দুৰ্ঘটনাৰ পিছত এইবাৰ ৰে’লত বোমাতংকঃ চলন্ত ৰে’লত বোমাৰ ভাবুকিয়ে লগালে হুৱাদুৱা | Bomb threat in Darbhanga to New Delhi bound Bihar Sampark Kranti rail Assam news - Assam Tv9

দুৰ্ঘটনাৰ পিছত এইবাৰ ৰে’লত বোমাতংকঃ চলন্ত ৰে’লত বোমাৰ ভাবুকিয়ে লগালে হুৱাদুৱা

দুৰ্ঘটনাজনিত সংশয়ৰ পিছত এইবাৰ ৰে’লত বিৰাজ কৰিছে বোমাতংকই। এখন চলন্ত ৰে’লত বোমাৰ ভাবুকিয়ে সৃষ্টি কৰিছে চাঞ্চল্যৰ। বিহাৰৰ দৰভঙাৰ পৰা নতুন দিল্লীমুখী বিহাৰ সম্পৰ্ক ক্ৰান্তিত বোমা থকা বুলি লাভ কৰিছে ভাবুকি। এই উদ্বেগজনক ভাবুকি লাভ কৰাৰ পিছতে ৰে’লখন লগে লগে গোণ্ডা ৰে’ল ষ্টেচনত ৰখাই দিয়া হয়।

দুৰ্ঘটনাৰ পিছত এইবাৰ ৰে’লত বোমাতংকঃ চলন্ত ৰে’লত বোমাৰ ভাবুকিয়ে লগালে হুৱাদুৱা

ৰে’লত বোমাৰ ভাবুকি (প্ৰতিনিধিত্বমূলক ছবি)

Published: 

02 Nov 2024 12:22 PM

দেশৰ অধিকাংশ জনসাধাৰণৰ বাবে পৰিবহণৰ আটাইতকৈ প্ৰিয় মাধ্যম হিচাপে জনা যায় ভাৰতীয় ৰে’লৱেক। পিছে ইটোৰ পিছত সিটোকৈ ধাৰাবাহিক দুৰ্ঘটনাৰ বাবে শেহতীয়াকৈ ভাৰতীয় ৰে’লৱেৰ প্ৰতি দেশৰ এক বৃ্হৎ অংশ লোকৰ আস্থা ভংগ হৈছে। ৰে’লৱেত যাত্ৰাৰ ক্ষেত্ৰত নিৰাপত্তাজনিত সংশয়ত ভুগিছে বহু লোক। এনে দুৰ্ঘটনাজনিত সংশয়ৰ পিছত এইবাৰ ৰে’লত বিৰাজ কৰিছে বোমাতংকই। এখন চলন্ত ৰে’লত বোমাৰ ভাবুকিয়ে সৃষ্টি কৰিছে চাঞ্চল্যৰ। বিহাৰৰ দৰভঙাৰ পৰা নতুন দিল্লীমুখী বিহাৰ সম্পৰ্ক ক্ৰান্তিত বোমা থকা বুলি লাভ কৰিছে ভাবুকি।

এই উদ্বেগজনক ভাবুকি লাভ কৰাৰ পিছতে ৰে’লখন লগে লগে গোণ্ডা ৰে’ল ষ্টেচনত ৰখাই দিয়া হয়। ইফালে এই তথ্য লাভ কৰাৰ পিছতে গোণ্ডাৰ আৰক্ষী অধীক্ষকৰ নেতৃত্বত আৰক্ষীৰ এটা দল ডগ স্কোৱাডৰ সৈতে ৰে’ল ষ্টেচনত উপস্থিত হয় আৰু ৰে’লখনত বোমা্ৰ সন্ধান চলায়। আৰক্ষীৰ লগতে আৰ পি এফ আৰু জি আৰ পিৰ জোৱানেও ভাবুকি লাভ কৰাৰ দৰে ৰে’লখনত বোমাৰ সন্ধানত সকলো ডবা  পৰীক্ষা কৰে।

আনহাতে ৰে’লখনত থকা যাত্ৰীসকলে বোমাৰ ভাবুকিৰ বিষয়ে অৱগত হোৱাৰ লগে লগে তেওঁলোকৰ মাজত ব্যপক আতংকৰ সৃষ্টি হয়। গোণ্ডা ষ্টেচনত ৰে’লখন ৰখাই দিয়াৰ পিছত সকলো যাত্ৰীকে ৰে’লৰ পৰা নমাই দিয়া হয়।.অৱশ্যে প্ৰায় দুঘণ্টা সময়জোৰা পৰীক্ষণৰ অন্তত ৰেলখনত কোনো আপত্তিজনক সামগ্ৰী পোৱা নগ’ল বুলি কৰ্তৃপক্ষই সদৰী কৰিছে। এনে পৰিস্থিতিত দুৰ্বৃত্তই আতংক সৃষ্টিৰ বাবে এনে ভুৱা ভাবুকি দিয়া বুলি স্পষ্ট হৈ পৰে।

লক্ষণীয়ভাৱে যোৱা কেইমাহমানত দেশৰ বহু স্থানত এনে বোমা ভাবুকিৰ খবৰ পোহৰলৈ আহিছে। চিকিৎসালয়, বিদ্যালয়ৰ পৰা আৰম্ভ কৰি বিমান বন্দৰ, ৰে’ল ষ্টেচনলৈকে জোকাৰিছে এনে ভুৱা ভাবুকিয়ে। বিশেষকৈ শেহতীয়া কিছুদিনত বিমানত এনে ভাবুকি যথেষ্ট বৃদ্ধি পাইছে। অৱশ্যে এনে প্ৰতিটো ভাবুকিয়েই মূৰকত মিছা প্ৰমাণিত হৈছে।

শেহতীয়াকৈ যোৱা ৩০ অক্টোবৰত ৰাজস্থানৰ হনুনগড় জংচন ৰে’ল ষ্টেচনত এনেদৰে বোমাৰ ভাবুকি দিয়া হৈছিল। এই ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি ষ্টেচনটোৰে পাৰ হৈ যোৱা সকলো ৰে’ল পৰীক্ষা কৰা হয়। ইয়াৰ উপৰিও প্লেটফৰ্মত বহি থকা যাত্ৰীসকলৰ লগতে তেওঁলোকৰ লাগেজো পৰীক্ষা কৰা হৈছিল। অৱশ্যে আৰক্ষী আৰু জি আৰ পিৰ দ্বাৰা পৰীক্ষাৰ সময়ত ষ্টেচনত কোনো আপত্তিজনক সামগ্ৰী পোৱা নগ’ল।

ইফালে কিছুদিন ধৰি দুৰ্বৃত্তই ৰে’ল দুৰ্ঘটনা সংঘটিত হোৱাকৈ ৰে’লৰ ট্ৰেকত লো, শিল আদি সামগ্ৰী দি থোৱাও পৰিলক্ষিত হৈছে। বৃহস্পতিবাৰে নিশা তামিলনাডুত দেখা যায় এনে এক দৃশ্য। চেন্নাই অভিমুখী এক্সপ্ৰেছ ৰে’লৰ সতৰ্ক লোকো পাইলটে টেনকাছি জিলাৰ ৰে’লৰ ট্ৰেকত দুটা শিল তুলি থোৱা দেখি সময়মতে ব্ৰেক প্ৰয়োগ কৰে আৰু এক নিশ্চিত ভয়ংকৰ বিপদৰ পৰা ৰে’লখন ৰক্ষা পৰে। এই সন্দৰ্ভত তদন্ত চলি আছে বুলি কৰ্তৃপক্ষই জানিবলৈ দিয়ে।

নতুন ঘৰ কিনাৰ পৰিকল্পনা কৰি আছে নেকি? মনত ৰাখিব এই ৭টা কথা!
নিশা গাৰুৰ তলত ইলাচি লৈ শুলে লাভ কৰিব এনে আচৰিত উপকাৰিতা, জানিলে উপকৃত হ’ব আপুনি
'মাতৃ-পিতৃ বন্দনা'ৰ নামত ৰাজ্যৰ শিক্ষক-কৰ্মচাৰীয়ে পাব ৫ দিনৰ ছুটী!
শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰাবলৈ দৈনিক কিমান পৰিমাণে গুৰ খাব লাগে? বিশেষজ্ঞৰ পৰা জানক