Budget 2024: স্বাস্থ্যখণ্ডত বৃদ্ধি পাব পাৰে বাজেট! পোহৰলৈ আহিছে এনে খবৰ | Budget 2024: health sector budget may increase in the budget Assam news - Assam Tv9

Budget 2024: স্বাস্থ্যখণ্ডত বৃদ্ধি পাব পাৰে বাজেট! পোহৰলৈ আহিছে এনে খবৰ

দেশৰ স্বাস্থ্য খণ্ড এক শক্তিশালী ৰূপত গঢ়ি তোলাৰ উদ্দেশ্যে চৰকাৰী ব্যয় বৃদ্ধিৰ বাবে বাজেটত গুৰুত্ব আৰোপ কৰা হ’ব বুলি আশা প্ৰকাশ কৰিছে বিশেষজ্ঞসকলে। বাজেটত উন্নত চিকিৎসাৰ সুবিধা, চিকিৎসা খণ্ডৰ গুণগত মান বৃদ্ধি, গৱেষণা আৰু বিকাশৰ ওপৰত গুৰুত্ব দিব লাগে বুলি বিশেষজ্ঞসকলে মত পোষণ কৰিছে।

Budget 2024: স্বাস্থ্যখণ্ডত বৃদ্ধি পাব পাৰে বাজেট! পোহৰলৈ আহিছে এনে খবৰ

স্বাস্থ্য খণ্ডত বৃদ্ধি পাব পাৰে বাজেট

Updated On: 

21 Jul 2024 12:29 PM

অহা ২৩ জুলাইত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সাধাৰণ বাজেট দাখিল কৰিব। ক্ৰমাগত ৭ বাৰৰ বাবে বিত্তমন্ত্ৰী সীতাৰমণে দাখিল কৰিব বাজেট। সাধাৰণ বাজেটত কোনকেইটা দিশত অগ্ৰাধিকাৰ দিয়া হ’ব, সেই সন্দৰ্ভত ইতিমধ্যে চৰ্চা আৰম্ভ হৈছে। বাজেটত এইবাৰ স্বাস্থ্য খণ্ডত কেন্দ্ৰীয় চৰকাৰে বিশেষ গুৰুত্ব প্ৰদান কৰিব বুলি বিশেষজ্ঞসকলে মত প্ৰকাশ কৰিছে। দেশৰ স্বাস্থ্য খণ্ড এক শক্তিশালী ৰূপত গঢ়ি তোলাৰ উদ্দেশ্যে চৰকাৰী ব্যয় বৃদ্ধিৰ বাবে বাজেটত গুৰুত্ব আৰোপ কৰা হ’ব বুলি আশা প্ৰকাশ কৰিছে বিশেষজ্ঞসকলে। বাজেটত উন্নত চিকিৎসাৰ সুবিধা, চিকিৎসা খণ্ডৰ গুণগত মান বৃদ্ধি, গৱেষণা আৰু বিকাশৰ ওপৰত গুৰুত্ব দিব লাগে বুলি বিশেষজ্ঞসকলে মত পোষণ কৰিছে।

সাধাৰণ বাজেটত স্বাস্থ্য খণ্ড সন্দৰ্ভত বিশেষজ্ঞসকলে কিছু পৰামৰ্শ আগবঢ়াইছে। এছ’চিয়েশ্যন অৱ হেল্থকেয়াৰ প্ৰভাইডাৰ্ছ, ইণ্ডিয়াৰ সঞ্চালক প্ৰধান ডাঃ গিৰধৰ জ্ঞানীয়ে কয় যে স্বাস্থ্যজনিত যিকোনো সমস্যাৰ সৈতে মোকাবিলা কৰিবলৈ আৰু সাৰ্বজনীন স্বাস্থ্য কভাৰেজ নিশ্চিতিৰ বাবে চৰকাৰী ব্যয় বৃদ্ধি কৰাটো অত্যন্ত প্ৰয়োজনীয়।

চৰকাৰে অনাময়, বিশুদ্ধ খোৱাপানী আৰু পুষ্টিৰ ওপৰত গুৰুত্ব আৰোপ কৰি ‘স্বাস্থ্যকৰ ভাৰত’ গঢ়ি তোলাৰ ব্যাপক লক্ষ্যক অগ্ৰাধিকাৰ দিব লাগে বুলি তেওঁ লগতে কয়। স্বায়ত্তশাসিত ৰাজ্যিক ব’ৰ্ডৰ অধীনত জনস্বাস্থ্য প্ৰতিষ্ঠানসমূহক পেছাদাৰী কৰি তুলিব লাগে বুলিও পৰামৰ্শ আগবঢ়ায় আৰু আয়ুষ্মান ভাৰত আঁচনিখনক পুনৰ গঠন কৰি আৰ্থ-সামাজিক আৰু জাতিগত লোকপিয়ল, ২০১১ৰ সকলো হিতাধিকাৰীক সামৰি ল’ব লাগে বুলি মত পোষণ কৰে।

একেদৰে এপ’ল’ হস্পিতালছ গ্ৰুপৰ পৰিচালন সঞ্চালিকা সুনীতা ৰেড্ডীয়ে দেশ এখনৰ অৰ্থনৈতিক ব্যৱস্থা আৰু স্বাস্থ্যসেৱাৰ আন্তঃগাঁথনিৰ মাজত থকা জটিল সম্পৰ্কৰ প্ৰতি লক্ষ্য ৰখাটো অত্যন্ত গুৰুত্বপূৰ্ণ বুলি মন্তব্য কৰে। তেওঁ লগতে ৫ ট্ৰিলিয়ন ডলাৰৰ অৰ্থনীতিৰ লক্ষ্যত উপনীত হ’বলৈ হ’লে শক্তিশালী স্বাস্থ্যসেৱা খণ্ড দেশৰ পৰিকল্পনাৰ কেন্দ্ৰবিন্দু হ’ব লাগে বুলিও উল্লেখ কৰে।

আনহাতে উজালা চাইগনাছ গ্ৰুপ অৱ হস্পিতালৰ অধ্যক্ষ তথা সঞ্চালক প্ৰবাল ঘোষালে গ্ৰামাঞ্চলৰ প্ৰতি লক্ষ্য ৰাখি স্বাস্থ্যসেৱাৰ ব্যয় জিডিপিৰ ২.৫ শতাংশলৈ বৃদ্ধি কৰিবলৈ চৰকাৰক আহ্বান জনায়। ইণ্ডিয়ান মেডিকেল এচ’ছিয়েচনৰ অধ্যক্ষ আৰ ভি অশোকনে মুঠ ঘৰুৱা উৎপাদনৰ তুলনাত স্বাস্থ্য খণ্ডৰ বাবে আবণ্টন বহু কম বুলি আঙুলিয়াই দিয়ে। তেওঁ লগতে খোৱাপানী আৰু অনাময় ব্যৱস্থাৰ দৰে স্বাস্থ্যগত দিশসমূহৰ ব্যয় পৃথক হ’ব লাগে বুলিও উল্লেখ কৰে।

আগন্তুক বাজেট দাখিলৰ পূৰ্বে ইণ্ডিয়ান মেডিকেল এচ’ছিয়েচনৰ দাবী সন্দৰ্ভত কেন্দ্ৰীয় বিত্তমন্ত্ৰীলৈ এখন পত্ৰ প্ৰেৰণ কৰা হৈছে বুলিও জানিব পৰা গৈছে। ইফালে ফৰ্টিছ হেল্থকেয়াৰৰ চিইঅ’ তথা পৰিচালন সঞ্চালক আশুতোষ ৰঘুবংশীয়ে জিডিপিৰ ২.৫ শতাংশলৈ ব্যয় বৃদ্ধি কৰি স্বাস্থ্যসেৱাৰ আন্তঃগাঁথনিক অগ্ৰাধিকাৰ দিয়াৰ মত পোষণ কৰিছে। বিশেষজ্ঞসকলৰ এনে পৰামৰ্শ বাজেটত প্ৰতিফলিত হয় নে নহয়, সেয়া অৱশ্যে সময়তহে দেখা পোৱা যাব।

দেশৰ প্ৰথমটো মছজিদ ক'ত আছে? কোন হিন্দু ৰজাই ইয়াক নিৰ্মাণ কৰিছিল
নিম পাত আৰু হালধীৰ আছে অলেখ গুণ, এয়া খালে কি হয় জানেনে ?
কেতিয়া দ্বিতীয় বিবাহ পাতিব অভিষেক বচ্চনে? ক'লে এই কথা.
দীপাৱলীৰ পূজাৰ শুভ সময় কেতিয়া?