21 May 2024 18:38 PM
বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলৰ মতে এই শুভ আৰু পবিত্ৰ দিনটোত গৌতম বুদ্ধৰ জন্ম হৈছিল।
কেলেণ্ডাৰ অনুসৰি চলিত বৰ্ষৰ ২৩ মে’ত বুদ্ধ পূৰ্ণিমা পালন কৰা হ’ব। নিয়ম অনুসৰি ভগৱান বুদ্ধক সেৱা কৰাৰ উপৰিও কেইবাটাও শুভ বস্তু দান কৰাটো ভাল। এই দিনটোত কোনো বিশেষ দান-বৰঙণিৰ দিলে পিতৃ পুৰুষসকল অতিশয় আনন্দিত হয়।
বুদ্ধ পূৰ্ণিমাৰ দিনা ভগৱান বুদ্ধই বোধগয়াত জ্ঞান লাভ কৰিছিল, গতিকে বুদ্ধ পূৰ্ণিমা দিনটোত সমগ্ৰ বিশ্বৰ পৰা আহি বৌদ্ধ ভক্তসকলে বোধগয়াত উপস্থিত হৈ বোধি বৃক্ষক আৰাধনা কৰে।
তাৰোপৰি পূৰ্ণিমাৰ দিনটোত কেবাটাও বস্তু দান কৰিলে পিতৃ পুৰুষৰ পৰা আশীৰ্বাদ লাভ কৰিব। পূৰ্বপুৰুষসকলে সুখী হৈ আশীৰ্বাদ প্ৰদান কৰে । গতিকে বুদ্ধ পূৰ্ণিমাৰ দিনা নদীত গা ধুই দুখীয়াক দান দিব লাগে।
বুদ্ধ পূৰ্ণিমাৰ দিনা গংগা নদীত স্নান কৰাৰ বিশেষ তাৎপৰ্য আছে। ঘৰৰ ওচৰত গংগা নদী নাথাকিলে গা ধোৱা পানীত গংগা পানী মিহলাই গা ধুলেও শুভ ফল পোৱা যায়।
বুদ্ধ পূৰ্ণিমাৰ দিনা পানীৰে ভৰা মাটিৰ পাত্ৰ, হালধীয়া কাপোৰ, জোতা, ছাতি, শস্য, ফলমূল দান কৰিলে অতি উপকাৰ লাভ কৰিব ।
বুদ্ধ পূৰ্ণিমাৰ দিনা স্নান কৰাৰ লগতে ভগৱান বিষ্ণু, দেৱী লক্ষ্মী আৰু তুলসীৰ সেৱা কৰিব লাগে।