ভাৰতৰ সিদ্ধান্তত কঁপি উঠিছে পাকিস্তান! নতুন শক্তিৰে আহি আছে ‘ব্ৰাহ্মছ’…
ভাৰতৰ এক সিদ্ধান্তই কঁপাই তুলিছে সমগ্ৰ পাকিস্তান। ইমানেই নহয়, ই আমাৰ ভাৰতৰ প্ৰতিৰক্ষা ব্যৱস্থাকো অধিক শক্তিশালী কৰি তুলিব। কিয়নো শক্তি বৃদ্ধি হ'ব ব্ৰাহ্মছৰ।

কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ এক সিদ্ধান্তই সমগ্ৰ পাকিস্তানক কঁপাই তুলিছে। টোপনি হৰিছে পাকিস্তানী সেনা আৰু আই এছ আইৰ। কেৱল সেয়াই নহয়, বিশেষজ্ঞসকলৰ মতে এই সিদ্ধান্তই দেশৰ প্ৰতিৰক্ষা ব্যৱস্থাকো শক্তিশালী কৰি তুলিব। এই সিদ্ধান্তৰ দ্বাৰা দেশৰ বায়ু আৰু স্থল বাহিনী উভয়ে লাভৱান হ’ব। কাৰণ এইবাৰ ব্ৰাহ্মছ ছুপাৰছনিক ক্ৰুজ মিছাইলৰ ৰেঞ্জ ৮০০ কিলোমিটাৰলৈ বৃদ্ধি কৰা হৈছে। আগতে ইয়াৰ ৰেঞ্জ আছিল ৩০০ কিলোমিটাৰ। অতি শীঘ্ৰেই ভাৰতীয় সেনাই ২৫০ টা এনে ক্ষেপণাস্ত্ৰ লাভ কৰিব। ইতিমধ্যে এই ক্ষেত্ৰত ডিফেন্স একিউজিশ্যন কাউন্সিলৰ ক্লিয়াৰেন্স পোৱা গৈছে। অৱশ্যে এতিয়াও কেবিনেট কমিটীৰ সিদ্ধান্ত বাকী আছে।
তথ্য অনুসৰি জানিব পৰা মতে, পাকিস্তানৰ ওপৰত চকু ৰাখি উত্তৰ-পশ্চিমৰ থাৰ মৰুভূমিত, আৰু এল অ’ চিৰ উচ্চ বৰফেৰে আবৃত পাহাৰীয়া অঞ্চলত চীনৰ ওপৰত চকু ৰাখি নতুন ব্ৰাহ্মছ স্থাপন কৰা হ’ব। ভাৰত আৰু ৰাছিয়াৰ যৌথ উদ্যোগ ব্ৰাহ্মছ মিছাইলে বহু বছৰ ধৰি ভাৰতৰ সীমান্তত সফলতাৰে পহৰা দি আহিছে। দুয়োখন দেশে যৌথভাৱে প্ৰস্তুত কৰা অস্ত্ৰসমূহৰ ভিতৰত ব্ৰাহ্মছ হৈছে আটাইতকৈ সফল আৰু ফলপ্ৰসূ।
ভাৰতে এতিয়া কেৱল ব্ৰাহ্মছ উৎপাদনেই নহয়, ৰপ্তানিও কৰিছে। ফিলিপাইনছলৈ এই ক্ষেপনাস্ত্ৰ ৰপ্তানি কৰাৰ পাছত অন্য বহু দেশেও ইয়াৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিছে। উল্লেখ কৰা প্ৰয়োজন যে, উত্তৰ প্ৰদেশৰ লক্ষ্ণৌস্থিত ব্ৰাহ্মছ এৰ’স্পেচ কাৰখানাত ব্ৰহ্মছ নেক্স জেনেৰেচন ক্ষেপণাস্ত্ৰ নিৰ্মাণৰ কাম চলি আছে।
ব্ৰাহ্মছ হৈছে দুটা পৰ্যায়ৰ ক্ষেপণাস্ত্ৰ। ইয়াৰ প্ৰপেলেণ্ট ইঞ্জিন আছে যাৰ ফলত এই ছুপাৰছনিক মিছাইলটো শব্দৰ গতিতকৈ প্ৰায় তিনিগুণ বেছি বেগেৰে উৰি যায়। শত্ৰুৰ ৰাডাৰে ইয়াক ধৰা পেলাব নোৱাৰে আৰু দূৰৰ পৰা পিনপইণ্ট সঠিকভাৱে আঘাত কৰিবলৈ সক্ষম। সেইবাবেই যুদ্ধক্ষেত্ৰতো ইয়াৰ সমানেই গুৰুত্ব আছে। ইয়াক চলাবলৈও অতি সহজ। এবাৰ টাৰ্গেটত লক কৰি গুলী চলাই ইয়াৰ ব্যৱহাৰ কৰিব পাৰি। এই ক্ষেপণাস্ত্ৰই নিজাববীয়াকৈ নিজৰ লক্ষ্যত আঘাত কৰি শত্ৰুক ধ্বংস কৰিবলৈ সক্ষম হ’ব।