মিজোৰামত BSF য়ে জব্দ কৰে ৪০ কোটি টকাৰ নিচাযুক্ত দ্ৰব্য | BSF seizes narcotics tablets worth Rs 40 cr in Mizoram India-Bangladesh Border Assam news - Assam Tv9

মিজোৰামত ৪০ কোটি টকাৰ নিচাযুক্ত দ্ৰব্য জব্দ সীমান্ত সুৰক্ষা বাহিনীৰ

Updated On: 

21 Sep 2024 12:20 PM

ভাৰত-বাংলাদেশ সীমান্তত প্ৰায় ৪০ কোটি টকাৰ নিচাযুক্ত দ্ৰব্য জব্দ কৰে সীমান্ত সুৰক্ষা বাহিনীয়ে। সূত্ৰ অনুসৰি, সীমান্তত অভিযান চলাই প্ৰায় চাৰি লাখ য়াবা (YABA) টেবলেট জব্দ কৰে সীমান্ত সুৰক্ষা বাহিনীয়ে । জানিব পৰা মতে, বৃহস্পতিবাৰে সীমান্তৰক্ষী বাহিনীৰ জোৱানে মিজোৰাম আৰক্ষীৰ সৈতে আইজল জিলাৰ চেলিং চহৰৰ ৬ নং ৰাষ্ট্ৰীয় ঘাইপথত যৌথ অভিযান চলাইছিল ।

মিজোৰামত ৪০ কোটি টকাৰ নিচাযুক্ত দ্ৰব্য জব্দ সীমান্ত সুৰক্ষা বাহিনীৰ

BSF (প্ৰতীকী ফটো)

Follow Us On

সীমান্ত সুৰক্ষা বাহিনীয়ে মিজোৰামৰ ভাৰত-বাংলাদেশ সীমান্তত প্ৰায় ৪০ কোটি টকাৰ নিচাযুক্ত দ্ৰব্য জব্দ কৰিবলৈ সক্ষম হয় । সূত্ৰ অনুসৰি, সীমান্তত অভিযান চলাই প্ৰায় চাৰি লাখ য়াবা (YABA) টেবলেট জব্দ কৰে সীমান্ত সুৰক্ষা বাহিনীয়ে । জানিব পৰা মতে,বৃহস্পতিবাৰে সীমান্তৰক্ষী বাহিনীৰ জোৱানে মিজোৰাম আৰক্ষীৰ সৈতে আইজল জিলাৰ চেলিং চহৰৰ ৬ নং ৰাষ্ট্ৰীয় ঘাইপথত যৌথ অভিযান চলাইছিল । এই অভিযানৰ সময়ত সীমান্ত সুৰক্ষা বাহিনীয়ে এখন ট্ৰাক আটক কৰে ।

বি এছ এফৰ এজন জ্যেষ্ঠ বিষয়াই কয় যে, চোৰাংচোৱাৰ বিশ্বাসযোগ্যৰ তথ্যৰ ভিত্তিত এই অভিযানটো চলোৱা হৈছিল আৰু আটক কৰা ট্ৰাকখনৰ চালকৰ কেবিনৰ চিলিঙৰ পৰা চাৰি লাখ য়াবা টেবলেট জব্দ কৰিবলৈ সক্ষম হয় । মুঠ ৪০টা পেকেটত এই নিচাযুক্ত টেবলেটখিনি আছিল বুলি জানিবলৈ দিছে বিষয়া গৰাকীয়ে । ইয়াৰ লগতে বিষয়াগৰাকীয়ে সদৰী কৰা মতে, এই নিচাযুক্ত টেবলেটখিনি আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য প্ৰায় ৪০ কোটি টকা হ’ব ।

সূত্ৰই সদৰী কৰা মতে, আচলতে এই নিচাযুক্ত দ্ৰব্যখিনি ম্যানমাৰত প্ৰস্তুত কৰা হয় । চীনৰ পৰা আমদানি কৰা কেঁচামাল ব্যৱহাৰ কৰি ম্যানমাৰৰ ৰাসায়নিক পৰীক্ষাগাৰত প্ৰস্তুত কৰা হয় এইধৰণৰ নিচাযুক্ত দ্ৰব্য় । ইয়াৰ পাছত বেলেগ বেলেগ সীমান্তৰ পৰা বা ভাৰতৰ মাজেৰে বাংলাদেশলৈ নিচাজাতীয় দ্ৰব্য চোৰাংভাৱে সৰবৰাহ কৰা হয় । এই নিচাযুক্ত দ্ৰব্যবোৰে বিশেষকৈ যুৱক-যুৱতীসকলৰ ভৱিষ্যতক লৈ ডাঙৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে । দীৰ্ঘদিন ধৰি সংস্পৰ্শলৈ অহাৰ পাছত ই বৃক্ক, হৃদযন্ত্ৰ, যকৃত আৰু মগজুৰ সাংঘাতিক ধৰণে ক্ষতি কৰিব পাৰে ।

উল্লেখ্য যে,ভাৰতৰ পূব দিশৰ ৪০৯৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ ভাৰত-বাংলাদেশ সীমান্তত নিৰাপত্তাৰ দায়িত্বত থাকে বিএছএফ । এই দৈৰ্ঘ্যৰ ভিতৰত মিজোৰামে ৩১৮ কিলোমিটাৰ ভাগ কৰে। চৰকাৰী তথ্য অনুসৰি, এই সীমান্তত এই বছৰ এতিয়ালৈকে ৬,২৯,৮৮০ টাতকৈও অধিক ইয়াবা (YABA) টেবলেট জব্দ কৰা হৈছে।

পিঁয়াজৰ বাকলিৰ আছে বহু উপকাৰী গুণ, সবিশেষ জানক
পাকঘৰৰ হালধিয়ে স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিব পাৰে!
এই জন্তুবোৰে কৰে আত্মহত্যা, তালিকাত কাৰ নাম?
ওজন হ্ৰাসৰ বাবে উপকাৰী সেউজীয়া পাচলিৰ ৰস
Exit mobile version