অনুপ্ৰৱেশেই নহয়, সীমান্তত বৃদ্ধি পাইছে চোৰাং সৰবৰাহ ! ত্ৰিপুৰাত ১৪ বাংলাদেশী অনুপ্ৰৱেশকাৰীক আটক BSF ৰ, জব্দ চোৰাং সামগ্ৰী…
বাংলাদেশীৰ অনুপ্ৰৱেশ ৰোধ কৰাৰ বাবে ভাৰতে অধিক সতৰ্কতা অৱলম্বন কৰাৰ সময়তে ত্ৰিপুৰাত সীমান্ত সুৰক্ষা বাহিনীয়ে ১৪ জন বাংলাদেশী নাগৰিকক আটক কৰাৰ খবৰ লাভ কৰা গৈছে ।
চুবুৰীয়া বাংলাদেশত ৰাজনৈতিক অস্থিৰতা সৃষ্টি হোৱাৰ পৰা বাংলাদেশীৰ অনুপ্ৰৱেশৰ চেষ্টা এতিয়াও হ্ৰাস পোৱা নাই । প্ৰত্যেক দিনে বাংলাদেশৰ নাগৰিকে ভাৰতত অবৈধভাৱে প্ৰৱেশৰ চেষ্টা চলাই আহিছে । বাংলাদেশীৰ অনুপ্ৰৱেশ ৰোধ কৰাৰ বাবে ভাৰতে অধিক সতৰ্কতা অৱলম্বন কৰাৰ সময়তে ত্ৰিপুৰাত সীমান্ত সুৰক্ষা বাহিনীয়ে ১৪ জন বাংলাদেশী নাগৰিকক আটক কৰাৰ খবৰ লাভ কৰা গৈছে । জানিব পৰা মতে, ২৬ জানুৱাৰীৰ পৰা বিএছএফে ১৪ জন বাংলাদেশী অনুপ্ৰৱেশকাৰীক আটক কৰিছে ।
ইয়াৰ সমান্তৰালভাৱে এই সময়ছোৱাত সীমান্ত সুৰক্ষা বাহিনীয়ে দুজন ভাৰতীয় টাউটকো আটক কৰিবলৈ সক্ষম হয় । তদুপৰি মুঠ ২.৫ কোটি টকাৰ যথেষ্ট পৰিমাণৰ নিচাযুক্ত দ্ৰব্য, চেনি, গৰু আৰু অন্যান্য চোৰাং সামগ্ৰী জব্দ কৰা হৈছে বুলি জানিব পৰা গৈছে। সীমান্ত সুৰক্ষা বাহিনীৰ এগৰাকী জ্যেষ্ঠ বিষয়াই সদৰী কৰা মতে, ত্ৰিপুৰাৰ ভাৰত-বাংলাদেশ সীমান্তত অনুপ্ৰৱেশকাৰীক বাধা দিবৰ বাবে অধিক সতৰ্কতা অৱলম্বন কৰিছে সীমান্ত সুৰক্ষা বাহিনীয়ে ।
ইয়াৰ লগতে ২০২৫ চনৰ ২৬ জানুৱাৰীৰ পৰা বি এছ এফে অনুপ্ৰৱেশ আৰু চোৰাং সামগ্ৰী সৰবৰাহৰ কেইবাটাও প্ৰচেষ্টা সফলতাৰে বিফল কৰিছে বুলি বিষয়াগৰাকীয়ে জানিবলৈ দিছে । তেওঁ কয়, “বিভিন্ন অভিযানত ১৪ জন বাংলাদেশী নাগৰিক আৰু দুজন ভাৰতীয় টাউটক বি এছ এফে আটক কৰিছে। ইয়াৰ উপৰিও ২.৫ কোটি টকাৰ যথেষ্ট পৰিমাণৰ নিচাযুক্ত দ্ৰব্য, চেনি, গৰু আৰু অন্যান্য চোৰাং সামগ্ৰী জব্দ কৰা হৈছে।”
সীমান্তৰক্ষী বাংলাদেশ (বিজিবি)ৰ সৈতে বিএছএফে শক্তিশালী সমন্বয় বজাই ৰাখিছে বুলি জানিবলৈ দিয়ে বিষয়াগৰাকীয়ে । লগতে তেওঁ কয় যে, এই সময়ছোৱাত বিভিন্ন পৰ্যায়ত একেলগে প্ৰায় ৮০ টা সহযোগিতামূলক টহল আৰু একাধিক সীমান্ত সমন্বয় সভা অনুষ্ঠিত কৰা হৈছে।
বিভিন্ন সীমান্তৱৰ্তী অঞ্চলত নিয়োজিত বি এছ এফৰ বেটেলিয়নসমূহে স্থানীয় জনসাধাৰণৰ উদ্বেগসমূহৰ সমাধানৰ বাবে ৪০খনতকৈও অধিক গাঁও সমন্বয় সভা অনুষ্ঠিত কৰিছে। তেওঁ লগতে কয় যে, সহযোগী সংস্থাসমূহৰ সৈতে যৌথ অভিযানত বি এছ এফৰ সৈন্যই দুৰ্গম অঞ্চলত গাঞ্জা খেতি ধ্বংসৰ অভিযান চলাইছিল । এই অভিযানৰ সময়ত প্ৰায় ৬০ একৰ মাটিত অবৈধভাৱে কৰা গাঞ্জা খেতি ধ্বংস কৰা হয় ।