চাঞ্চল্যকৰ ঘটনা! বাছ চলাই থকাৰ সময়তে হাৰ্ট এটেকত মৃত্যু চালকৰ, তাৰ পিছত… | BMTC Bengaluru bus driver dies by heart attack while driving Assam news - Assam Tv9

চাঞ্চল্যকৰ ঘটনা! বাছ চলাই থকাৰ সময়তে হাৰ্ট এটেকত মৃত্যু চালকৰ, তাৰ পিছত…

কৰ্ণাটকৰ বাংগালুৰুত আজি সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। বাছ চলাই থকা অৱস্থাতে হাৰ্ট এটেকত আক্ৰান্ত হৈ মৃত্যু হয় চালকৰ। এনে পৰিস্থিতিত বাছখনৰ কণ্ডাক্টৰজনৰ সময়োচিত পদক্ষেপৰ সহায়ত এক ভয়ানক দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিছে বাছখন। সমান্তৰালকৈ কোনোমতে প্ৰাণৰক্ষা পৰিছে বহুকেইজন লোকৰ।

চাঞ্চল্যকৰ ঘটনা! বাছ চলাই থকাৰ সময়তে হাৰ্ট এটেকত মৃত্যু চালকৰ, তাৰ পিছত…

হাৰ্ট এটেকত মৃত্যু বাছ চালকৰ

Published: 

07 Nov 2024 18:23 PM

কৰ্ণাটকৰ বাংগালুৰুত আজি সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। বাছ চলাই থকা অৱস্থাতে হাৰ্ট এটেকত আক্ৰান্ত হৈ মৃত্যু হয় চালকৰ। এনে পৰিস্থিতিত বাছখনৰ কণ্ডাক্টৰজনৰ সময়োচিত পদক্ষেপৰ সহায়ত এক ভয়ানক দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিছে বাছখন। সমান্তৰালকৈ কোনোমতে প্ৰাণৰক্ষা পৰিছে বহুকেইজন লোকৰ। বুধবাৰে নিশা প্ৰায় ১১ বজাত বাছখন নেলামংগলাৰ পৰা দাসনপুৰলৈ গৈ থকা সময়তে এই ঘটনা সংঘটিত হয়। এই ঘটনাৰ ভিডিঅ’ সম্প্ৰতি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

এই শোকাৱহ ক্ষণ বাছখনত সংস্থাপন কৰা কেমেৰাত বন্দী হৈ পৰে। হাৰ্ট এটেকৰ ফলত বাছ চালকজনে বুকুত বিষ অনুভৱ কৰি বহি থকা আসনতে বাগৰি পৰে। নিয়ন্ত্ৰণ হেৰুৱাৰ বাবে বাছখনে বাংগালুৰু মহানগৰ পৰিবহণ নিগমৰ আন এখন বাছত খুন্দা মাৰে। ইফালে এনে পৰিস্থিতিত তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰি কণ্ডাক্টৰজনে বাছখন নিয়ন্ত্ৰণ কৰে আৰু প্ৰাণ ৰক্ষা কৰে বহুজন লোকৰ।

নেলামংগলা চহৰৰ বিন্নামংগলা বাছ ষ্টেণ্ডৰ সমীপত সংঘটিত হয় এই ঘটনা। আকস্মিকভাৱে অহা হাৰ্ট এটেকৰ ফলত শোকাৱহভাৱে মৃত্যু ঘটে বাংগালুৰু মহানগৰ পৰিবহণ নিগমৰ চালকজনৰ। নিহত চালকজনক কিৰণ কুমাৰ (৪০) বুলি চিনাক্ত কৰা হৈছে। বুধবাৰে বাংগালুৰু উত্তৰ তালুকৰ দাসনপুৰ ডিপোলৈ বাছখন চলাই গৈ থকা অৱস্থাত হঠাৎ হাৰ্ট এটেকত আক্ৰান্ত হয় কুমাৰ।

নিহত কিৰণ কুমাৰে যোৱা ৬ বছৰ ধৰি ড্ৰাইভাৰ হিচাপে কাম কৰি আছিল। হাৰ্ট এটেকত আক্ৰান্ত হোৱাৰ পিছত কিৰণ কুমাৰক লগে লগে কণ্ডাক্টৰ অৱলেশৰ সহায়ত চালকজনক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও তেওঁৰ প্ৰাণ ৰক্ষা কৰা সম্ভৱ নহ’ল। বিষয়াসকলে জানিবলৈ দিয়া মতে, নিশা প্ৰায় ১১ বজাত ৪০ বছৰীয়া চালকজনে দিনটোৰ শেষ পথত নেলামংগলাৰ পৰা দাসনাপুৰা অঞ্চললৈ গৈ থকা অৱস্থাত এই ঘটনা সংঘটিত হয়।

এক বিবৃতি যোগে বাংগালুৰু মহানগৰ পৰিবহণ নিগমে হাৰ্ট এটেকত আকস্মিকভাৱে মৃত্যু হোৱা চালক কিৰণ কুমাৰৰ অকাল মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। নিগমে তেওঁৰ আত্মাৰ শান্তিৰ কামনা কৰাৰ লগতে  বাংগালুৰু মহানগৰ পৰিবহণ নিগমৰ জ্যেষ্ঠ বিষয়াসকলে কুমাৰৰ পৰিয়ালক সাক্ষাৎ কৰি তেওঁলোকক সাহায্য আৰু ক্ষতিপূৰণ প্ৰদান কৰে।

দেশত বন্ধ হৈছে ৩৫০০ৰো অধিক ATM, ইয়াৰ কাৰণ কি?
সূৰ্যাস্তৰ পিছত বা নিশা গা ধোৱাটো কিয় অশুভ বুলি কোৱা হয়?
তুলসী গছত আগবঢ়াওক এইসমূহ সামগ্ৰী, কেতিয়াও নহ'ব ধনৰ অভাৱ!
পুৱা উঠিয়েই ফোন চোৱাৰ অভ্যাস আছে নেকি? তেন্তে সাৱধান!