5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

মিজোৰামত ৪০ কোটি টকাৰ নিচাযুক্ত দ্ৰব্য জব্দ সীমান্ত সুৰক্ষা বাহিনীৰ

ভাৰত-বাংলাদেশ সীমান্তত প্ৰায় ৪০ কোটি টকাৰ নিচাযুক্ত দ্ৰব্য জব্দ কৰে সীমান্ত সুৰক্ষা বাহিনীয়ে। সূত্ৰ অনুসৰি, সীমান্তত অভিযান চলাই প্ৰায় চাৰি লাখ য়াবা (YABA) টেবলেট জব্দ কৰে সীমান্ত সুৰক্ষা বাহিনীয়ে । জানিব পৰা মতে, বৃহস্পতিবাৰে সীমান্তৰক্ষী বাহিনীৰ জোৱানে মিজোৰাম আৰক্ষীৰ সৈতে আইজল জিলাৰ চেলিং চহৰৰ ৬ নং ৰাষ্ট্ৰীয় ঘাইপথত যৌথ অভিযান চলাইছিল ।

মিজোৰামত ৪০ কোটি টকাৰ নিচাযুক্ত দ্ৰব্য জব্দ সীমান্ত সুৰক্ষা বাহিনীৰ
BSF (প্ৰতীকী ফটো)
Follow Us
manas-borah
Manas Borah | Updated On: 21 Sep 2024 07:20 AM

সীমান্ত সুৰক্ষা বাহিনীয়ে মিজোৰামৰ ভাৰত-বাংলাদেশ সীমান্তত প্ৰায় ৪০ কোটি টকাৰ নিচাযুক্ত দ্ৰব্য জব্দ কৰিবলৈ সক্ষম হয় । সূত্ৰ অনুসৰি, সীমান্তত অভিযান চলাই প্ৰায় চাৰি লাখ য়াবা (YABA) টেবলেট জব্দ কৰে সীমান্ত সুৰক্ষা বাহিনীয়ে । জানিব পৰা মতে,বৃহস্পতিবাৰে সীমান্তৰক্ষী বাহিনীৰ জোৱানে মিজোৰাম আৰক্ষীৰ সৈতে আইজল জিলাৰ চেলিং চহৰৰ ৬ নং ৰাষ্ট্ৰীয় ঘাইপথত যৌথ অভিযান চলাইছিল । এই অভিযানৰ সময়ত সীমান্ত সুৰক্ষা বাহিনীয়ে এখন ট্ৰাক আটক কৰে ।

বি এছ এফৰ এজন জ্যেষ্ঠ বিষয়াই কয় যে, চোৰাংচোৱাৰ বিশ্বাসযোগ্যৰ তথ্যৰ ভিত্তিত এই অভিযানটো চলোৱা হৈছিল আৰু আটক কৰা ট্ৰাকখনৰ চালকৰ কেবিনৰ চিলিঙৰ পৰা চাৰি লাখ য়াবা টেবলেট জব্দ কৰিবলৈ সক্ষম হয় । মুঠ ৪০টা পেকেটত এই নিচাযুক্ত টেবলেটখিনি আছিল বুলি জানিবলৈ দিছে বিষয়া গৰাকীয়ে । ইয়াৰ লগতে বিষয়াগৰাকীয়ে সদৰী কৰা মতে, এই নিচাযুক্ত টেবলেটখিনি আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য প্ৰায় ৪০ কোটি টকা হ’ব ।

সূত্ৰ সদৰী কৰা মতে, আচলতে এই নিচাযুক্ত দ্ৰব্যখিনি ম্যানমাৰত প্ৰস্তুত কৰা হয় । চীনৰ পৰা আমদানি কৰা কেঁচামাল ব্যৱহাৰ কৰি ম্যানমাৰৰ ৰাসায়নিক পৰীক্ষাগাৰত প্ৰস্তুত কৰা হয় এইধৰণৰ নিচাযুক্ত দ্ৰব্য় । ইয়াৰ পাছত বেলেগ বেলেগ সীমান্তৰ পৰা বা ভাৰতৰ মাজেৰে বাংলাদেশলৈ নিচাজাতীয় দ্ৰব্য চোৰাংভাৱে সৰবৰাহ কৰা হয় । এই নিচাযুক্ত দ্ৰব্যবোৰে বিশেষকৈ যুৱক-যুৱতীসকলৰ ভৱিষ্যতক লৈ ডাঙৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে । দীৰ্ঘদিন ধৰি সংস্পৰ্শলৈ অহাৰ পাছত ই বৃক্ক, হৃদযন্ত্ৰ, যকৃত আৰু মগজুৰ সাংঘাতিক ধৰণে ক্ষতি কৰিব পাৰে ।

উল্লেখ্য যে,ভাৰতৰ পূব দিশৰ ৪০৯৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ ভাৰত-বাংলাদেশ সীমান্তত নিৰাপত্তাৰ দায়িত্বত থাকে বিএছএফ । এই দৈৰ্ঘ্যৰ ভিতৰত মিজোৰামে ৩১৮ কিলোমিটাৰ ভাগ কৰে। চৰকাৰী তথ্য অনুসৰি, এই সীমান্তত এই বছৰ এতিয়ালৈকে ৬,২৯,৮৮০ টাতকৈও অধিক ইয়াবা (YABA) টেবলেট জব্দ কৰা হৈছে।

Latest News