্যৰ মুঠ আসনৰ প্ৰায় ৬০ৰ পৰা ৬৫ শতাংশ আসন লাভ কৰিছিল বিজেপিয়ে । যোৱা নিৰ্বাচনত উত্তৰ প্ৰদেশত বিজেপিৰ আসন কমি গৈছিল যদিও পশ্চিম বংগত কৰা প্ৰদৰ্শনৰ বাবে ৩০০ পাৰ হৈছিল।

 

উত্তৰ প্ৰদেশত তচনচ বিজেপি

বিগত সাধাৰণ নিৰ্বাচনত ৰাজ্যৰ ৬২খন আসন লাভ কৰা বিজেপি এইবাৰ ৩২খনহে লাভ কৰে । ইয়াৰ এটা অৰ্থ হ’ল বিজেপিয়ে প্ৰায় আধা আসন হেৰুৱাইছে। সমাজবাদী পাৰ্টিয়ে সৰ্বাধিক আসন লাভ কৰিছে উত্তৰ প্ৰদেশত।  ৩৭ খন আসন লাভ কৰিছে দলটোয়ে। উত্তৰ প্ৰদেশত মুঠ আসনৰ সংখ্যা ৮০।

মহাৰাষ্ট্ৰত ধূলিসাৎ বিজেপি

উত্তৰ প্ৰদেশৰ পিছত সৰ্বাধিক সাংসদ থকা ৰাজ্য হ’ল মহাৰাষ্ট্ৰ। ইয়াত আছে ৪৮ জন সাংসদ। ৰাজ্যখনত তিনিটা দলৰ সৈতে মিত্ৰতা কৰি নিৰ্বাচনত অৱতীৰ্ণ হোৱা বিজেপিয়ে এক বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হৈছে। বিজেপিয়ে ২৮খন আসনত প্ৰাৰ্থী প্ৰক্ষেপ কৰিছিল।

বিগত দুটা নিৰ্বাচনত অবিৰতভাৱে ২৩খন আসন লাভ কৰি অহা বিজেপিয়ে এইবাৰ দুটা অংকৰ সংখ্যাও স্পৰ্শ কৰিব পৰা নাই।  পূৰ্বতে মহাৰাষ্ট্ৰত এখন আসন পোৱা  কংগ্ৰেছে এইবাৰ ১৩খন আসন লাভ কৰিছে।ইয়াৰ বিপৰীতে বিজেপিয়ে লাভ কৰে মাত্ৰ ৯খন আসন।

পশ্চিম বংগত মমতাৰ জয় জয় ময় ময়

এইবাৰ পশ্চিম বংগত বিজেপিৰ প্ৰদৰ্শন ভাল হ’ব বুলি আশা কৰা হৈছিল যদিও তেনে নহ’ল। এই ৰাজ্যখনত কেৱল ১২ খন আসন লাভ কৰিবলৈ সক্ষম হয় বিজেপ। পূৰ্বৰ তুলনাত ৬খন আসনৰ লোকচান হয় বিজেপিৰ। ইয়াৰোপৰি তৃণমূল কংগ্ৰেছৰ হাতলৈ যায় ২৯ খন আসন।

ৰাজস্থানত কৰিব নোৱাৰিলে ক্লিন চুইপ

ৰাজস্থানত ক্লিন চুইপ মাৰিম বুলি বিশ্বাস থকা বিজেপিয়ে ৰাজস্থানতো ভাল প্ৰদৰ্শন দেখুৱাব নোৱাৰিলে। ২০১৪ চনত ২৫খন আসন, ২০১৯ চনত ২৪ খন আসন লাভ কৰা বিজেপিয়ে এইবাৰ মাত্ৰ ১৪খন আসন লাভ কৰি সন্তুষ্ট হ’বলগীয়া হয়।

এই ৰাজ্যসমূহত বিজেপিৰ দুৰ্বল প্ৰদৰ্শনৰ পিছতো বিজেপিয়ে ডাঙৰ দল হিচাপে আত্মপ্ৰকাশ কৰিছে। তৃতীয়বাৰৰ বাবে এনডিএ লাভ কৰিছে একক সংখ্যা গৰিষ্ঠতা। কিন্তু বিজেপিয়ে এইবাৰ সহজে চৰকাৰ গঠন কৰিব পাৰে নে নোৱাৰে সেয়া কোৱা কঠিন। কিয়নো  চৰকাৰ গঠনৰ বাবে ইণ্ডিয়া মিত্ৰজোঁটে চলাই গৈছে সকলো চেষ্টা।

পুটিনৰ ৰাছিয়াত ভাৰতৰ ১০০ টকাৰ মূল্য কিমান?
কেৱল প্ৰেমেই নহয়, গোলাপ ফুলে বৃদ্ধি কৰে ধন-সম্পত্তি, কৰক এই প্ৰতিকাৰ
আমেৰিকা যুক্তৰাষ্ট্ৰত ভাৰতীয় ১০০ টকাৰ বিনিময়ত কিমান ধন লাভ কৰিব জানেনে? জানিবলৈ চাওক
আটাইতকৈ কম মূল্যত পোৱা টাটাৰ বাহনখন কি জানেনে? সুৰক্ষাৰ দিশতো আাছে বিশ্বাস