নতুন ইতিহাস গঢ়িবলৈ সাজু হৈছে সীতাৰমণঃ চাওক দেশৰ বাজেট সম্পৰ্কীয় কিছু আকৰ্ষণীয় তথ্য | Budget 2024: Nirmala Sitharaman will break Morarji Desai record interesting facts about budget Assam news - Assam Tv9

Budget 2024: নতুন ইতিহাস গঢ়িবলৈ সাজু হৈছে সীতাৰমণঃ চাওক দেশৰ বাজেট সম্পৰ্কীয় কিছু আকৰ্ষণীয় তথ্য

২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাজেট দাখিল কৰাৰ লগে লগে সীতাৰমণে একেৰাহে সপ্তমবাৰৰ বাবে বাজেট দাখিল কৰিব। আনহাতে মোৰাৰজী দেশাইয়ে ১৯৫৯ চনৰ পৰা ১৯৬৪ চনৰ ভিতৰত একেৰাহে পাঁচখন পূৰ্ণাঙ্গ বাজেট আৰু এখন অন্তৱৰ্তীকালীন বাজেট দাখিল কৰিছিল। দেশাইৰ এই অভিলেখ এতিয়া সীতাৰমণে অতিক্ৰম কৰিব।

Budget 2024: নতুন ইতিহাস গঢ়িবলৈ সাজু হৈছে সীতাৰমণঃ চাওক দেশৰ বাজেট সম্পৰ্কীয় কিছু আকৰ্ষণীয় তথ্য

মঙলবাৰে বাজেট দাখিল কৰিব বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে

Updated On: 

21 Jul 2024 17:56 PM

সোমবাৰৰ পৰা আৰম্ভ হ’ব সংসদৰ বৰ্ষাকালীন অধিৱেশন। এই অধিৱেশনতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ তৃতীয় কাৰ্যকালৰ বাজেট দাখিল কৰা হ’ব। ২৩ জুলাই, অৰ্থাৎ মঙলবাৰে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাজেট দাখিল কৰিব। একেৰাহে সপ্তমবাৰৰ বাবে বাজেট দাখিল কৰি এক অনন্য ইতিহাস ৰচনা কৰিবলৈ সাজু হৈছে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ। এই তেওঁ দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী মোৰাৰজী দেশাইৰ অভিলেখ ভংগ কৰিব। অৱশ্যে এই অভিলেখ ভংগ হ’লেও মোৰাৰজী দেশাইৰ নামত অক্ষত থাকিব আন এক অভিলেখ।

দেশৰ ইতিহাসত সৰ্বাধিক বাজেট দাখিল কৰাৰ অভিলেখ আছে মোৰাৰজী দেশাইৰ হাতত। ২০১৯ চনৰ সাধাৰণ নিৰ্বাচনত জয়লাভেৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিজেপিয়ে ক্ৰমাগত দ্বিতীয়বাৰৰ বাবে কেন্দ্ৰত চৰকাৰ গঠন কৰে। মোদীৰ এই দ্বিতীয়বাৰৰ কাৰ্যকালত নিৰ্মলা সীতাৰমণে ভাৰতৰ প্ৰথমগৰাকী পূৰ্ণকালীন মহিলা বিত্তমন্ত্ৰী হিচাপে নিযুক্তি লাভ কৰে।

ইয়াৰ পিছৰে পৰা সীতাৰমণে চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত অন্তৱৰ্তীকালীন বাজেটকে ধৰি ধাৰাবাহিকভাৱে ছয়বাৰ বাজেট দাখিল কৰিছে। ২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাজেট দাখিল কৰাৰ লগে লগে সীতাৰমণে একেৰাহে সপ্তমবাৰৰ বাবে বাজেট দাখিল কৰিব। আনহাতে মোৰাৰজী দেশাইয়ে ১৯৫৯ চনৰ পৰা ১৯৬৪ চনৰ ভিতৰত একেৰাহে পাঁচখন পূৰ্ণাঙ্গ বাজেট আৰু এখন অন্তৱৰ্তীকালীন বাজেট দাখিল কৰিছিল। দেশাইৰ এই অভিলেখ এতিয়া সীতাৰমণে অতিক্ৰম কৰিব।

 

চাওঁ আহক স্বাধীনোত্তৰ ভাৰতৰ বাজেট সম্পৰ্কীয় কিছুমান আাকৰ্ষণীয় তথা জানিবলগীয়া তথ্য-

১৯৪৭ চনৰ ২৬ নৱেম্বৰত দেশৰ প্ৰথম বিত্তমন্ত্ৰী আৰ কে শনমুখম চেট্টীয়ে স্বাধীন ভাৰতৰ প্ৰথম সাধাৰণ বাজেট দাখিল কৰে।

প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু আৰু পৰৱৰ্তী সময়ত প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীৰ কাৰ্যকালত বিত্তমন্ত্ৰী হিচাপে মুঠ ১০খন বাজেট দাখিল কৰিছিল মোৰাৰজী দেশায়ে।

প্ৰাক্তন বিত্তমন্ত্ৰী পি চিদাম্বৰমে ৯বাৰকৈ বাজেট দাখিল কৰিছিল। একেদৰে আন এগৰাকী প্ৰাক্তন বিত্তমন্ত্ৰী প্ৰণৱ মুখাৰ্জীয়ে ৮ বাৰ বাজেট দাখিল কৰিছিল।

পিভি নৰসিংহ ৰাও চৰকাৰৰ বিত্তমন্ত্ৰী হিচাপে প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙে ১৯৯১ চনৰ পৰা ১৯৯৫ চনৰ ভিতৰত একেৰাহে পাঁচবাৰ বাজেট দাখিল কৰিছিল।

নিৰ্মলা সীতাৰমণে ২০২০ চনৰ ১ ফেব্ৰুৱাৰীত বাজেট উত্থাপনৰ সময়ত দিয়া ২ ঘণ্টা ৪০ মিনিটৰ ভাষণ দেশৰ আটাইতকৈ দীঘলীয়া বাজেট হিচাপে পৰিগণিত হয়।

১৯৭৭ চনত হিৰুভাই মূলজিভাই পেটেলৰ অন্তৱৰ্তীকালীন বাজেট ভাষণ এতিয়ালৈকে দিয়া আটাইতকৈ চুটি বাজেট ভাষণ। পেটেলৰ এই ভাষণত মাত্ৰ ৮০০ শব্দ আছিল।

দেশৰ প্ৰথমটো মছজিদ ক'ত আছে? কোন হিন্দু ৰজাই ইয়াক নিৰ্মাণ কৰিছিল
নিম পাত আৰু হালধীৰ আছে অলেখ গুণ, এয়া খালে কি হয় জানেনে ?
কেতিয়া দ্বিতীয় বিবাহ পাতিব অভিষেক বচ্চনে? ক'লে এই কথা.
দীপাৱলীৰ পূজাৰ শুভ সময় কেতিয়া?