এইবাৰৰ বাজেটত কোনটো খণ্ড কিমান টকা আবণ্টন দিয়া হৈছে ? চাওক | Budget 2024 Expenditure Of Major Sector Like Defence, Education, Agriculture, Health Assam news - Assam Tv9

শিক্ষা, স্বাস্থ্য, প্ৰতিৰক্ষা, কৃষি ! এইবাৰৰ বাজেটত কোনটো খণ্ড কিমান টকা আবণ্টন দিয়া হৈছে ? চাওক

Published: 

23 Jul 2024 22:50 PM

Budget 2024 : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ তৃতীয়টো কাৰ্যকালৰ প্ৰথমখন বাজেট দাখিল কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে । এই বাজেটত কোনটো খণ্ডত কিমান টকা আবণ্টন দিয়া হৈছিল চাওক।

1 / 8প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ তৃতীয়টো কাৰ্যকালৰ প্ৰথমখন বাজেট দাখিল কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে । এই বাজেটত কোনটো খণ্ডত কিমান টকা আবণ্টন দিয়া হৈছিল চাওক।

2 / 8

এইবাৰৰ বাজেটত প্ৰতিৰক্ষা খণ্ডত সৰ্বাধিক আবণ্ট দিয়া হৈছে । দেশৰ প্ৰতিৰক্ষা খণ্ডৰ বাবে এইবাৰ বাজেট ধাৰ্য কৰা হৈছে ৪ লাখ ৫৪ হাজাৰ ৭৭৩ কোটি টকা ।

3 / 8

গ্ৰাম্য উন্নয়নৰ বাবে এইবাৰ বাজেটত ২ লাখ ৬৫ হাজাৰ ৮০৮ কোটি টকা ধাৰ্য কৰা হৈছে ।

4 / 8

দেশৰ কৃষি খণ্ডৰ বাবে ১ লাখ ৫১ হাজাৰ ৮৫১ কোটি টকা আবণ্টন দিয়া হৈছে ।

5 / 8

শিক্ষা খণ্ডৰ বাবে ১ লাখ ২৫ হাজাৰ ৬৩৮ কোটি টকা আবণ্টন দিয়া হৈছে।

6 / 8

তথ্য-প্ৰযুক্তি আৰু টেলিকম খণ্ডৰ উন্নয়নৰ বাবে ১ লাখ ১৬ হাজাৰ ৩৪২ কোটি টকা আবণ্টন দিছে।

7 / 8

স্বাস্থ্য খণ্ডৰ বাবে ৮৯ হাজাৰ ২৮৭ কোটি টকা আবণ্টন দিয়া হৈছে।

8 / 8

ইয়াৰ উপৰিও কেন্দ্ৰীয় চৰকাৰে গৃহ পৰিক্ৰমাৰ বাবে ১ লাখ ৫০ হাজাৰ ৯৮৩ কোটি টকা, শক্তিৰ বাবে ৬৮ হাজাৰ ৭৬৯ কোটি টকা, সমাজ কল্যাণৰ বাবে ৫৬ হাজাৰ ৫০১ কোটি টকা আৰু বাণিজ্য আৰু উদ্যোগৰ বাবে ৪৭ হাজাৰ ৫৫৯ কোটি টকা আবণ্টন দিয়াৰ কথা ঘোষণা কৰিছে।

Follow Us On
পাকঘৰৰ হালধিয়ে স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিব পাৰে!
এই জন্তুবোৰে কৰে আত্মহত্যা, তালিকাত কাৰ নাম?
ওজন হ্ৰাসৰ বাবে উপকাৰী সেউজীয়া পাচলিৰ ৰস
ঘৰৰ মূল দুৱাৰত ওলোমাই দিয়ক এই বিধ বস্তু, ধনেৰে উপচি পৰিব...
Exit mobile version