ফ্ৰান্সত পুনৰ নাও দুৰ্ঘটনাত মৃত্যু ১৩ জনৰ প্ৰব্ৰজনকাৰীৰ, উদ্ধাৰ অভিযান অব্যাহত

এগৰাকী বিষয়াই সদৰী কৰে যে, দুৰ্ভাগ্যজনকভাৱে নাওখনৰ তলৰ অংশ ফাটি গৈছিল। এই দুৰ্ঘটনা প্ৰায় ১৩ জন লোকৰ মৃত্যু হয় । ইয়াৰ সসমান্তৰালভাৱে উদ্ধাৰকাৰী দলে আন বহু লোকক উদ্ধাৰ কৰে । উদ্ধাৰ কৰা লোক সকলৰ বহুতৰে অৱস্থা অতি সংকটত জনক আৰু তেওঁলোকক চিকিৎসা সেৱা প্ৰদান কৰি থকা হৈছে বুলি জানিব পৰা গৈছে ।

ফ্ৰান্সত পুনৰ নাও দুৰ্ঘটনাত মৃত্যু ১৩ জনৰ প্ৰব্ৰজনকাৰীৰ, উদ্ধাৰ অভিযান অব্যাহত
Published: 

04 Sep 2024 08:45 AM

উত্তৰ ফ্ৰান্সৰ উপকূলত এখন নাও দুৰ্ঘটনাত পতিত হোৱাৰ ফলত ১৩ জন প্ৰব্ৰজনকাৰীৰ মৃত্যু হোৱাৰ খবৰ প্ৰকাশ পাইছে । এই নাওখনত প্ৰায় ৫০ জন প্ৰব্ৰজনকাৰী আছিল বুলি জানিব পৰা গৈছে । স্থানীয় সূত্ৰই সদৰী কৰা মতে, হঠাতে দুৰ্ঘটনাত পতিত হৈ ডুব যোৱা নাওখন ব্ৰিটেইনৰ অভিমুখে গৈ আছিল । ফ্ৰান্সৰ সামুদ্ৰিক বিষয়াসকলে জনোৱা মতে, নাওখনৰ তলৰ অংশ ফাটি যোৱাৰ ফলত নাওখন দুৰ্ঘটনাত পতিত হৈ ডুব যায় ।

এগৰাকী বিষয়াই সদৰী কৰে যে, দুৰ্ভাগ্যজনকভাৱে নাওখনৰ তলৰ অংশ ফাটি গৈছিল। এই দুৰ্ঘটনা প্ৰায় ১৩ জন লোকৰ মৃত্যু হয় । ইয়াৰ সসমান্তৰালভাৱে উদ্ধাৰকাৰী দলে আন বহু লোকক উদ্ধাৰ কৰে । উদ্ধাৰ কৰা লোক সকলৰ বহুতৰে অৱস্থা অতি সংকটত জনক আৰু তেওঁলোকক চিকিৎসা সেৱা প্ৰদান কৰি থকা হৈছে বুলি জানিব পৰা গৈছে ।

উল্লেখ্য যে, ইংলিচ চেনেলত প্ৰব্ৰজনকাৰীৰ মৃত্যুৰ সংখ্যা চলিত বৰ্ষত বৃদ্ধি পাইছে। আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজন সংস্থাৰ তথ্য অনুসৰি, এই বছৰ ব্ৰিটেইনত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰা কমেও ৩০ জন প্ৰব্ৰজনকাৰীৰ মৃত্যু হৈছে বা নিৰুদ্দেশ হৈছে।

এই ঘটনাক ইংলিচ চেনেলত চলিত বৰ্ষৰ আটাইতকৈ ভয়ানক প্ৰব্ৰজনকাৰী দুৰ্ঘটনা বুলি বিবেচিত হৈছে। ফ্ৰান্সৰ স্বৰাজ মন্ত্ৰী জেৰাল্ড ডাৰমানিনে এই ঘটনাক ভয়ংকৰ বুলি অভিহিত কৰিছে। যোৱা সপ্তাহত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন আৰু ব্ৰিটিছ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰে প্ৰব্ৰজনকাৰীৰ গোপন পথ বন্ধ কৰাৰ বাবে সহযোগিতা বৃদ্ধিৰ বিষয়ে আলোচনা কৰিছিল।

ইংলিচ চেনেল এটা জলপথ। এই চেনেলৰ মাজেৰে সৰু সৰু নাৱেৰে যাত্ৰা কৰাটো বিপদজনক হৈ পৰে বুলি বিশ্বাস কৰা হয়। এইবাৰ কেৱল যোৱা সাত দিনত ২,১০৯ জন প্ৰব্ৰজনকাৰীয়ে সৰু সৰু নাৱেৰে ইংলিচ চেনেল পাৰ হোৱাৰ চেষ্টা কৰিছে। প্ৰব্ৰজনকাৰী সমস্যা কেৱল ফ্ৰান্স আৰু ব্ৰিটেইনতে সীমাবদ্ধ নহয়, সমগ্ৰ ইউৰোপতে এটা ডাঙৰ বিষয় হৈ পৰিছে।

১ লাখৰো অধিক! ডুবাইত এটা সৰু ফ্লেটৰ ভাড়া জানিলে আচৰিত হ'ব আপুনি...
ধন লাভৰ বাবে এইদৰে ব্যৱহাৰ কৰক নিমখ আৰু লং!
দেশৰ একমাত্ৰ নদী, য'ৰ পৰা মানুহে উপাৰ্জন কৰে কোটি টকা! জানক কেনেকৈ...
কিয় ছাণ্টাক্লজে কেৱল ৰঙা কাপোৰ পৰিধান কৰে জানেনে, আছে এটা বিশেষ কাৰণ...