5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

বেঙেনাৰ খেতি কৰি ২ মাহত ৩ লাখ টকা উপাৰ্জন কৰিলে এজন খেতিয়কে..

বিজয়ৰ মতে বেঙেনাৰ পৰা তেওঁ প্ৰতিদিনে ৮ ৰ পৰা ১০ হাজাৰ টকা উপাৰ্জন কৰে। তেওঁৰ মতে ভৱাতকৈ বহুত বেছি তেওঁ উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। ইমান টকা উপাৰ্জন কৰি সুখী হৈ পৰিছে খেতিয়ক বিজয়।

বেঙেনাৰ খেতি কৰি ২ মাহত ৩ লাখ টকা উপাৰ্জন কৰিলে এজন খেতিয়কে..
বেঙেনা খেতি
Follow Us
barasha-sarma
Barasha Sarma | Published: 23 Sep 2024 19:35 PM

ভাৰতৰ দৰে এখন ঠাইত কৃষিক উপাৰ্জনৰ উৎস হিচাপে লৈ মানুহে বহু আগুৱাই যাব পাৰে। ধানৰ লগতে আলু, পিয়াজকে ধৰি  বিভিন্ন শাক- পাচলি আদিৰ খেতি কৰি বহু কৃষকে এই দেশতে মাহত লাখ লাখ টকা উপাৰ্জন কৰাৰ উদাহৰণ আছে। খেতিৰ ক্ষেত্ৰত কৃষকসকলে জৈৱিক পদ্ধতিৰ লগতে বৈজ্ঞানিক পদ্ধতিও অৱলম্বন কৰা দেখা যায়। বিভিন্ন সময়ত বিভাগীয় কৰ্তৃপক্ষই কৃষি উৎপাদনৰ পদ্ধতিৰ লগতে কেনেকৈ ইয়াৰ উৎপাদন বৃদ্ধি কৰিব পাৰি সেই সন্দৰ্ভত প্ৰশিক্ষণ আদিও দিয়ে। ইয়াৰ মাজতে  এনে এক খবৰ পোহৰলৈ আহিছে য’ত কৃষিৰ ক্ষেত্ৰত নতুন পদ্ধতি অৱলম্বন কৰি এজন কৃষকে অতি কম সময়ৰ ভিতৰতে লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হয়।

বিহাৰৰ পূৱ চম্পাৰণ জিলাৰ তুৰ্কাউলিয়াৰ আমৱা গাঁৱৰ বাসিন্দা তথা কৃষক বিজয় কুমাৰে মাত্ৰ চাৰে চাৰি একৰ ভূমিত বেঙেনাৰ খেতি কৰি ২ মাহত ৩ লাখৰো অধিক টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। এই গৰাকী খেতিয়কে পূৰ্বৰে পৰা পৰম্পৰাগত পদ্ধতিৰে খেতি কৰি আহিছে। এই পদ্ধতিৰে খেতি কৰাৰ ফলত তেওঁ কিবাকৈ পৰিয়ালৰ পেট পূৰাইছিল। কিন্তু আধুনিক পদ্ধতিৰে খেতি আৰম্ভ কৰাৰ পাছতেই কৃষকজনৰ উপাৰ্জন দুগুণ হৈছে আৰু ভাগ্যই অইন পিনে যেন গতি কৰিছে। কম সময়তে লাখ লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে বিজয় কুমাৰে।

বেঙেনাৰ খেতি কৰি মাত্ৰ ২-৩ মাহতে তেওঁ এখন ট্ৰেক্টৰ ক্ৰয় কৰিছে। খেতিত হোৱা লাভ আৰু ট্ৰেক্টৰ ক্ৰয় কৰাৰ পাছতেই খেতিয়কগৰাকীয়ে অধিক সুখী অনুভৱ কৰিছে। বিজয়ৰ মতে,আগতে তেওঁ যেতিয়া খেতি কৰিছিল তেতিয়া বৰ বেছি লাভ হোৱা নাছিল। তাৰ পাছত তেওঁ কৃষি বিভাগৰ উপদেষ্টাজনক লগ কৰি খেতিৰ নতুন পদ্ধতিটো শিকিলে। কৃষি বিভাগৰ উপদেষ্টাগৰাকীৰ নিৰ্দেশ অনুযায়ী তেওঁ আধুনিক পদ্ধতিৰে খেতি কৰিবলৈ আৰম্ভ কৰে আৰু অতি কম সময়তে সফলতা লাভ কৰিবলৈ সক্ষম হয়।

পদ্ধতি কি?

তেওঁ কয় যে, আজিকালি বহু খেতিয়কে খেতিত ৰাসায়নিক ঔষধ ব্যৱহাৰ কৰে যাৰ ফলত মাটিৰ উৰ্বৰতা নষ্ট হয়। কিন্তু পুৰণি পদ্ধতিৰ লগতে তেওঁ বৈজ্ঞানিক পদ্ধতিৰে গৰু গোবৰৰ লগতে ৰাসায়নিক সাৰ ব্যৱহাৰ কৰে। ইয়াৰ পাছতেই খেতিৰ উৎপাদন আৰু বৃদ্ধি পাইছে। বিজয়ৰ মতে বেঙেনাৰ পৰা তেওঁ প্ৰতিদিনে ৮ ৰ পৰা ১০ হাজাৰ টকা উপাৰ্জন কৰে। তেওঁৰ মতে ভৱাতকৈ বহুত বেছি তেওঁ উপাৰ্জন কৰিবলৈ সক্ষম হৈছে।

বিয়াৰ বতৰত বিজয়ে প্ৰতি কুইন্টল বেঙেনা ৫ৰ পৰা ৬০০০ টকাত বিক্ৰী কৰিছে। আনহাতে ছেপ্টেম্বৰ মাহত প্ৰতি কুইণ্টল বেঙেনা ৩৫০০ টকাৰ হাৰত বিক্ৰী কৰিছে। বিজয়ৰ মতে অহা নৱেম্বৰ মাহলৈ বেঙেনা উৎপাদন হৈ থাকিব। ইয়াৰ পাছতেই বিজয়ে ফুলকবিৰ খেতি কৰিব।

Latest News