5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

বিচৰাখিনি নাপালে নীতিশে! সন্তুষ্ট কৰিবলৈ হিয়া উজাৰি বাজেটে দিলে বিহাৰক উপহাৰ

এইবাৰ বিজেপিয়ে লোকসভাত একক সংখ্যাগৰিষ্ঠ চৰকাৰ গঠন কৰিবলৈ সক্ষম হোৱা নাছিল। যাৰ বাবে নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নায়ডুৰ হাত ধৰি মোদী প্ৰধানমন্ত্ৰী হৈছিল

বিচৰাখিনি নাপালে নীতিশে! সন্তুষ্ট কৰিবলৈ হিয়া উজাৰি বাজেটে দিলে বিহাৰক উপহাৰ
নিৰ্মলা, মোদী. চন্দ্ৰবাবু, নীতিশ
barasha-sarma
Barasha Sarma | Updated On: 23 Jul 2024 16:01 PM

লোকসভা নিৰ্বাচনৰ পাছতে বিহাৰৰ নীতিশ কুমাৰৰ চৰকাৰে ৰাজ্যখনৰ বাবে বিশেষ মৰ্যদাৰ দাবী কৰি আহিছিল। কিন্তু নীতিশ কুমাৰৰ এই আশাত চেঁচা পানী ঢালি কেন্দ্ৰীয় বিত্ত ৰাজ্য মন্ত্ৰী পংকজ চৌধুৰীয়ে লোকসভাত কৈছিল যে বিহাৰে লাভ নকৰে বিশেষ ৰাজ্যৰ মৰ্যদা। এতিয়ালৈকে নীতিশ কুমাৰে এই ক্ষেত্ৰত কোনো মন্তব্য আগনবঢ়ালেও এয়া ঠিক যে কিছু পৰিমাণে হ’লেও অসন্তুষ্ট হৈছে। বিহাৰক বিশেষ মৰ্যদা স্বীকৃতি দিয়াৰ দাবী অতি পুৰণি। ইয়াৰ পূৰ্বে ২০১০ চনত মনমোহন সিং চৰকাৰে বিহাৰ বিশেষ মৰ্যদা দিয়াত অস্বীকাৰ কৰিছিলি। এই সিদ্ধান্তৰ বিৰোধিতা কৰি নীতিশ কুমাৰে সমগ্ৰ বিহাৰত প্ৰতিবাদ কৰিছিল।

কিন্তু কেন্দ্ৰত বিজেপিয়ে অধিষ্ঠিত হৈ থাকিবৰ বাবে বিহাৰৰ নীতিশ কুমাৰ আৰু অন্ধ্ৰপ্ৰদেশৰ চন্দ্ৰবাবু নায়ডুৰ প্ৰয়োজন অত্য়াধিক। লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পাছতেই এই দুইগৰাকী নেতাই সঞ্জিৱণী হৈ এন ডি এ চৰকাৰ গঠন কৰাত অৰিহনা যোগাইছিল। বিশেষ ৰাজ্যৰ মৰ্যদা নিদিলেও বাজেটত ডাঙৰ ঘোষণা কৰি নীতিশ কুমাৰক সন্তুষ্ট কৰাৰ চেষ্টা কৰিছে বিজেপিয়ে।

মোদী চৰকাৰ ৩.০ ৰ প্ৰথমখন পূৰ্ণাংগ বাজেটত বিহাৰ আৰু অন্ধ্ৰপ্ৰদেশৰ বাবে ডাঙৰ ঘোষণা কৰে।  বিহাৰৰ বাবে কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ ঘোষণা কৰাৰ লগতে অন্ধ্ৰপ্ৰদেশৰ বাবে ১৫,০০০ কোটি টকাৰ অতিৰিক্ত অনুদান আগবঢ়ায়। গতিকে প্ৰশ্ন হয়, ৰাজনৈতিকভাৱে সন্তুষ্ট কৰি ৰাখিবলৈ বিহাৰ আৰু অন্ধ্ৰপ্ৰদেশৰ বাবে ইমান দয়ালু হৈছে নেকি মোদী চৰকাৰ?

বাজেটত বিত্তমন্ত্ৰীয়ে বিহাৰৰ পথ সংযোগ প্ৰকল্পৰ বাবে ২৬ হাজাৰ কোটি টকাৰ আৱন্টন দিয়ে। ইয়াৰ লগে লগে পাটনা-পুৰ্ণিয়া এক্সপ্ৰেছৱে আৰু বাক্সাৰ-ভাগলপুৰ এক্সপ্ৰেছৱে নিৰ্মাণ কৰাৰ কথা উল্লেখ কৰে। বোধগয়া, ৰাজগীৰ, বৈশালী আৰু দৰভংগা পথ সংযোগ প্ৰকল্পও আৰম্ভ হ’ব। ইয়াৰ উপৰিও বক্সাৰ গংগা নদীত অতিৰিক্ত দুই লেনযুক্ত দলং নিৰ্মাণ কৰা হ’ব। ২১ হাজাৰ ৪০০ কোটি টকা ব্যয় সাপেক্ষে বিহাৰত আৰম্ভ হ’ব বিদ্যুৎ প্ৰকল্প। ইয়াৰ ভিতৰত পিৰপাইন্তিত ২৪০০ মেগাৱাট শক্তিৰ নতুন প্লাণ্ট স্থাপনৰ কথাও উল্লেখ কৰে।

ইয়াৰোপৰি বিহাৰত নতুন বিমান বন্দৰ, মেজিকেল কলেজ, খেলাৰ উদ্যান আদি নিৰ্মাণ হ’ব। বোধগয়াৰ মহাবোধি মন্দিৰৰ বাবে কৰিডৰৰ নিৰ্মাণ কৰা হ’ব। গয়াৰ বিষ্ণুপদ মন্দিৰৰ বাবে কৰিডৰৰ ব্যৱস্থা। ৰাজগীৰ তীৰ্থ ক্ষেত্ৰৰ বিকাশ হ’ব লগতে নালন্দাক পৰ্যটনৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলা হ’ব।প্ৰায় ৬০,০০০ কোটি টকা বিহাৰে লাভ কৰিব।

বিহাৰৰ লগতে অন্ধ্ৰপ্ৰদেশৰ বাবেও বাজেটত বিশেষ ঘোষণা কৰে। অন্ধ্ৰপ্ৰদেশক ১৫,০০০ কোটি টকা অতিৰিক্ত ধন ৰাশি আগবঢ়োৱাৰ কথা উল্লেখ কৰে বাজেটত। বিশাখাপট্টনম-চেন্নাই ঔদ্যোগিক কৰিডৰৰ কোপপাৰ্থী অঞ্চলত আন্তঃগাঁথনিৰ ওপৰত গুৰুত্ব দিয়া হ’ব। অৰ্থনৈতিক উন্নয়নৰ বাবে মূলধনী বিনিয়োগৰ বাবে এবছৰ পৰ্যন্ত অতিৰিক্ত আবণ্টন দিব।

উল্লেখ্য যে, এইবাৰ বিজেপিয়ে লোকসভাত একক সংখ্যাগৰিষ্ঠ চৰকাৰ গঠন কৰিবলৈ সক্ষম হোৱা নাছিল। যাৰ বাবে নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নায়ডুৰ হাত ধৰি মোদী প্ৰধানমন্ত্ৰী হৈছিল। বিহাৰ আৰু অন্ধ্ৰপ্ৰদেশক বিশেষ ৰাজ্যৰ মৰ্যদা দিয়াৰ বাবে দুয়ো গৰাকী নেতাই অবিৰতভাৱে দাবী উত্থাপন কৰি আহিছে। কিন্তু এই দাবী মানি লোৱা নাই চৰকাৰে। বিশেষ ৰাজ্যৰ মৰ্যদা নিদিলেও বাজেটত হিয়া খুলি মোদী চৰকাৰে বিহাৰ আৰু অন্ধ্ৰপ্ৰদেশত উপহাৰ দিছে। ইয়াক লৈ নীতিশ কুমাৰ আৰু নাইডু  সন্তুষ্ট হয় নে নাই সেয়া সময়ে ক’ব।

Latest News