পুনৰ বোমাৰ ভাবুকি! দিল্লীৰ পৰা লণ্ডন অভিমুখী ভিষ্টাৰাৰ বিমান ফ্ৰেংকফৰ্টত অৱতৰণ | Bomb threat to Vistara Delhi London flight diverted to frankfurt Assam news - Assam Tv9

পুনৰ বোমাৰ ভাবুকি! দিল্লীৰ পৰা লণ্ডন অভিমুখী ভিষ্টাৰাৰ বিমান ফ্ৰেংকফৰ্টত অৱতৰণ

এইবাৰ ভিষ্টাৰাৰ এখন বিমানে লাভ কৰিছে বোমা বিস্ফোৰণৰ ভাবুকি। এই ভাবুকি লাভ কৰা ভিষ্টাৰাৰ বিমানখন দিল্লীৰ পৰা লণ্ডন অভিমুখে যাত্ৰা কৰিছিল। কিন্তু আকাশমাৰ্গতে এই ভাবুকি লাভ কৰাৰ পিছতে বিমানখনৰ যাত্ৰাপথ ফ্ৰেংকফৰ্ট অভিমুখে সলনি কৰা হয়।

পুনৰ বোমাৰ ভাবুকি! দিল্লীৰ পৰা লণ্ডন অভিমুখী ভিষ্টাৰাৰ বিমান ফ্ৰেংকফৰ্টত অৱতৰণ

ভিষ্টাৰাৰ বিমানত বোমাৰ ভাবুকি

Updated On: 

19 Oct 2024 10:17 AM

দেশত নিৰন্তৰ বৃদ্ধি পাইছে বোমা বিস্ফোৰণৰ ভুৱা ভাবুকিৰ ঘটনা। ইটোৰ পিছত সিটোকৈ বোমাৰ ভাবুকিয়ে ধাৰাবাহিকভাৱে দখল কৰি আহিছে সংবাদ শিৰোনাম। প্ৰথম অৱস্থাত এনে ভাবুকি বিদ্যালয়, চিকিৎসালয় আদি প্ৰতিষ্ঠানেও এনে ভাবুকি লাভ কৰিছিল যদিও বিগত কিছু দিনৰ পৰা বিমানসমূহক এনে ভাবুকিৰ লক্ষ্য কৰি লৈছে দুৰ্বৃত্তই। এইবাৰ ভিষ্টাৰাৰ এখন বিমানে লাভ কৰিছে বোমা বিস্ফোৰণৰ ভাবুকি। এই ভাবুকি লাভ কৰা ভিষ্টাৰাৰ বিমানখন দিল্লীৰ পৰা লণ্ডন অভিমুখে যাত্ৰা কৰিছিল। কিন্তু আকাশমাৰ্গতে এই ভাবুকি লাভ কৰাৰ পিছতে বিমানখনৰ যাত্ৰাপথ ফ্ৰেংকফৰ্ট অভিমুখে সলনি কৰা হয়।

ইতিমধ্যে বিমান সংস্থাটোৰ মুখপাত্ৰই এই তথ্য প্ৰদান কৰিছে। তেওঁ জানিবলৈ দিয়া মতে, ১৮ অক্টোবৰ অৰ্থাৎ শুকুৰবাৰে দিল্লীৰ পৰা লণ্ডন অভিমুখী ভিষ্টাৰৰ বিমান নম্বৰ ইউ কে ১৭ বিমানে সামাজিক মাধ্যম যোগে নিৰাপত্তাৰ প্ৰতি এই ভাবুকি লাভ কৰিছিল। বিমানখনত বোমা বিস্ফোৰণৰ ভাবুকিৰ পিছতে তাৎক্ষণিকভাৱে সংশ্লিষ্ট সকলো কৰ্তৃপক্ষক এই বিষয়ে অৱগত কৰা হয়।

ইয়াৰ পিছত সতৰ্কতামূলক ব্যৱস্থা হিচাপে পাইলটসকলে বিমানখনৰ যাত্ৰাপথ ফ্ৰেংকফৰ্টৰ দিশে সলনি কৰাৰ সিদ্ধান্ত লয়। বিমানখন ফ্ৰেংকফৰ্ট বিমানবন্দৰত অৱতৰণ কৰাৰ পিছতে লগে লগে এই ভাবুকি সন্দৰ্ভত তদন্ত তথা পৰীক্ষা কৰা হয় যদিও ভাবুকিত উল্লেখ কৰাৰ দৰে কোনো সন্দেহজনক সামগ্ৰী পোৱা নগ’ল বিমানখনত। ছিকিউৰিটি ক্লিয়াৰেন্স পোৱাৰ পিছত প্ৰায় ডেৰ-দুই ঘণ্টাৰ অন্তত লণ্ডন অভিমুখে পুনৰ উৰা মাৰে বিমানখন।

লক্ষণীয়ভাৱে বিমানত বোমাৰ ভাবুকিৰ ঘটনা এয়াই প্ৰথম নহয়। গত কিছুদিনৰ ভিতৰত ৪০খনতকৈও অধিক বিমানে এনে ভাবুকি লাভ কৰিছে। অৱশ্যে পৰীক্ষাৰ পিছত এই সকলো ভাবুকি মিছা বুলি প্ৰমাণিত হৈছে। শুকুৰবাৰে বাংগালুৰুৰ পৰা মুম্বাইলৈ যাত্ৰা কৰা আকাছা এয়াৰৰ বিমান নম্বৰ QP 1366 তো বোমা বিস্ফোৰণৰ ভাবুকি আহিছিল। এই ভাবুকিৰ পিছত আটাইকেইজন যাত্ৰীক বিমানৰ পৰা নমাই দিব লগা হয়।

একেদৰে ডুবাইৰ পৰা জয়পুৰ অভিমুখে অহা এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ IX-196 নম্বৰৰ বিমানখনে ইমেইলৰ জৰিয়তে লাভ কৰে বোমাৰ ভাবুকি। এই ভাবুকিৰ পিছতে নিশা ১:২০ বজাত জয়পুৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰে বিমানখন। ইয়াৰ পিছত নিৰাপত্তা বাহিনীয়ে বিমানখনৰ তদন্ত কৰে যদিও এই তদন্তত একো পোৱা নগ’ল। এই বিমানখনত ১৮৯ জন যাত্ৰী আছিল।

দেশত বিমান কোম্পানীসমূহে এইদৰে ধাৰাবাহিকভাৱে লাভ কৰা ভুৱা বোমাৰ ভাবুকিৰ ঘটনা ৰোধ কৰিবলৈ কঠোৰ নিয়ম কাৰ্যকৰী কৰাৰ পৰিকল্পনা কৰিছে অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে। এই পৰিকল্পনা অনুসৰি এনে ভাবুকি দিয়া অপৰাধীক ‘নো-ফ্লাই’ তালিকাত স্থান দিয়া হ’ব বুলি জানিব পৰা গৈছে।

দেৱালীৰ দিনটোত নকৰিব এইবোৰ ভুল
২০ বছৰ ধৰি ছলমান-ছোহেলইৰ ঘনিষ্ঠ বন্ধু ল’ৰেন্স, একেলগে চিনেমাতো কৰিছে কাম
কিমানলৈকে পঢ়িছিল মহম্মদ চিৰাজে, DSP হিচাপে কিমান পাব দৰমহা?
মাত্ৰ ২৩ ৰানেৰে গাংগুলী-দ্ৰাবিড়ক অতিক্ৰম কৰি অনন্য কৃতিত্ব ৰোহিত-কোহলীৰ