5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Modi-Jinping Meeting: ভাৰত-চীনৰ সম্পৰ্ক অতি গুৰুত্বপূৰ্ণ… চীনৰ ৰাষ্ট্ৰপতিৰ সৈতে বৈঠকৰ অন্তত প্ৰধানমন্ত্ৰী মোদীৰ মন্তব্য

BRICS Summit: কাজানত অনুষ্ঠিত হোৱা ব্ৰিকছ সন্মিলনৰ আজি দ্বিতীয়টো দিন। আজি সন্মিলনত ভাষণ দিয়ে প্ৰধানমন্ত্ৰী মোদীয়ে। ইয়াৰ পিছতে চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিং আৰু প্ৰধানমন্ত্ৰী মোদীৰ মাজত দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত হয়। ইয়াকে লৈ প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে বিশ্বশান্তি আৰু স্থিৰতাৰ বাবে ভাৰত আৰু চীনৰ মাজৰ সম্পৰ্ক অতি গুৰুত্বপূৰ্ণ। আমি সীমান্তৰ চুক্তিক স্বাগতম জনাইছোঁ।

Modi-Jinping Meeting: ভাৰত-চীনৰ সম্পৰ্ক অতি গুৰুত্বপূৰ্ণ… চীনৰ ৰাষ্ট্ৰপতিৰ সৈতে বৈঠকৰ অন্তত প্ৰধানমন্ত্ৰী মোদীৰ মন্তব্য
চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিং আৰু প্ৰধানমন্ত্ৰী মোদীৰ মাজত দ্বিপাক্ষিক বৈঠক
trishna-kalita
Trishna Kalita | Updated On: 23 Oct 2024 20:20 PM

ব্ৰিকছ সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে মঙলবাৰে ৰাছিয়াৰ কাজানত উপস্থিত হৈছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । বুধবাৰে কাজানত অনুষ্ঠিত ব্ৰিকছ সন্মিলনত ভাষণ দিয়ে প্ৰধানমন্ত্ৰী মোদীয়ে। ব্ৰিকছ বৈঠকৰ পাছত প্ৰধানমন্ত্ৰী মোদী আৰু চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙৰ মাজত দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত হয়। ইয়াকে লৈ প্ৰধানমন্ত্ৰী মোদীয়ে কয়- “ভাৰত আৰু চীনৰ মাজৰ সম্পৰ্ক কেৱল আমাৰ জনসাধাৰণৰ বাবেই নহয়, বিশ্বৰ শান্তি আৰু স্থিৰতাৰ বাবেও যথেষ্ট গুৰুত্বপূৰ্ণ। আমি সীমান্তৰ চুক্তিক স্বাগতম জনাইছো। সীমান্তত শান্তি বজাই ৰখাটো আমাৰ প্ৰাথমিকতা হ’ব লাগে। মই নিশ্চিত যে আমি মুক্ত মনেৰে কথা পাতিম।

বৈঠকত চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙে কয় যে মতভেদ দূৰ কৰিবলৈ আৰু ইজনে সিজনৰ উন্নয়নৰ আকাংক্ষা পূৰণত সহায় কৰাৰ বাবে দুয়োখন দেশে সহযোগিতা কৰা উচিত। দুয়োপক্ষই তেওঁলোকৰ আন্তঃৰাষ্ট্ৰীয় দায়িত্ব পালন কৰাটো গুৰুত্বপূৰ্ণ। উন্নয়নশীল দেশসমূহৰ শক্তি আৰু ঐক্য বৃদ্ধি কৰাৰ বাবে উদাহৰণ স্থাপন কৰক।

জিনপিংক সাক্ষাৎ কৰাৰ পিছত, প্ৰধানমন্ত্ৰী মোদীয়ে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত পোষ্ট কৰে। পোষ্টটোত প্ৰধানমন্ত্ৰীয়ে লিখিছে- “কাজান ব্ৰিকছ সন্মিলনৰ সময়ত ৰাষ্ট্ৰপতি জি জিনপিংক সাক্ষাৎ কৰিছিলোঁ। ভাৰত-চীন সম্পৰ্ক দুয়োখন দেশৰ জনসাধাৰণৰ লগতে আঞ্চলিক আৰু গোলকীয় শান্তি আৰু স্থিৰতাৰ বাবে গুৰুত্বপূৰ্ণ। পাৰস্পৰিক বিশ্বাস, পাৰস্পৰিক সন্মান আৰু পাৰস্পৰিক সংবেদনশীলতাই দ্বিপাক্ষিক সম্পৰ্কক পথ প্ৰদৰ্শন কৰিব।”

 

বৈদেশিক মন্ত্ৰালয়ে মোদী-জিনপিং বৈঠকৰ বিষয়েও তথ্য প্ৰদান কৰি কয় যে বৈঠকত প্ৰধানমন্ত্ৰী মোদীয়ে মতভেদবোৰ সঠিকভাৱে সমাধান কৰাত গুৰুত্ব আৰোপ কৰে। বৈঠকত দুয়োখন দেশে সীমান্তত শান্তি আৰু স্থিৰতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। দুয়োখন দেশৰ বিশেষ প্ৰতিনিধিসকলক শীঘ্ৰেই মিলিত হ’ব। বৈদেশিক মন্ত্ৰী পৰ্যায়ত আলোচনা কৰা হ’ব।

মোদী-জিনপিঙৰ মাজত এই বৈঠক এনে এক সময়ত অনুষ্ঠিত হৈছে যেতিয়া ভাৰত-চীন সীমান্তৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত টহল দিয়াৰ ক্ষেত্ৰত দুয়োখন দেশ সহমতত উপনীত হৈছে। চাৰি বছৰ ধৰি চলি থকা এই অচলাৱস্থাৰ সমাপ্তিৰ দিশত ইয়াক এটা ডাঙৰ সফলতা বুলি গণ্য কৰা হৈছে। ইয়াৰ পূৰ্বে ১১ অক্টোবৰ ২০১৯ত প্ৰধানমন্ত্ৰী মোদী আৰু জিনপিঙৰ সাক্ষাৎ হৈছিল।

২০১৪ ৰ পৰা ২০১৯ৰ ভিতৰত প্ৰধানমন্ত্ৰী মোদী আৰু জিনপিঙে ১৮বাৰ সাক্ষাৎ কৰিছে। ২০১৪ চনৰ ১৮ ছেপ্টেম্বৰত ভাৰতলৈ আহিছিল জিনপিং । ইয়াৰ পাছত ১৪ মে ২০১৫ত চীনলৈ গৈছিল প্ৰধানমন্ত্ৰী মোদী। তাৰ পাছত ২০১৬ চনৰ ৪-৫ ছেপ্টেম্বৰত চীনত জি-20 সন্মিলন অনুষ্ঠিত হৈছিল। দুয়ো পুনৰ তাত লগ হৈছিল। তাৰ পাছত ৮-৯ জুন ২০১৭ত SCOৰ বৈঠকত দুয়োগৰাকী নেতাৰ মাজত বৈঠক অনুষ্ঠিত হয়।

আকৌ ২০১৮ চনৰ ২৬ এপ্ৰিলত চীনৰ উহানত আৰু ২০১৯ চনৰ ১১ অক্টোবৰত মহাবলিপুৰমত দুয়োগৰাকী নেতা মিলিত হয়। অৱশ্যে ২০২২ চনৰ নৱেম্বৰত ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতিয়ে জি-২০ৰ নেতাসকলৰ বাবে আয়োজিত এক নৈশ ভোজত মোদী আৰু জিনপিঙে ইজনে আনজনক অভিবাদন জনাইছিল। বিগত বছৰৰ আগষ্টত প্ৰধানমন্ত্ৰী আৰু চীনৰ ৰাষ্ট্ৰপতিয়ে ব্ৰিকছ সন্মিলনৰ সময়ত জোহান্সবাৰ্গত এক অনানুষ্ঠানিক বৈঠকত মিলিত হৈছিল।

 

Latest News