5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Nagpur case: প্ৰেম, প্ৰতাৰণা আৰু এক ভয়ংকৰ ঘটনা! পৰিত্ৰাণ পাবলৈ প্ৰেমিকে পুতি থ’লে প্ৰেমিকাক…

Nagpur case: আৰক্ষীয়ে কয় যে, এই ঘটনা দৃশ্যম ছবিৰ লগত মিল আছে। অভিযুক্তই বহু পৰিকল্পনা কৰি এই হত্যাকাণ্ড সংঘটিত কৰে আৰু মৃতদেহ লুকাই থয়। অৱশেষত গ্ৰেপ্তাৰ হয় এই ভয়ংকৰ ঘটনাৰ মূল অভিযুক্তজন।

Nagpur case: প্ৰেম, প্ৰতাৰণা আৰু এক ভয়ংকৰ ঘটনা! পৰিত্ৰাণ পাবলৈ প্ৰেমিকে পুতি থ’লে প্ৰেমিকাক…
প্ৰতীকি ফটো
barasha-sarma
Barasha Sarma | Published: 23 Oct 2024 16:31 PM

দেশত প্ৰতিদিনেই বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা। ভয়ংকৰ হাৰত হোৱা মানৱতাৰ স্খলনে ভাবিবলৈ বাধ্য কৰাই যে কোনফালে গৈ আছে আমাৰ সমাজ। নিজৰ ঘৰখনৰ পৰা আৰম্ভ কৰি ৰাস্তা পথলৈ, ক’তো যেন সুৰক্ষিত নহয় মানুহ। কিছুমান অপৰাধী এনে আছে, যিয়ে ছবি বা বেব ছিৰিজ আদিৰ পৰা অনুপ্ৰাণিত হৈ এনে ঘটনা সংঘটিত কৰে। এনে এক নৃশংস ঘটনা পোহৰলৈ আহিছে যিয়ে আপোনাৰ মনলৈ আনিব হিন্দী ‘দৃশ্যম’ ছবিখনৰ কথা।

নিজ প্ৰেমিকাক হত্যা কৰাৰ অভিযোগত মহাৰাষ্ট্ৰৰ নাগপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এজন সেনা জোৱানক। জানিব পৰা মতে সেনা জোৱানগৰাকীয়ে নিজ প্ৰেমিকাক হত্যা কৰাৰ পাছত মাটিত পুতি থৈছিল আৰু মৃতদেহটো চিমেন্টেৰে ঢাকি থৈ দিছিল। ২২ অক্টোবৰত আৰক্ষীয়ে এই সন্দৰ্ভত তথ্য প্ৰকাশ কৰে।

সংবাদ সংস্থা পিটিআইৰ তথ্য অনুসৰি ৩২ বছৰীয়া যুৱতী এগৰাকী নিৰুদ্দেশ হোৱা ঘটনাৰে ২৮ আগষ্টত তদন্ত আৰম্ভ হৈছিল। ইয়াৰ পাছত বিশ্বাসঘাটকতা, প্ৰতাৰণা আৰু এক ভয়ংকৰ অপৰাধৰ পোহৰলৈ আহিছিল। আৰক্ষীয়ে কয় যে, এই ঘটনা দৃশ্যম ছবিৰ লগত মিল আছে। অভিযুক্তই বহু পৰিকল্পনা কৰি এই হত্যাকাণ্ড সংঘটিত কৰে আৰু মৃতদেহ লুকাই থয়।

আৰক্ষীয়ে জনাই যে, অভিযুক্ত অজয় বানখাড়ে (৩৩) বুলি চিনাক্ত হৈছে। তেওঁ নাগপুৰ কৈলাশ নগৰৰ বাসিন্দা। আৰক্ষীৰ মতে বিবাহ সম্পৰ্কীয় এটা ৱেব চাইটৰ জৰিয়তে জ্যোৎস্না আক্ৰেক লগ পাইছিল অজয়ে। অতি কম সময়ৰ ভিতৰতে দুয়োৰে মাজত বন্ধুত্ব আৰু পাছত প্ৰেম হৈছিল। কিন্তু যুৱকজনৰ পৰিয়ালে এই সম্পৰ্কৰ বিৰোধিতা কৰিছিল আৰু অন্য যুৱতীৰ সৈতে অজয়ৰ বিয়া কৰাই দিছিল। বিয়াৰ পাছতেই অজয়ে যুৱতীগৰাকীক আঁতৰি চলিবলৈ আৰম্ভ কৰিছিল কিন্তু যুৱতীগৰাকীয়ে বাৰে বাৰে অজয়ক ফোন কৰিছিল।

যুৱকজনে নিজ প্ৰেমিকাৰ পৰা পৰিত্ৰাণ পাবলৈ তেওঁৰ হত্যাৰ পৰিকল্পনা ৰচে। সেই অনুসৰি অজয়ে যুৱতীগৰাকীক নিচাযুক্ত দ্ৰব্য দি ডিঙি চেপি হত্যা কৰে। হত্যাৰ পাছত যুৱতীগৰাকীৰ মৃতদেহ অজয়ে নাগপুৰৰ এটা নিৰ্জন ঠাইলৈ লৈ গৈ পুতি থৈ দিয়ে আৰু অপৰাধ লুকাবলৈ মৃতদেহটো চিমেন্টেৰে ঢাকি দিয়ে।

জানিব পৰা মতে ঘটনাৰ দিনা অজয়ে মাতৃৰ ফোনৰ পৰা যুৱতীগৰাকীক ফোন কৰি লগ কৰিবলৈ মাতিছিল। তাৰ পাছতেই নিশা দুয়ো ৱাৰ্ডা ৰোডৰ এখন হোটেলত আছিল। ইয়াৰ পাছত দুয়ো ওচৰৰ এটা অঞ্চললৈ যায় আৰু তাতেই অজয়ে যুৱতীগৰাকীক নিচাযুক্ত দ্ৰব্য দিয়ে। যুৱতীগৰাকী অচেতন হোৱাৰ পাছত অজয়ে তেওঁক ডিঙি চেপি হত্যা কৰে আৰু পাছত মৃতদেহটো পুতি তাৰ ওপৰত চিমেন্টেৰে ঢাকি দিয়ে।

যেতিয়া যুৱতীগৰাকী ঘৰলৈ উভতি অহা নাছিল তেতিয়া যুৱতীগৰাকীৰ পৰিয়ালৰ লোকে এজাহাৰ দাখিল কৰে। সেই এজাহাৰ অনুসৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে আৰু ঘটনাৰ প্ৰায় ১ মাহ পাছত সকলো কথা পোহৰলৈ আহে।  বৰ্তমান অভিযুক্তক গ্ৰেপ্তাৰ কৰি ঘটনা সন্দৰ্ভত অধিক তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

Latest News