Budget 2024: ৯টা বিশেষ দিশৰ ওপৰত অগ্ৰাধিকাৰ মোদী চৰকাৰ ৩.০ৰ প্ৰথম বাজেটত | Budget 2024 Nirmala Sitharaman tells 9 priorities Modi 3.0 Assam news - Assam Tv9

Budget 2024: ৯টা বিশেষ দিশৰ ওপৰত অগ্ৰাধিকাৰ মোদী চৰকাৰ ৩.০ৰ প্ৰথম বাজেটত

Updated On: 

23 Jul 2024 13:41 PM

বিত্তমন্ত্ৰী সীতাৰমণে মোদী চৰকাৰ সবকা সাথ, সবকা বিকাশ নীতিৰ প্ৰতি দায়বদ্ধ বুলি উল্লেখ কৰে আৰু লগতে চৰকাৰে ৯টা দিশৰ ওপৰত অগ্ৰাধিকাৰ দিয়া বুলি সদৰী কৰে। চলিত বিত্তীয় বৰ্ষত উন্নত ভাৰতৰ লক্ষ্যৰ দিশত প্ৰচেষ্টা অব্যাহত ৰখা হ’ব বুলি মন্তব্য কৰে বিত্তমন্ত্ৰী সীতাৰমণে।

Budget 2024: ৯টা বিশেষ দিশৰ ওপৰত অগ্ৰাধিকাৰ মোদী চৰকাৰ ৩.০ৰ প্ৰথম বাজেটত

কি আছে মোদী৩.০ৰ বাজেটত

Follow Us On

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি দাখিল কৰিছে মোদী চৰকাৰ ৩.০ৰ প্ৰথমখন বাজেট। বাজেট দাখিল কৰাৰ সময়ত বিত্তমন্ত্ৰী সীতাৰমণে মোদী চৰকাৰ সবকা সাথ, সবকা বিকাশ নীতিৰ প্ৰতি দায়বদ্ধ বুলি উল্লেখ কৰে আৰু লগতে চৰকাৰে ৯টা দিশৰ ওপৰত অগ্ৰাধিকাৰ দিয়া বুলি সদৰী কৰে। চলিত বিত্তীয় বৰ্ষত উন্নত ভাৰতৰ লক্ষ্যৰ দিশত প্ৰচেষ্টা অব্যাহত ৰখা হ’ব বুলি মন্তব্য কৰে বিত্তমন্ত্ৰী সীতাৰমণে। তেওঁ লগতে পূৰ্বৰ অন্তৱৰ্তীকালীন বাজেটত উল্লেখ কৰা অনুসৰি চৰকাৰে দৰিদ্ৰ লোক, মহিলা, যুৱক-যুৱতী আৰু কৃষকসকলৰ ওপৰত গুৰুত্ব দিব বুলি জানিবলৈ দিয়ে।

বিত্তমন্ত্ৰীগৰাকীয়ে সীতাৰমণে জানিবলৈ দিয়া মতে কেন্দ্ৰ চৰকাৰে ৰাজ্যসমূহৰ সৈতে সহযোগিতাৰে কৃষিৰ বাবে ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনিৰ প্ৰসাৰ ঘটাব। উৎপাদন বৃদ্ধিৰ বাবে এগ্ৰী প্ৰচেচিং চেণ্টাৰসমূহৰ বৃহৎ পৰিসৰত প্ৰচাৰ কৰা হ’ব বুলি তেওঁ সদৰী কৰে। জলবায়ু অনুকূল বীজ প্ৰস্তুতৰ বাবে চৰকাৰে বিস্তৃত পৰ্যালোচনা কৰিব বুলি বিত্তমন্ত্ৰীগৰাকীয়ে লগতে কয়।

 

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সদৰী কৰা মতে চৰকাৰে এই ৯টা দিশৰ ওপৰত অগ্ৰাধিকাৰ প্ৰদান কৰিছে-

  • কৃষিত উৎপাদনশীলতা
  • নিয়োগ আৰু দক্ষতা
  • মানৱ সম্পদ উন্নয়ন আৰু সামাজিক ন্যায়
  • উৎপাদন আৰু সেৱা
  • নগৰ উন্নয়ন
  • শক্তি সুৰক্ষা
  • আন্তঃগাঁথনি
  • উদ্ভাৱন, গৱেষণা আৰু উন্নয়ন
  • পৰৱৰ্তী প্ৰজন্মৰ উন্নতি

 

বাজেট দাখিল কৰি বিত্তমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা মতে প্ৰধানমন্ত্ৰী আঁচনিৰ অংশ হিচাপে চৰকাৰে নিয়োগ সম্পৰ্কীয় ইনচেণ্টিভৰ বাবে তিনিখন আঁচনি ৰূপায়ণ কৰিব। দেশৰ যুৱক-যুৱতীসকলৰ নিয়োগ বৃদ্ধিৰ ওপৰত চৰকাৰে গুৰুত্ব আৰোপ কৰা বুলি উল্লেখ কৰি বিত্তমন্ত্ৰী সীতাৰমণে যুৱক-যুৱতীসকলৰ কৰ্মসংস্থাপন আৰু দক্ষতা বিকাশৰ বাবে বাজেটত ২ লাখ কোটি টকা আবণ্টন দিয়া হৈছে বুলি ঘোষণা কৰে।

ইফালে গ্ৰাম্য উন্নয়নৰ বাবে ২.৬৬ লাখ কোটি টকাৰ আবন্টন দিয়া হৈছে এইবাৰৰ বাজেটত। একেদৰে কৃষি আৰু সংশ্লিষ্ট খণ্ডৰ বাবে আবণ্টন দিয়া হৈছে ১.৫২ লাখ কোটি টকা। বিত্তমন্ত্ৰীগৰাকীয়ে লগতে চৰকাৰে মহিলা আৰু যুৱতীসকলৰ বাবে ৩ লাখ কোটিৰো অধিক ধন আবণ্টন দিছে বুলি ঘোষণা কৰিছে। বাজেটত লগতে আন্তঃ গাঁথনি উন্নয়নৰ বাবে ১১.১১ লাখ কোটি টকা ধাৰ্য কৰা হৈছে।

পাকঘৰৰ হালধিয়ে স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিব পাৰে!
এই জন্তুবোৰে কৰে আত্মহত্যা, তালিকাত কাৰ নাম?
ওজন হ্ৰাসৰ বাবে উপকাৰী সেউজীয়া পাচলিৰ ৰস
ঘৰৰ মূল দুৱাৰত ওলোমাই দিয়ক এই বিধ বস্তু, ধনেৰে উপচি পৰিব...
Exit mobile version