শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ভাৰত-বাংলাদেশ সীমান্তত ওখ শস্যৰ খেতিয়ে মাতিছে বিপদ; এনে শস্যৰ খেতি বন্ধ কৰাৰ আহ্বান বিএছএফৰ

সীমান্ত অঞ্চলত ওখ শস্যৰ খেতি নকৰিবলৈ কৃষকক আহ্বান সীমান্ত সুৰক্ষা বাহিনীৰ । ওখ শস্যই কিদৰে অবৈধ অনুপ্ৰৱেশত সহায় কৰে তাৰো বিৱৰণ দিলে বি এছ এফৰ বিষয়াই । চৰকাৰক ব্যৱস্থা গ্ৰহণৰ আহ্বান ।

ভাৰত-বাংলাদেশ সীমান্তত ওখ শস্যৰ খেতিয়ে মাতিছে বিপদ; এনে শস্যৰ খেতি বন্ধ কৰাৰ আহ্বান বিএছএফৰ
ভাৰত বাংলাদেশ সীমান্তৰ ছবিImage Credit source: Debajyoti Chakraborty/NurPhoto via Getty Images
raj-saikia
Raj Saikia | Published: 31 Jan 2025 12:16 PM

ভাৰত-বাংলাদেশ সীমান্তৰ সমীপত কুঁহিয়াৰ, মৰাপাট, সৰিয়হ, কলৰ দৰে ওখ শস্যৰ খেতিত বাধা আৰোপ কৰাৰ বাবে কৃষি বিভাগ আৰু কৃষক গোষ্ঠীৰ সৈতে যোগাযোগ কৰিবলৈ সীমান্ত সুৰক্ষা বাহিনীয়ে ৰাজ্যৰ মুখ্য সচিব আৰু সকলো জিলা দণ্ডাধীশলৈ পত্ৰ প্ৰেৰণ কৰিছে । যাতে অনুপ্ৰৱেশকাৰীৰ আত্মগোপনৰ স্থান হ্ৰাস পায় ।

বৃহস্পতিবাৰে বি এছ এফৰ দক্ষিণ বংগ সীমান্তই আয়োজন কৰা ইনভেষ্টিচাৰ অনুষ্ঠানত ভাষণ দি বি এছ এফৰ এজন জ্যেষ্ঠ বিষয়াই শেহতীয়াকৈ বংগ চৰকাৰলৈ প্ৰেৰণ কৰা পত্ৰখনৰ বিষয়ে অৱগত কৰে । “ওখ শস্যই দৃশ্যমানতাত বাধাৰ সৃষ্টি কৰে আৰু নিৰাপত্তাৰ বাবে এক উল্লেখযোগ্য ভাবুকিৰ সৃষ্টি কৰে । কাৰণ ই চোৰাংচোৱা আৰু অনুপ্ৰৱেশকাৰীৰ বাবে এক নিখুঁত আত্মগোপনৰ স্থান প্ৰদান কৰে । অপৰাধীয়ে এই আত্মগোপনৰ স্থানসমূহ ব্যৱহাৰ কৰি আমাৰ জোৱানসকলক গোপনে আক্ৰমণ কৰে । সেইবাবেই আমি ৰাজ্য চৰকাৰক আহ্বান জনাইছো যে কৃষকসকলক সীমান্তৰ ওচৰত বিকল্প শস্যৰ খেতিৰ সন্ধান কৰিবলৈ কওক,’’ বিষয়াগৰাকীয়ে কয় ।

বিষয়াজনে বুজাই দিয়ে যে সীমান্তৰ বেৰাৰ বাহিৰত কৃষিভূমিৰ অংশ আছে, জিৰ’ লাইনৰ পৰা ১৫০ মিটাৰ দূৰত বেৰিকে়ড স্থাপন কৰা হৈছে । যদিও সীমান্তৰ আন্তঃগাঁথনিৰ বাবে মাটি অধিগ্ৰহণৰ পিছত বি এছ এফে কোনো মানুহৰ মাটিত খেতি কৰাৰ অনুমতি নিদিয়ে, তথাপিও পৰিচয় পৰীক্ষণৰ পিছত নিৰ্দিষ্ট সময়ত নিৰ্দিষ্ট গেটৰ জৰিয়তে এই অঞ্চলসমূহত প্ৰৱেশ কৰিবলগীয়া হয় কৃষকসকলে । এই অঞ্চলসমূহত ওখ গছ-গছনিয়ে নিৰাপত্তাজনিত বিপদৰ সৃষ্টি কৰে বুলিও তেওঁ কয় ।

বি এছ এফৰ নিয়ম অনুসৰি নিৰাপত্তাৰ উদ্দেশ্যে উদ্ভিদৰ উচ্চতা দুফুটলৈ সীমাবদ্ধ কৰা হৈছে যদিও পঃ বংগ-বাংলাদেশ সীমান্তৰ কৃষকসকলে প্ৰায়ে নিজৰ শস্য ওখ হ’বলৈ দিয়ে বুলি বিষয়াগৰাকীয়ে কয় । বাংলাদেশৰ ৰাজনৈতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই নিৰ্দেশনাসমূহ কাৰ্যকৰী কৰিবলৈ বেটেলিয়নৰ অধিনায়কসকলকো স্থানীয় কৰ্তৃপক্ষৰ সৈতে সহযোগিতা কৰিবলৈ নিৰ্দেশ দিয়া হৈছে ।

সীমান্তবাসীৰ আস্থা লাভ কৰাৰ লগতে চোৰাংচোৱাগিৰি আৰু অনুপ্ৰৱেশৰ সমস্যাৰ বিষয়ে অৱগত কৰাৰ বাবেও প্ৰচেষ্টা চলি আছে বুলি বিষয়াসকলে জনায় ।

দক্ষিণ বংগৰ বাংলাদেশৰ সৈতে ৯১৩.৩ কিলোমিটাৰ সীমান্ত আছে, ইয়াৰে ৩৬৪ কিলোমিটাৰ নদীৰ সীমা, আনহাতে উত্তৰ বংগৰ চুবুৰীয়া দেশখনৰ সৈতে ৯৩৬.৭ কিলোমিটাৰ সীমা আছে । এই দীঘলীয়া সীমান্তৰ দক্ষিণ বংগত ৫৩৮ কিলোমিটাৰ আৰু উত্তৰ বংগত ৩৭৫ কিলোমিটাৰ উন্মুক্ত হৈ ৰৈছে ।

উল্লেখ্য যে, অসমেও বাংলাদেশৰ সৈতে সীমাৰ ভাগ-বাটোৱাৰা কৰিছে । ধুবুৰীত ১৩৪ কিঃমিঃ, কাছাৰত ৩৩.৬ কিঃমিঃ আৰু শ্ৰীভূমি (কৰিমগঞ্জ)ত ৯৫.৪ কিঃমিঃ সীমা বাংলাদেশৰ সৈতে আছে ।

বৃহস্পতিবাৰৰ অনুষ্ঠানত মুকলি ভাষণ প্ৰদান কৰি বিএছএফ, ইষ্টাৰ্ণ কমাণ্ডৰ এডিজি, ৰবি গান্ধীয়ে পূব সীমান্তত জোৱান মোতায়েনৰ প্ৰত্যাহ্বান আৰু ইয়াক সুৰক্ষিত কৰাৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ ওপৰত আলোকপাত কৰে । ‘‘ইয়াৰ বৈচিত্ৰ্য, ভৌগোলিক সীমান্ত অঞ্চল, সামাজিক সমীকৰণ আৰু চুবুৰীয়া বাংলাদেশৰ সৈতে আমাৰ পৰিৱৰ্তিত সম্পৰ্কই ভাৰসাম্য বজাই ৰখাটো অতি প্ৰত্যাহ্বানজনক কৰি তুলিছে । অৱশ্যে বি এছ এফৰ জোৱানসকলে নিজৰ দায়িত্ব অতি ভালদৰে চম্ভালিছে ।’’ তেওঁ কয় ।

এই অনুষ্ঠানৰ মুখ্য অতিথি ৰাজ্যপাল চি ভি আনন্দ বসুৱে ৰাজ্য চৰকাৰকে ধৰি সকলো অংশীদাৰক সীমান্ত ব্যৱস্থাপনাৰ ক্ষেত্ৰত একেলগে কাম কৰিবলৈ আৰু অনুপ্ৰৱেশ ৰোধ কৰিবলৈ আহ্বান জনায় । অনুষ্ঠানত ৩৩ গৰাকী সেৱা আগবঢ়োৱা আৰু অৱসৰপ্ৰাপ্ত কৰ্মীক পুলিচ মেডেল ফৰ মেৰিটৰিয়াছ চাৰ্ভিচ (পিএমএমএছ)ৰে সন্মানিত কৰা হয় ।