Budget 2024: আজি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সংসদত দাখিল কৰিব কেন্দ্ৰীয় বাজেট – Assamese News: Latest News in Assamese Online, Assamese Breaking and Live Updates, Assamese News Today

Budget 2024: আজি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সংসদত দাখিল কৰিব কেন্দ্ৰীয় বাজেট

কৃষক, উৎপাদন খণ্ড আৰু ক্ষুদ্ৰ আৰু কুটিৰ উদ্যোগৰ সৈতে জড়িত লোকসকলে বাজেটৰ পৰা কিবা ভাল খবৰ পাব বুলি অপেক্ষা কৰি আছে। এনে পৰিস্থিতিত নতুন কৰ ব্যৱস্থাৰ ওপৰতো চৰকাৰে সিদ্ধান্ত লোৱাৰ সম্ভাৱণা আছে

Budget 2024: আজি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সংসদত দাখিল কৰিব কেন্দ্ৰীয় বাজেট

নিৰ্মলা সীতাৰমণ

Published: 

23 Jul 2024 07:20 AM

মঙলবাৰে কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মাল সীতাৰমণে সংসদত দাখিল কৰিব কেন্দ্ৰীয় বাজেট। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ তৃতীয় কাৰ্যকালৰ এয়া প্ৰথমখন পূৰ্ণাংগ বাজেট।  আজি দাখিল হ’বলগীয়া এই বাজেটৰ ওপৰত সমগ্ৰ দেশৰ জনতাই নজৰ আছে। কৃষক, উৎপাদন খণ্ড আৰু ক্ষুদ্ৰ আৰু কুটিৰ উদ্যোগৰ সৈতে জড়িত লোকসকলে বাজেটৰ পৰা কিবা ভাল খবৰ পাব বুলি অপেক্ষা কৰি আছে। এনে পৰিস্থিতিত নতুন কৰ ব্যৱস্থাৰ ওপৰতো চৰকাৰে সিদ্ধান্ত লোৱাৰ সম্ভাৱণা আছে। মহিলা সকলেও বাজেটৰ পৰা যথেষ্ঠ আশা কৰিছে।

আজি দিনৰ ১১ বজাত সদনত নিৰ্মলা সীতাৰমণে বাজেট দাখিল কৰি ভাষণ দিব। ইয়াৰ পাছত দিনৰ ১ মান বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বাজেটৰ ওপৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰিব আৰু দিনৰ ৩ বজাত সংবাদ মাধ্যম সম্বোধন কৰিব বিত্তমন্ত্ৰীগৰাকীয়ে। খবৰ অনুসৰি লোকসভা আৰু ৰাজ্যসভাত সাধাৰণ বাজেটৰ ওপৰ ২০-২০ ঘন্টা ধৰি চৰ্চা চলিব পাৰে। ২৩ জুলাই নিৰ্মলা সীতাৰমণে দাখিল কৰা বাজেটৰ ওপৰত চৰ্চা হব আৰু ৩০ জুলাই বিত্ত মন্ত্ৰীগৰাকীয়ে বাজেটক লৈ উত্থাপন হোৱা প্ৰশ্নৰ উত্তৰ দিব।

২১ জুলাইত সদনত কৰা আৰ্থিক জৰীপৰ দ্বাৰা এয়া স্পষ্ট হৈছে যে এইবাৰ মোদী চৰকাৰে ২০৪৭ চনলৈ ভাৰতক বিকশিত কৰাৰ লক্ষ্য ৰাখিছে। কিন্তু এই ক্ষেত্ৰত চৰকাৰৰ ওচৰত বহু প্ৰত্যাহ্বান অহাৰ সম্ভাৱণা আছে। ইয়াৰোপৰি এই বাজেটত অৰ্থনীতি, নিয়োগ, সেউজ অৰ্থনীতি, নতুন কৰ ব্যৱস্থা, পি এম স্বনিধি আঁচনিৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ লোৱাৰ সম্ভাৱণা আছে। এইবাৰ বাজেটত থাকিব পাৰে-

  • বাজেটত মোদী চৰকাৰ-৩.০ৰ বাবে ৫ বছৰৰ ৰোডমেপ থাকিব।
  • উন্মোচিত হ’ব উন্নত ভাৰতৰ কৌশল।
  • অৰ্থনীতি বৃদ্ধিৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হ’ব।
  • নিয়োগ বৃদ্ধিৰ বাবে নতুন সিদ্ধান্ত।
  • আৰ্থিক অনুশাসনৰ ক্ষেত্ৰত কোনো আপোচ নহ’ব।
  • সেউজ অৰ্থনীতিৰ ওপৰত গুৰুত্ব দিয়া হ’ব পাৰে।
  • নতুন কৰ ব্যৱস্থাৰ আশা কৰা হৈছে।
  • নতুন কাৰখানা আৰু নতুন বিনিয়োগৰ ওপৰত কৰ্পৰেট কৰ কম কৰাৰ বিকল্প।
  • টায়াৰ-২ আৰু টায়াৰ-৩ চহৰত ষ্টাৰ্টআপৰ ওপৰত গুৰুত্ব দিয়া হ’ব।
  • পি এম স্বনিধি আঁচনিৰ পৰিসৰ বৃদ্ধি হ’ব পাৰে।
  • মহিলাসকলৰ বাবে বিশেষ সুবিধা থাকিব পাৰে বাজেটত

ইয়াৰোপৰি আৰু কেইবাটাও বিষয় সামৰি বাজেট দাখিল কৰিব নিৰ্মলা সীতাৰমণে। চৰকাৰে দাখিল কৰা আৰ্থিক জৰীপ অনুসৰি চলিত বিত্ত বৰ্ষত আৰ্থিক বিকাশৰ হাৰ ৬.৫ শতাংশৰ পৰা ৭ শতাংশ হ’ব পাৰে। এতিয়া মাত্ৰ কেইঘন্টামান বাকী। তাৰ পাছতে বিত্তমন্ত্ৰীয়ে দাখিল কৰিব বাজেট। গতিকে সমগ্ৰ দেশৰ জনতাৰ দৃষ্টি নিবদ্ধ হৈ আছে মোদী- ৩.০ ৰ কেন্দ্ৰীয় বাজেটত।

দেশৰ প্ৰথমটো মছজিদ ক'ত আছে? কোন হিন্দু ৰজাই ইয়াক নিৰ্মাণ কৰিছিল
নিম পাত আৰু হালধীৰ আছে অলেখ গুণ, এয়া খালে কি হয় জানেনে ?
কেতিয়া দ্বিতীয় বিবাহ পাতিব অভিষেক বচ্চনে? ক'লে এই কথা.
দীপাৱলীৰ পূজাৰ শুভ সময় কেতিয়া?