শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

মুখত টেপ, মেলা চুলি… নলাত উদ্ধাৰ হোৱা ছুটকেছ খুলি হতবাক আৰক্ষী

নলাত জাবৰৰ সৈতে পৰি থকা এটা ট্ৰলীৰ বেগ দেখি প্ৰত্যক্ষদৰ্শীৰ ওপজিল সন্দেহ। তাৰ পাছত মঙলবাৰে পুৱা ঘটনাস্থলীত উপস্থিত হৈ বেগটো উদ্ধাৰ কৰে আৰক্ষীয়ে। পিছে বেগটো খুলি দিয়াৰ লগে লগে চকু কপালত উঠিল আৰক্ষীৰ । পুনৰ ট্ৰলী বেগৰ ভিতৰত উদ্ধাৰ মৃতদেহ।

মুখত টেপ, মেলা চুলি… নলাত উদ্ধাৰ হোৱা ছুটকেছ খুলি হতবাক আৰক্ষী
ট্ৰলী বেগৰ ভিতৰত উদ্ধাৰ মৃতদেহImage Credit source: TV9 Bangla
trishna-kalita
Trishna Kalita | Updated On: 22 Apr 2025 13:24 PM

বৰ্তমান অপৰাধীৰে ভৰি পৰিছে আমাৰ সমাজ। নিতৌ সংঘটিত হৈছে ন ন অপৰাধ। কেতিয়াবা যদি নিজৰ ঘৰত, কেতিয়া আকৌ পথৰ কাষত, কেতিয়া পানীৰ টেংকিত, ন’হলে বা ড্ৰামত, আন কেতিয়াবা আকৌ ফ্ৰীজত উদ্ধাৰ কৰা হয় ক্ষত-বিক্ষত মৃতদেহ। এনেবোৰ জঘন্য কাণ্ড সংঘটিত কৰিবলৈ এবাৰো হাত কঁপি নুঠে একাংশ অপৰাধীৰ। এনেদৰে এটাৰ পাছত আনটো  মৃতদেহ উদ্ধাৰ কৰা হৈছে, কিন্তু নকমে অপৰাধীৰ সংখ্যা, নাই  অপৰাধৰ উচিত বিচাৰ।

এইবাৰ নলাত জাবৰৰ সৈতে পৰি থকা এটা ট্ৰলীৰ বেগ দেখি প্ৰত্যক্ষদৰ্শীৰ ওপজিল সন্দেহ। তাৰ পাছত মঙলবাৰে পুৱা ঘটনাস্থলীত উপস্থিত হৈ বেগটো উদ্ধাৰ কৰে আৰক্ষীয়ে। পিছে বেগটো খুলি দিয়াৰ লগে লগে চকু কপালত উঠিল আৰক্ষীৰ । পুনৰ ট্ৰলী বেগৰ ভিতৰত উদ্ধাৰ মৃতদেহ। বিগত ফেব্ৰুৱাৰী মাহত  ট্ৰলী বেগৰ ভিতৰৰ পৰা উদ্ধাৰ হৈছিল এগৰাকী মহিলাৰ মৃতদেহ।

জানিব পৰা মতে সোমবাৰে সন্ধিয়া কলকাতাৰ বাগুয়াট্টি অঞ্চলৰ বাসিন্দাসকলে প্ৰথমটো ট্ৰলী বেগ এটা প্ৰত্যক্ষ কৰে। প্ৰথমতে তেওঁলোকে ভাবিছিল যে ট্ৰলী বেগটো জাবৰৰ সৈতে পেলাই দিয়া হৈছে। সেয়েহে কোনেও কথাটোত বিশেষ গুৰুত্ব নিদিলে। কিন্তু মঙলবাৰে পুৱা এজন কাগজ বিক্ৰেতাই বেগটো ভালদৰে লক্ষ্য কৰি স্থানীয় বাসিন্দাক খবৰ দিয়ে।

তাৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় বাগুয়াট্টি থানাৰ আৰক্ষী। ট্ৰলীটো উদ্ধাৰ কৰি থানালৈ লৈ যোৱা হয় আৰু বেগটো খোলাৰ পাছত ভিতৰত দেখা গ’ল  এটা মৃতদেহ। আৰক্ষীয়ে জনোৱা মতে, বেগটোৰ ভিতৰত উদ্ধাৰ হৈছে এগৰাকী যুৱতীৰ মৃতদেহ। ছালোৱাৰ কামিজ পিন্ধি যুৱতীগৰাকীৰ চুলি খোলা আছিল আৰু মুখখন ব্ৰাউন টেপেৰে বান্ধি থোৱা আছিল। আৰক্ষীৰ দাবী মতে, হত্যাৰ পাছত মৃতদেহটো ধ্বংস কৰাৰ চেষ্টা কৰা হৈছিল।

আৰক্ষীয়ে দাবী অনুসৰি যুৱতীগৰাকীৰ বয়স প্ৰায় ২৫ৰ পৰা ৩০ বছৰৰ ভিতৰত। যুৱতীগৰাকীৰ পৰিচয় উদ্ধাৰ কৰিবলৈ চেষ্টা চলাইছে আৰক্ষীয়ে। এই ঘটনা কোনে, কিয় সংঘটিত কৰিলে, সেই সন্ধানত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

উল্লেখ্য যে চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত উত্তৰ কলকাতাৰ কুমাৰতুলিত গংগা নদীৰ পাৰত মহিলাৰ মূণ্ডবিহীন, কটা মৃতদেহ কঢ়িয়াই অনা ট্ৰলী বেগ এটা নদীত পেলাবলৈ চেষ্টা কৰি থকা অৱস্থাত দুগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰা হৈছিল। মাতৃ আৰু কন্যা দুগৰাকীৰ নাম ফাল্গুনি ঘোষ আৰু আৰতি ঘোষ। ট্ৰলী বেগৰ ভিতৰৰ পৰা কটা আৰু মূৰবিহীন মৃতদেহ উদ্ধাৰ হোৱা মহিলাগৰাকী ধৃত মহিলা দুগৰাকীৰ আত্মীয় সুমিতা ঘোষৰ বুলি জানিব পৰা গৈছে।