আজিৰ গুৰুত্বপূৰ্ণ খবৰ LIVE: ৰাহুল গান্ধীয়ে আজি জম্মু-কাশ্মীৰত চলাব নিৰ্বাচনী প্ৰচাৰ | breaking news and all latest update Live 23 september 2024 in assamese Assam news - Assam Tv9

আজিৰ গুৰুত্বপূৰ্ণ খবৰ LIVE: মহানগৰীত হানী ট্ৰেপিঙত জড়িত মডেল

Published: 

23 Sep 2024 06:45 AM

ইয়াত দেশ আৰু বিশ্বৰ প্ৰতিটো ব্ৰেকিং নিউজ পাব। দিনটোৰ ডাঙৰ খবৰবোৰ এটা ক্লিকতে জানিবলৈ আমাৰ পেজৰ সৈতে জড়িত হৈ থাকক।

আজিৰ গুৰুত্বপূৰ্ণ খবৰ LIVE: মহানগৰীত হানী ট্ৰেপিঙত জড়িত মডেল

আজিৰ শেহতীয়া খবৰ LIVE

Follow Us On

LIVE NEWS & UPDATES

  • 23 Sep 2024 10:31 AM (IST)

    বিশালৰ ৪দিনৰ আৰক্ষীৰ জিম্মাৰ ম্যাদ উকলিল

    আজি বিশালৰ ৪দিনৰ আৰক্ষীৰ জিম্মাৰ ম্যাদ উকলিল। ডিব্ৰুগড় আৰক্ষীৰ জিম্মাৰ পৰা আজি লৈ যোৱা হ’ব কাৰাগাৰলৈ। অনলাইন ট্ৰেডিং কেলেংকাৰীত জড়িত আছিল বিশাল।

  • 23 Sep 2024 10:04 AM (IST)

    অসম অলিম্পিক সন্থাৰ নতুন সমিতি গঠন

    বিনা প্ৰতিদ্বন্দ্বিতাৰে সভাপতি নিৰ্বাচিত সৰ্বানন্দ সোণোৱাল আৰু পুনৰ সাধাৰণ সম্পাদকৰ পদত লক্ষ্য কোঁৱৰ। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ অনুসৰিয়েই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰিলে কোনো মন্ত্ৰী-বিধায়কে।


  • 23 Sep 2024 09:56 AM (IST)

    ৰোগীৰ মৃত্যুক লৈ মাজুলীত উত্তেজনা

    ৰোগীৰ মৃত্যুক লৈ মাজুলী জিলা চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি। কৰ্তব্যৰত টেকনিচিয়ান,নাৰ্চক প্ৰহাৰ ৰোগীৰ আত্মীয়ৰ।

  • 23 Sep 2024 09:17 AM (IST)

    মহানগৰীত হানী ট্ৰেপিঙত জড়িত মডেল

    গুৱাহাটী মহানগৰীত হানী ট্ৰেপিঙত জড়িত মডেল। গোপন ফটো ভাইৰেলৰ ভাবুকিৰে ব্যৱসায়ীক ব্লেকমেইলিং। ঘটনা সন্দৰ্ভত হাতীগাঁও থানাত এজাহাৰ ভুক্তভোগী ব্যৱসায়ীৰ।

  • 23 Sep 2024 08:48 AM (IST)

    ৰাজ্যত অব্যাহত প্ৰচণ্ড গৰমৰ প্ৰকোপ

    ক্ৰমাগত কেইবছৰ মানৰ পৰা গুৱাহাটীকে ধৰি ৰাজ্যখনৰ আন আন চহৰত বৰ্দ্ধিত তাপমাত্ৰাই অভিলেখ ভংগ কৰিছে । যাৰ বাবে বিদ্যালয়সমূহত নতুন সময়সূচী অনুসৰি আৰম্ভ পাঠদান। প্ৰাথমিকৰ পৰা উচ্চ বিদ্যালয়পৰ্যন্ত পুৱা ৭.৩০ বজাৰ পৰা আৰম্ভ পাঠদান।

  • 23 Sep 2024 08:20 AM (IST)

    গুৱাহাটীৰ বাঘেশ্বৰী থানৰ সমীপত ভয়াৱহ অগ্নিকাণ্ড

    মহানগৰীত পুৱাই ভয়াৱহ অগ্নিকাণ্ড। বাঘেশ্বৰী থানৰ ওচৰত সংঘটিত হৈছে এই অগ্নিকাণ্ড। ঘটনাস্থলীত দুখনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ বাহনে আহি জুই নিৰ্বাপনৰ চেষ্টা চলায়।

  • 23 Sep 2024 07:59 AM (IST)

    গণেশগুৰিত বাইক চোৰৰ সন্ত্ৰাস

    গুৱাহাটীৰ গণেশগুৰিত বাইক চোৰৰ সন্ত্ৰাস৷ হাতত পিষ্টল লৈ আহিছিল চোৰে ৷ মহিলা-যুৱকৰ ওপৰত সন্দেহ উপজিছিল স্থানীয় লোকৰ৷  সোধা-পোছা কৰাত পিষ্টল দেখুৱাই পলায়ন।

  • 23 Sep 2024 07:51 AM (IST)

    ৰাজ্যত ডেংগীৰ ভয়ংকৰ প্ৰাদুৰ্ভাৱ

    গুৱাহাটী মহানগৰীৰ লগতে উজনি অসমৰ বিভিন্ন এলেকাত ডেংগীৰ সন্ত্ৰাস। গুৱাহাটীৰ ভাস্কৰ নগৰত প্ৰায় প্ৰতিঘৰ লোকৰ ঘৰত ওলাইছে ডেংগী।

  • 23 Sep 2024 07:26 AM (IST)

    প্ৰধানমন্ত্ৰী মোদীয়ে নিউয়ৰ্কত হলটেক ইণ্টাৰনেচনেলৰ মুখ্য কাৰ্যবাহী বিষয়াক সাক্ষাৎ কৰে

    প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্কৰ লোটে নিউয়ৰ্ক পেলেচত হলটেক ইণ্টাৰনেচনেলৰ মুখ্য কাৰ্যবাহী বিষয়া কৃষ্ণা পি সিঙৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয়।

  • 23 Sep 2024 07:08 AM (IST)

    বিহু নৃত্যৰে প্ৰধানমন্ত্ৰী মোদীক উষ্ম আদৰণি প্ৰৱাসী অসমীয়াৰ

    তিনিদিনীয়া ভ্ৰমণসূচীৰে আমেৰিকাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। বিহু নৃত্যৰে প্ৰধানমন্ত্ৰী মোদীক উষ্ম আদৰণি প্ৰৱাসী অসমীয়াৰ। প্ৰধানমন্ত্ৰীয়ে আজি ইউএনজিএক সম্বোধন কৰিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মতে, তেওঁ এআই, কোৱাণ্টাম কম্পিউটিং, Semiconductors আৰু জৈৱ প্ৰযুক্তিৰ বাবে দুয়োখন দেশৰ মাজত সহযোগিতা বৃদ্ধিৰ বাবে আমেৰিকাযুক্ত মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতেও বাৰ্তালাপ কৰিব।

  • 23 Sep 2024 06:47 AM (IST)

    নলবাৰীৰ ডি বি ষ্টকৰ কাৰ্য়ালয়ত মহানগৰ আৰক্ষীৰ অভিযান

    নলবাৰীৰ ডি বি ষ্টকৰ কাৰ্য়ালয়ত আৰক্ষীয়ে অভিযান চলাই জব্দ কৰিছে বহু-নথি পত্ৰ। নলবাৰীৰ শাখা কাৰ্যালয়ৰ পৰা লাখ লাখ টকা সংগ্ৰহ কৰিছিল প্ৰৱঞ্চক দীপাংকৰ বৰ্মনে।

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে আজি জম্মু-কাশ্মীৰত প্ৰচাৰ চলাব আৰু দলৰ প্ৰাৰ্থীৰ বাবে ভোট বিচাৰিব। নিৰ্বাচনত, কংগ্ৰেছে নেচনেল কনফাৰেন্সৰ সৈতে মিত্ৰতা কৰি ক্ষেত্ৰত প্ৰৱেশ কৰিছে। ইয়াৰে সৈতে চাওক ৰাজ্যৰ লগতে দেশৰ প্ৰতিটো শেহতীয়া খবৰ।

ভাত কেৰালাত সৰ্বাধিক কি ভিটামিন থাকে? ইয়াৰ উপকাৰীতাৰ বিষয়ে জানক
ওজন নিয়ন্ত্ৰণত ৰাখিবলৈ পানীয় অধিক উপকাৰী, জানক সবিশেষ...
আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
অনেক গুণসম্পন্ন তিতা কেৰেলাত কি ভিটামিন অধিক থাকে, জানেনে?
Exit mobile version