এয়া কিহৰ ইংগিত! পুনৰ বোমাৰ ভাবুকি, আতংকই জোকাৰিছে বিমানবন্দৰ | Bomb threat in delhi to Indore airport Alliance flight Assam news - Assam Tv9

এয়া কিহৰ ইংগিত! পুনৰ বোমাৰ ভাবুকি, আতংকই জোকাৰিছে বিমানবন্দৰ

দেশৰ ৰাজধানী দিল্লীৰ পৰা মধ্যপ্ৰদেশৰ ইন্দোৰ অভিমুখী এখন বিমানত দুৰ্বৃত্তই দিছে বোমা বিস্ফোৰণৰ ভাবুকি। এই বোমা বিস্ফোৰণৰ ভাবুকিয়ে সৃষ্টি কৰিছে ব্যাপক চাঞ্চল্যৰ। সামাজিক মাধ্যমৰ জৰিয়তে ইন্দোৰ বিমানবন্দৰ কৰ্তৃপক্ষই এই ভাবুকি লাভ কৰে। এই ভাবুকি লাভ কৰাৰ লগে লগে ইন্দোৰ আৰক্ষীয়ে বিমানবন্দৰত নিৰাপত্তাৰ ব্যৱস্থা কটকটীয়া কৰি তুলিছে।

এয়া কিহৰ ইংগিত! পুনৰ বোমাৰ ভাবুকি, আতংকই জোকাৰিছে বিমানবন্দৰ

বিমানত বোমাৰ ভাবুকি

Published: 

20 Oct 2024 20:21 PM

পুনৰ বোমাৰ ভাবুকিয়ে জোকাৰিছে দেশ। দেশৰ ৰাজধানী দিল্লীৰ পৰা মধ্যপ্ৰদেশৰ ইন্দোৰ অভিমুখী এখন বিমানত দুৰ্বৃত্তই দিছে বোমা বিস্ফোৰণৰ ভাবুকি। এই বোমা বিস্ফোৰণৰ ভাবুকিয়ে সৃষ্টি কৰিছে ব্যাপক চাঞ্চল্যৰ। সামাজিক মাধ্যমৰ জৰিয়তে ইন্দোৰ বিমানবন্দৰ কৰ্তৃপক্ষই এই ভাবুকি লাভ কৰে। এই ভাবুকি লাভ কৰাৰ লগে লগে ইন্দোৰ আৰক্ষীয়ে বিমানবন্দৰত নিৰাপত্তাৰ ব্যৱস্থা কটকটীয়া কৰি তুলিছে। সমান্তৰালকৈ বোমা স্কোৱাড আৰু ডগ স্কোৱাডৰ লগতে নিৰাপত্তা ব্যৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি আন এক্সপাৰ্ট স্কোৱাডসমূহকো বিমানবন্দৰলৈ মাতি নিয়া হয়।

ইন্দোৰৰ অতিৰিক্ত আৰক্ষী আয়ুক্ত আলোক শৰ্মাই এই সন্দৰ্ভত জানিবলৈ দিয়া মতে, বিমানবন্দৰ কৰ্তৃপক্ষই সামাজিক মাধ্যমৰ জৰিয়তে এই ভাবুকি লাভ কৰিছিল। দিল্লীৰ পৰা ইন্দোৰ অভিমুখে আহিছিল এলায়েন্স এয়াৰলাইনছৰ এই বিমানখন। সামাজিক মাধ্যম যোগে বিমানখত বোমা আছিল বুলি ভাবুকি দিয়া হৈছিল। এই ভাবুকিত ১০ জন লোকে বোমা লৈ বিমানখনত উঠা বুলি দাবী কৰা হৈছিল।

লগতে ভাবুকি দিওঁতাই এই বোমা বিস্ফোৰণত সকলো যাত্ৰী সমাস্থিত হ’ব বুলি ভাবুকি দিছিল। এই ভাবুকি লাভ কৰাৰ লগে লগে বিমানবন্দৰ কৰ্তৃপক্ষই বিমানবন্দৰ আৰক্ষীক অৱগত কৰে। ইয়াৰ পিছতে বিমানবন্দৰ আৰক্ষীয়ে বিমানখনৰ পৰা নামি অহা প্ৰতিজন যাত্ৰীক পৰীক্ষা কৰে। সমান্তৰালৈ বিমানখনৰ ভিতৰত বোমা স্কোৱাড আৰু ডগ স্কোৱাডেও বোমাৰ সন্ধানত পৰীক্ষা কৰে।

অৱশ্যে কৰ্তৃপক্ষৰ এই পৰীক্ষাত ভাবুকিত উল্লেখ কৰাৰ দৰে কোনো সন্দেহজনক ব্যক্তি বা সামগ্ৰী এই পৰ্যন্ত উদ্ধাৰ হোৱা নাই বুলি কৰ্তৃপক্ষই সদৰী কৰিছে। অতিৰিক্ত আৰক্ষী আয়ুক্ত আলোক শৰ্মাই এই ভাবুকিক এক উৰাবাতৰি বুলি নিশ্চিত কৰি এই ভাবুকিৰে বিমানবন্দৰ কৰ্তৃপক্ষলৈ মেছেজ কৰা এজন অচিনাকি ব্যক্তিৰ বিৰুদ্ধে এই সন্দৰ্ভত গোচৰ ৰুজু কৰা হৈছে বুলি জানিবলৈ দিছে।

আৰক্ষীয়ে আই পি এড্ৰেছৰ জৰিয়তে অচিনাক্ত ব্যক্তিজনৰ সন্ধান চলাই থকা বুলিও তেওঁ অৱগত কৰে। আৰক্ষী বিষয়াজনে লগতে ইন্দোৰ বিমানবন্দৰ কৰ্তৃপক্ষই ইয়াৰ পূৰ্বেও এনে ভাবুকি লাভ কৰিছে বুলি উল্লেখ কৰে। ইন্দোৰ বিমানবন্দৰৰ লগতে আজি বিয়লি যোধপুৰতো এখন বিমান বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি প্ৰদান কৰিছিল দুৰ্বৃত্তই। ইণ্ডিগোৰ ৬ই১৩৩ বিমানত বোমা বিস্ফোৰণ কৰা হ’ব বুলি দুৰ্বৃত্তই ভাবুকি দিছিল।

এই ভাবুকি দিওঁতাই পুনেৰ পৰা যোধপুৰ অভিমুখে অহা এই বিমানখনত বোমা স্থাপন কৰা হৈছিল বুলি ভাবুকি প্ৰদান কৰিছিল। অৱশ্যে এনে ভাবুকিৰ পিছতো এই বিমানখন নিৰাপদে যোধপুৰ বিমানবন্দৰত অৱতৰণ কৰে। ইয়াৰ পিছতে আৰক্ষী আৰু নিৰাপত্তা সংস্থাসমূহে বিমানখনৰ পৰা নামি অহা যাত্ৰীসকলৰ তদন্ত কৰে। তদন্তত এই ভাবুকিও মিছা প্ৰমাণিত হয়।

ক'লা হৰিণ আৰু সাধাৰণ হৰিণৰ মাজত কি কি পাৰ্থক্য থাকে?
পাকিস্তানেই নহয়, ঘৰুৱা মাটিত টেষ্টত ভাৰতৰো হৈছে একেই গতি!
পুষ্পা ২ৰ আইটেম চঙত দেখা যাব ৮০০ কোটি টকা উপাৰ্জন কৰা বলীউডৰ অভিনেত্ৰীক!
ঘৰৰ এই দিশত ৰাখক গণেশৰ মূৰ্তি,সদায় থাকিব সুখ শান্তি, হ'ব সমৃদ্ধি...