Budget 2024: প্ৰতিবছৰে দেশৰ ১ লাখ ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰিব শিক্ষা ঋণ | Budget 2024: FM Nirmala Sitharaman Says Education Loan up to Rs 10 lakh for students' higher education Assam news - Assam Tv9

Education Loan Budget 2024: উচ্চ শিক্ষাৰ বাবে প্ৰতিবছৰে দেশৰ ১ লাখ ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰিব শিক্ষা ঋণ, সবিশেষ…

Updated On: 

23 Jul 2024 15:40 PM

Education Loan : উচ্চ শিক্ষাৰ প্ৰসাৰতাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি উচ্চ শিক্ষাৰ বাবে ১০ লাখ টকা পৰ্যন্ত ঋণ দিয়াৰ কথা ঘোষণা কৰিছে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে । বিত্তমন্ত্ৰী গৰাকীয়ে ঘোষণা কৰে যে, এতিয়াৰ পৰা প্ৰতিবছৰে দেশৰ ১ লাখ ছাত্ৰ-ছাত্ৰীক শিক্ষামূলক ঋণ দিয়া হ’ব । এই ঋণত কেন্দ্ৰীয় চৰকাৰে ৩ শতাংশ সুত ৰেহাই দিয়াৰ কথা ঘোষণা কৰিছে ।

Education Loan Budget 2024: উচ্চ শিক্ষাৰ বাবে প্ৰতিবছৰে দেশৰ ১ লাখ ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰিব শিক্ষা ঋণ, সবিশেষ...

উচ্চ শিক্ষাৰ বাবে ঋণ

Follow Us On

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন এনডিএৰ তৃতীয়টো কাৰ্যকালৰ প্ৰথমখন বাজেট আজি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰে । এই বাজেটে এইবাৰ শিক্ষাৰ ক্ষেত্ৰত এক ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে । উচ্চ শিক্ষাৰ প্ৰসাৰতাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি উচ্চ শিক্ষাৰ বাবে ১০ লাখ টকা পৰ্যন্ত ঋণ দিয়াৰ কথা ঘোষণা কৰিছে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ।

বিত্তমন্ত্ৰী গৰাকীয়ে ঘোষণা কৰে যে, এতিয়াৰ পৰা প্ৰতিবছৰে দেশৰ ১ লাখ ছাত্ৰ-ছাত্ৰীক শিক্ষামূলক ঋণ দিয়া হ’ব । এই ঋণত কেন্দ্ৰীয় চৰকাৰে ৩ শতাংশ সুত ৰেহাই দিয়াৰ কথা ঘোষণা কৰিছে । মন কৰিবলগীয়া যে, বৰ্তমান চৰকাৰী বেংকসমূহে ৬.৮৫ ৰ পৰা ৯.৩৫ শতাংশ হাৰত শিক্ষা ঋণ প্ৰদান কৰি আছে ।

ইয়াৰ উপৰিও কৰ্মক্ষেত্ৰত যুৱক-যুৱতীৰ ইন্টাৰশ্বিপৰৰ ক্ষেত্ৰত বাজেটত ডাঙৰ ঘোষণা কৰিছে । সেই অনুসৰি, ১ কোটি যুৱক-যুৱতীয়ে অহা পাঁচ বছৰত বিভিন্ন কৰ্মক্ষেত্ৰত ইন্টাৰশ্বিপৰ সুযোগ লাভ কৰিব। ইয়াৰ বাবে দেশৰ ৫০০ টা কোম্পানীত এই ইন্টাৰশ্বিপৰ সুযোগ লাভ কৰিব যুৱক-যুৱতী সকলে । ইয়াৰ লগতে ইন্টাৰশ্বিপৰ এই সময়ছোৱাত যুৱক-যুৱতীসকলে লাভ কৰিব মাহিলী ৫ হাজাৰ টকা ।

উল্লেখ্য যে, মেনেজমেণ্টৰ উপৰিও ছাত্ৰ-ছাত্ৰীসকলে চাকৰিৰ ক্ষেত্ৰত নিজৰ পৰিসৰ বৃদ্ধিৰ বাবে একাধিক ব্যৱহাৰিক পাঠ্যক্ৰমৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছে । এই ব্যৱহাৰিক পাঠ্যক্ৰম প্ৰদান কৰাৰ ক্ষেত্ৰত ব্যক্তিগত শিক্ষানুষ্ঠানৰ সংখ্যা সৰ্বাধিক । এনে ক্ষেত্ৰত মধ্যবিত্ত অভিভাৱকসকলে ব্যক্তিগত শিক্ষানুষ্ঠানত সন্তানক পঢ়োৱাৰ বাবে চিন্তিত হৈ পৰে । যাৰ বাবে ছাত্ৰ-ছাত্ৰীসকল অধিক শিক্ষা ঋণৰ ওপৰত ভৰসা কৰিবলগীয়া হয় । ৩ শতাংশ সুতৰ ৰেহাই দিলে শিক্ষাৰ্থীসকল যথেষ্ট উপকৃত হ’ব বুলি আশা প্ৰকাশ কৰিছে কেন্দ্ৰয় ।

পাকঘৰৰ হালধিয়ে স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিব পাৰে!
এই জন্তুবোৰে কৰে আত্মহত্যা, তালিকাত কাৰ নাম?
ওজন হ্ৰাসৰ বাবে উপকাৰী সেউজীয়া পাচলিৰ ৰস
ঘৰৰ মূল দুৱাৰত ওলোমাই দিয়ক এই বিধ বস্তু, ধনেৰে উপচি পৰিব...
Exit mobile version