5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Budget 2024: গাদী ৰক্ষাৰ বাজেট আখ্যা ৰাহুল গান্ধীৰঃ দিলে ‘AA’ সমীকৰণ

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি সংসদত বাজেট দাখিল কৰাৰ পিছতে এই সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগ্ৰেছৰ সাংসদ তথা লোকসভাৰ বিৰোধী নেতা ৰাহুল গান্ধীয়ে। মোদী চৰকাৰৰ এই সাধাৰণ বাজেটক ৰাহুল গান্ধীয়ে ‘গাদী ৰক্ষাৰ বাজেট’ আৰু ‘কপি পেষ্ট’ বাজেট বুলি অভিহিত কৰিছে।

Budget 2024: গাদী ৰক্ষাৰ বাজেট আখ্যা ৰাহুল গান্ধীৰঃ দিলে ‘AA’ সমীকৰণ
বাজেট সন্দৰ্ভত প্ৰতিক্ৰিয়া ৰাহুল গান্ধীৰ
Follow Us
monjit-dutta
Monjit Dutta | Updated On: 23 Jul 2024 15:57 PM

সংসদত আজি মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ প্ৰথমখন বাজেট দাখিল কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। বিত্তমন্ত্ৰীৰ বাজেট দাখিলৰ পিছতে বাজেট সন্দৰ্ভত বিভিন্ন ধৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিৰোধী নেতাসকলে। কংগ্ৰেছৰ সাংসদ তথা লোকসভাৰ বিৰোধী নেতা ৰাহুল গান্ধীয়ে মোদী চৰকাৰৰ এই সাধাৰণ বাজেটক ‘গাদী ৰক্ষাৰ বাজেট’ আৰু ‘কপি পেষ্ট’ বাজেট বুলি অভিহিত কৰিছে। তেওঁ লগতে বাজেট সম্পৰ্কত এক বিশেষ ‘AA’ সমীকৰণো আগবঢ়াইছে। বাজেটত সাধাৰণ মানুহৰ বাবে একো নাই বুলি অভিযোগ কৰিছে ৰাহুল গান্ধীয়ে।

কংগ্ৰেছ নেতাগৰাকীৰ মতে, মোদী চৰকাৰৰ এই বাজেটত কেৱল মিত্ৰশক্তিক সন্তুষ্ট কৰা হৈছে। ‘AA’ সমীকৰণ দাঙি ধৰি তেওঁ বাজেটৰ দ্বাৰা আম্বানী আৰু আদানীহে উপকৃত হৈছে বুলি দাবী কৰে। দেশৰ এই দুই ধনাঢ্য পুঁজিপতিৰ নামৰ প্ৰথম আখৰেৰে ৰাহুল গান্ধীয়ে দিছে বাজেট সন্দৰ্ভত এই ‘AA’ সমীকৰণ। ইফালে তেওঁ এই বাজেটক কপি পেষ্ট বাজেট বুলিও অভিহিত কৰিছে।

 

ৰাহুল গান্ধীয়ে দাবী কৰা মতে, আজি সংসদত দাখিল কৰা এই বাজেটখন কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰ আৰু পূৰ্বৰ বাজেটৰ কপি পেষ্ট। তেওঁৰ উপৰিও কংগ্ৰেছৰ অধ্যক্ষ মল্লিকাৰ্জুন খৰ্গে আৰু জয়ৰাম ৰমেশেও এই বাজেট সন্দৰ্ভত মোদী চৰকাৰক সমালোচনাৰ লক্ষ্য কৰি লৈছে। দুয়ো ৰাহুল গান্ধীৰ দৰেই বাজেটক ক্পি পেষ্ট বাজেট আখ্যা দিয়ে।

কংগ্ৰেছ অধ্যক্ষ খৰ্গেই কয় যে এই বাজেটক ‘নকল বাজেট’ বুলি অভিহিত কৰা হৈছে। তেওঁ লগতে মোদী চৰকাৰে কংগ্ৰেছৰ ন্যায়ৰ এজেণ্ডা সঠিকভাৱে নকল কৰিব নোৱাৰিলে বুলিও কটাক্ষ কৰে। এন ডি এ যাতে ভংগ নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি মোদী চৰকাৰৰ বাজেটত মিত্ৰজোঁটৰ অংশীদাৰসকলক প্ৰতাৰণা কৰিবলৈ আধা-আধাকৈ উপঢৌকন বিতৰণ কৰা হৈছে বুলি তেওঁ অভিযোগ কৰে।

খৰ্গেৰ মতে, এয়া দেশৰ প্ৰগতিৰ বাজেট নহয়, মোদী চৰকাৰ ৰক্ষাৰহে বাজেট। বাজেটত কোনো পৰিকল্পনা নাই তথা বিজেপি কেৱল জনসাধাৰণক প্ৰতাৰণা কৰাৰ কামত ব্যস্ত বুলি কংগ্ৰেছ অধ্যক্ষগৰাকীয়ে লগতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। তেওঁ এক টুইট যোগে মোদী চৰকাৰৰ এই বাজেট সম্পৰ্কত বহু বিষয়ত অসন্তুষ্টি প্ৰকাশ কৰে।

 

ইফালে কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে কংগ্ৰেছৰ ন্যায় পত্ৰ ২০২৪ৰ পৰা বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বাজেটৰ বিষয়ে শিক্ষা লোৱা বুলি কটাক্ষ কৰিছে। চৰকাৰে গ্ৰহণ কৰা ইন্টাৰশ্বিপ প্ৰগ্ৰেম স্পষ্টকৈ কংগ্ৰেছৰ প্ৰস্তাৱিত এপ্ৰেণ্টিছশ্বিপ প্ৰগ্ৰেমৰ আধাৰত গ্ৰহণ কৰা হৈছে বুলি তেওঁ দাবী কৰে। বিত্তমন্ত্ৰীৰ বাজেট ভাষণত কৰ্মতকৈ শ্ব’ৰ ওপৰত বেছি গুৰুত্ব দিয়া হৈছে বুলিও কটাক্ষ কৰে ৰমেশে।

Latest News