শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

মধ্যবিত্তলৈকে নহয়, বৈৰীভাৱ দূৰ কৰি বাংলাদেশ, মালদ্বীপকো বাজেটৰ দয়া ভাৰতৰ

শনিবাৰে সংসদত সাধাৰণ বাজেট দাখিল কৰিলে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। বাজেটৰ জৰিয়তে কেৱল দেশবাসীলৈকে নহয়, চুবুৰীয়া দেশসমূহলৈয়ো উপহাৰ প্ৰেৰণ কৰিছে ভাৰত চৰকাৰে। ভাৰতৰ চুবুৰীয়া দেশসমূহলৈও বৃহৎ পৰিমাণৰ আৰ্থিক সাহায্য আবণ্টন দিছে মোদী চৰকাৰে।

মধ্যবিত্তলৈকে নহয়, বৈৰীভাৱ দূৰ কৰি বাংলাদেশ, মালদ্বীপকো বাজেটৰ দয়া ভাৰতৰ
বাংলাদেশলৈ দয়া ভাৰতৰ
monjit-dutta
Monjit Dutta | Published: 02 Feb 2025 17:16 PM

শনিবাৰে সংসদত সাধাৰণ বাজেট দাখিল কৰিলে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। কেন্দ্ৰীয় বাজেট দাখিলৰ সময়ত বিত্তমন্ত্ৰী সীতাৰমণে ১২ লাখ টকালৈকে আয় কৰ ৰেহাই ঘোষণা কৰি দেশৰ মধ্যবিত্ত শ্ৰেণীলৈ আগবঢ়ালে উপহাৰ। পিছে বাজেটৰ জৰিয়তে কেৱল দেশবাসীলৈকে নহয়, চুবুৰীয়া দেশসমূহলৈয়ো উপহাৰ প্ৰেৰণ কৰিছে ভাৰত চৰকাৰে। চুবুৰীয়া দেশসমূহলৈও বৃহৎ পৰিমাণৰ আৰ্থিক সাহায্য আবণ্টন দিছে মোদী চৰকাৰে। ভাৰত চৰকাৰৰ বাজেটে নেপাল, ভূটান, শ্ৰীলংকা, মালদ্বীপ সকলো দেশলৈকে এক কথাত প্ৰেৰণ কৰিছে উপহাৰৰ টোপোলা। কৰুণাৰ হাত আগবঢ়ালে বাংলাদেশলৈয়ো।

স্বাভাৱিকতে বাংলাদেশ আৰু মালদ্বীপলৈ ভাৰতৰ এই কৰুণাৰ ভাৱে বিশেষ আকৰ্ষণ লাভ কৰিছে। এই দুই চুবুৰীয়া দেশৰ সৈতে ভাৰতৰ সম্পৰ্ক শেহতীয়া সময়ছোৱাত বিশেষ চৰ্চাৰ বিষয় হৈ আছিল। বিশেষকৈ বাংলাদেশৰ সৈতে ভাৰতৰ সম্পৰ্কত বিগত বৰ্ষৰ পৰা ব্যৱধান অধিক বৃদ্ধি পাইছে। ভাৰতৰ বিৰুদ্ধে শেহতীয়া সময়ছোৱাত এক উচটনিমূলক স্থিতি গ্ৰহণ কৰি আহিছে বাংলাদেশে। দুই দেশৰ সীমান্তত অহৰহ বৃদ্ধি পাইছে উত্তেজনা। তথাপি অৱশ্যে ভাৰত চৰকাৰে বাংলাদেশৰ পৰা আঁতৰ কৰা নাই দয়াৰ দৃষ্টি।

বিগত বৰ্ষৰ মাজভাগৰ পৰা ব্যাপক প্ৰতিবাদে উত্তাল কৰিছিল বাংলাদেশ। প্ৰথমে ছাত্ৰ আন্দোলনৰ ৰূপত আৰম্ভ হোৱা বিক্ষোভ পিছলৈ গণ প্ৰতিবাদৰ ৰূপ লয় আৰু এই প্ৰতিবাদৰ ফলশ্ৰুতিত ক্ষমতাচ্যুত হয় শ্বেখ হাছিনাৰ চৰকাৰ। প্ৰধানমন্ত্ৰী পদ ত্যাগ কৰি ভাৰতলৈ পলায়ন কৰিবলৈ বাধ্য হয় শ্বেখ হাছিনা। ইয়াৰ পিছতে দেশখনত মহম্মদ ইউনুছৰ নেতৃত্বত অন্তৱৰ্তীকালীন চৰকাৰ গঠন হয়। কিন্তু এই চৰকাৰ গঠনৰ পিছত চুবুৰীয়া দেশখনৰ সৈতে ভাৰতৰ সম্পৰ্ক অৱনতি ঘটিবলৈ ধৰে।

এফালে মৌলবাদীৰ ভাবুকি আৰু আনফালে অনুপ্ৰৱেশৰ সমস্যাৰ দ্বাৰা ভাৰতৰ সৈতে সংঘাতৰ পৰিৱেশ সৃষ্টি কৰিছে বাংলাদেশে। এনে উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ পিছতো মোদী চৰকাৰে বাংলাদেশলৈ পিছে পিঠি দিয়া নাই। কেন্দ্ৰীয় বাজেটত বাংলাদেশৰ বাবে আবণ্টিত ধনৰাশিৰ পৰিমাণ অপৰিৱৰ্তিত ৰখা হৈছে। যোৱা বিত্তীয় বৰ্ষত (২০২৪-২৫) ভাৰতৰ বাজেটত বাংলাদেশৰ বাবে ১২০ কোটি টকা আবণ্টন দিয়া হৈছিল আৰু এইবাৰো এই ধনৰাশিৰ আবণ্টন বাহাল ৰখা হৈছে।

আনহাতে, মালদ্বীপৰ সৈতে সম্পৰ্ক অৱনতিৰ পিছত কেন্দ্ৰীয় চৰকাৰে যোৱা বছৰ বাজেটত দেশখনৰ বাবে বাজেট আবণ্টন হ্ৰাস কৰিছিল যদিও শেহতীয়াকৈ মালদ্বীপৰ ৰাষ্ট্ৰপতি মহম্মদ মুজিবুৰ ৰহমানৰ ভাৰত ভ্ৰমণৰ পিছত পূৰ্বৰ সংঘাতে আনি দিয়া দূৰত্ব কিছু দূৰ হয় আৰু কালিৰ বাজেটতো ইয়াৰ স্পষ্ট প্ৰতিফলন ঘটা পৰিলক্ষিত হৈছে। বাজেটত এইবাৰ মালদ্বীপৰ বাবে ২৮ শতাংশ আবণ্টন বৃদ্ধি কৰা হৈছে। মালদ্বীপৰ বাবে বাজেটত এইবাৰ মুঠ ৬ বিলিয়ন টকা আবণ্টন দিয়া হৈছে।

চুবুৰীয়া ৰাজ্যসমূহৰ ভিতৰত সৰ্বাধিক ধন আবণ্টন দিয়া হৈছে ভূটানলৈ। ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাবে দেশখনলৈ ২১৫০ কোটি টকা আবণ্টন দিয়া হৈছে। আনহাতে নেপালৰ বাবে ৭ বিলিয়ন টকা আৰু শ্ৰীলংকাৰ বাবে ৩ বিলিয়ন টকা আবণ্টন দিয়া হৈছে। এইবাৰ মৰিচাছলৈ সাহায্যৰ বাবে ৫ বিলিয়ন টকা আবণ্টন দিয়া হৈছে। একেদৰে আফগানিস্তানলৈ ১০০ কোটি টকা, মংগোলিয়ালৈ ৫ কোটি টকা, ম্যানমাৰলৈ ৩৫০ কোটি টকা, আফ্ৰিকান দেশলৈ ২২৫ কোটি টকা সাহায্যৰ প্ৰস্তাৱ দিয়া হৈছে বাজেটত।