Budget 2024: নিয়োগ বৃদ্ধিৰ লক্ষ্যঃ কৰ্মসংস্থাপন আৰু দক্ষতা বিকাশৰ বাবে ২ লাখ কোটি টকা ধাৰ্য | Budget 2024 Nirmala Sitharaman announces 2 lakh cr for employment skill development Assam news - Assam Tv9

Budget 2024: নিয়োগ বৃদ্ধিৰ লক্ষ্যঃ কৰ্মসংস্থাপন আৰু দক্ষতা বিকাশৰ বাবে ২ লাখ কোটি টকা ধাৰ্য

Updated On: 

23 Jul 2024 13:40 PM

বাজেট দাখিল কৰি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দেশৰ যুৱক-যুৱতীসকলৰ নিয়োৰ বৃদ্ধিৰ ওপৰত চৰকাৰে গুৰুত্ব আৰোপ কৰা বুলি উল্লেখ কৰে। মোদী চৰকাৰ সবকা সাথ, সবকা বিকাশ নীতিৰ প্ৰতি দায়বদ্ধ বুলি উল্লেখ কৰি বিত্তমন্ত্ৰীগৰাকীয়ে এইবাৰ বাজেটত যুৱক-যুৱতীসকলৰ কৰ্মসংস্থাপন আৰু দক্ষতা বিকাশৰ বাবে বাজেটত ২ লাখ কোটি টকা আবণ্টন দিয়া হৈছে বুলি ঘোষণা কৰে।

Budget 2024: নিয়োগ বৃদ্ধিৰ লক্ষ্যঃ কৰ্মসংস্থাপন আৰু দক্ষতা বিকাশৰ বাবে ২ লাখ কোটি টকা ধাৰ্য

নিবনুৱাৰ বাবে বাজেটত বিশেষ ঘোষণা

Follow Us On

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি সংসদত দাখিল কৰিছে পূৰ্ণাংগ বাজেট। মোদী চৰকাৰৰ তৃতীয় কাৰ্যকালৰ প্ৰথম তথা বিত্তমন্ত্ৰী হিচাপে নিজৰ সপ্তমখন বাজেট আজি সংসদত দাখিল কৰিছে বিত্তমন্ত্ৰী সীতাৰমণে। বাজেট দাখিল কৰি বিত্তমন্ত্ৰীগৰাকীয়ে ভাৰতত মুদ্ৰাস্ফীতিৰ হাৰ ক্ৰমাগতভাৱে হ্ৰাস পাইছে বুলি উল্লেখ কৰি মোদী চৰকাৰৰ ওপৰত দেশৰ জনসাধাৰণৰ আস্থা বৃদ্ধি পাইছে বুলি মন্তব্য কৰে। এই বাজেটত দৰিদ্ৰ, মহিলা, যুৱক-যুৱতী আৰু কৃষকৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে বুলিও মন্তব্য কৰে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। বাজেট দাখিল কৰি বিত্তমন্ত্ৰীগৰাকীয়ে লগতে নিবনুৱাৰ সংস্থাপন সন্দৰ্ভত এক বৃ্হৎ ঘোষণা কৰিছে।

ভাৰতৰ অৰ্থনীতি যথেষ্ট শক্তিশালী বুলি দোহাৰি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দেশৰ যুৱক-যুৱতীসকলৰ নিয়োৰ বৃদ্ধিৰ ওপৰত চৰকাৰে গুৰুত্ব আৰোপ কৰা বুলি উল্লেখ কৰে। মোদী চৰকাৰ সবকা সাথ, সবকা বিকাশ নীতিৰ প্ৰতি দায়বদ্ধ বুলি উল্লেখ কৰি বিত্তমন্ত্ৰীগৰাকীয়ে এইবাৰ বাজেটত যুৱক-যুৱতীসকলৰ কৰ্মসংস্থাপন আৰু দক্ষতা বিকাশৰ বাবে বাজেটত ২ লাখ কোটি টকা আবণ্টন দিয়া হৈছে বুলি ঘোষণা কৰে।

কৰ্মসংস্থাপনৰ বাবে চৰকাৰে ২ লাখ কোটি টকা খৰছ কৰাৰ উপৰিও কৰ্মসংস্থাপন প্ৰদান কৰাসকলে চৰকাৰী সাহায্য লাভ কৰিব বুলি ঘোষণা কৰিছে বিত্তমন্ত্ৰী সীতাৰমণে। ইয়াৰ দ্বাৰা আগন্তুক পাঁচ বছৰত ৪ কোটি যুৱক-যুৱতীক সংস্থাপনৰ লক্ষ্য লোৱা হৈছে। তেওঁ নিজ ভাষণত ইপিএফঅ’ৰ জৰিয়তে ১০ লাখ যুৱক উপকৃত হৈছে বুলি সদৰী কৰে। ইপিএফঅ’ত পঞ্জীয়নৰ ক্ষেত্ৰত ইনচেণ্টিভ প্ৰদানৰ কথাও ঘোষণা কৰিছে বিত্তমন্ত্ৰীগৰাকীয়ে।

বাজেট দাখিল কৰি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কয় যে এইবাৰ চৰকাৰে কৰ্মসংস্থাপন সৃষ্টিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে আৰু সংস্থাপনৰ সুবিধাৰ বাবে  ৫ খন আঁচনি ঘোষণা কৰা হৈছে। চৰকাৰে কৰ্মসংস্থাপনৰ বাবে ২ লাখ কোটি টকাৰ পেকেজ ঘোষণা কৰা বুলিও সদৰী কৰিছে বিত্তমন্ত্ৰীয়ে। তেওঁ ঘোষণা কৰা মতে,  ২০ লাখ যুৱক-যুৱতীক কৰ্মসংস্থাপনৰ বাবে প্ৰশিক্ষণ দিয়া হ’ব।

ইয়াৰ উপৰিও চৰকাৰে সংস্থাপন প্ৰদানৰ বাবে ইনচেণ্টিভ প্ৰদান কৰাৰ লগতে সংস্থাপন প্ৰদানৰ ক্ষেত্ৰত চৰকাৰী ইনচেণ্টিভৰ বাবে ৩ খন আঁচনি প্ৰৱৰ্তন কৰা হ’ব বুলিও ঘোষণা কৰিছে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। প্ৰধানমন্ত্ৰী আঁচনিৰ অধীনত ৩টা পৰ্যায়ত ইনচেণ্টিভ প্ৰদান কৰা হ’ব আৰু উদ্যোগসমূহৰ সহযোগত ৱৰ্কিং হোষ্টেল নিৰ্মাণ কৰা হ’ব বুলি বিত্তমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে।

পাকঘৰৰ হালধিয়ে স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিব পাৰে!
এই জন্তুবোৰে কৰে আত্মহত্যা, তালিকাত কাৰ নাম?
ওজন হ্ৰাসৰ বাবে উপকাৰী সেউজীয়া পাচলিৰ ৰস
ঘৰৰ মূল দুৱাৰত ওলোমাই দিয়ক এই বিধ বস্তু, ধনেৰে উপচি পৰিব...
Exit mobile version