উত্তাল লোকসভা, মহাকুম্ভত পদপিষ্ট হৈ কিমানজনৰ মৃত্যু ? সত্য় তথ্য প্ৰকাশ কৰিবলৈ দাবী জনালে বিৰোধীয়ে…
আজিৰ দিনটোত লোকসভা অধিবেশন আৰম্ভ হোৱাৰ লগে লগে বিৰোধী সাংসদসকলে মহাকুম্ভত পৱিত্ৰ স্নানৰ বাবে উপস্থিত হোৱা বহু লোক পদপিষ্ট হোৱা ঘটনাক লৈ প্ৰশ্ন উত্থাপন কৰে বিৰোধী সাংসাদসকলে । এইলৈ লোকসভাত আলোচনাৰো দাবী জনাই বিৰোধী সাংসদসকলে ।
মহাকুম্ভৰ পদপিষ্ট দৰে ঘটনাক লৈ আজি লোকসভা উত্তাল কৰে বিৰোধী সাংসদসকলে । আজিৰ দিনটোত লোকসভা অধিবেশন আৰম্ভ হোৱাৰ লগে লগে বিৰোধী সাংসদসকলে মহাকুম্ভত স্নানৰ বাবে উপস্থিত হোৱা বহু লোক পদপিষ্ট হোৱা ঘটনাক লৈ প্ৰশ্ন উত্থাপন কৰে বিৰোধী সাংসাদসকলে । এইলৈ লোকসভাত আলোচনাৰো দাবী জনাই বিৰোধী সাংসদসকলে ।
লোকসভাৰ অধিৱেশন আৰম্ভ হোৱাৰ লগে লগে তৃণমূল কংগ্ৰেছ আৰু সমাজবাদী পাৰ্টিকে ধৰি কেইবাটাও বিৰোধী দলৰ সাংসদে ‘কুম্ভ পে জবাব দো’ শ্লোগান দিবলৈ আৰম্ভ কৰে । একে সময়তে সংসদৰ ভিতৰত প্ৰতিবাদ সাব্যস্ত কৰি মৃতকৰ পৰিচয় থকা তালিকাৰ প্ৰকাশ কৰিবলৈ চৰকাৰক দাবী জনাই বিৰোধী সাংসদসকলে । সমান্তৰালভাৱে উত্তৰ প্ৰদেশ চৰকাৰে মৃতকৰ সংখ্যা লুকুৱাই ৰাখিছে বুলিও অভিযোগ কৰে।
এইলৈ লোকসভা উত্তপ্ত হৈ পৰা সময়তে অধ্যক্ষ ওম বিৰলাই বাৰে বাৰে বিৰোধীক শান্ত হ’বলৈ আহ্বান জনায় । লোকসভা অধ্য়ক্ষৰ অনুৰোধৰ পাছতো বিৰোধী সাংসদসকলে নিজৰ দাবী উত্থাপন কৰি যায় । ইয়াৰ পাছতে অধ্যক্ষগৰাকীয়ে অভিযোগ কৰে যে, বিৰোধীয়ে সংসদৰ অধিৱেশন হ’বলৈ দিয়া নাই। সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰণ ৰিজিজুৱেও বিৰোধী সাংসদসকলক শান্ত হৈ থাকিবলৈ আহ্বান জনায়।
প্ৰসংগক্ৰমে যোৱা সপ্তাহত শনিবাৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বাজেট দাখিল কৰাৰ সময়ত বিৰোধীয়ে শ্লোগান দি ৱাক আউট কৰিছিল। বাজেট দাখিলৰ মাজতে অখিলেশ যাদৱকে ধৰি সমাজবাদী পাৰ্টীৰ সাংসদসকলে সংসদৰ পৰা ওলাই যায়। অখিলেশ যাদৱে কয়, “মহাকুম্ভত এতিয়াও মানুহে নিজৰ আত্মীয়ক বিচাৰি আছে। বহু লোক পদপিষ্ট হৈ মৃত্যুমুখত পৰিছে। বহু লোক সন্ধানহীন। এই ক্ষেত্ৰত তথ্য প্ৰকাশ কৰাত ব্যৰ্থ হৈছে চৰকাৰ।”
উল্লেখ্য যে, যোৱা ২৯ জানুৱাৰীৰ পুৱা মহাকুম্ভত পদপিষ্ট হোৱা দৰে এক ঘটনা সংঘটিত হৈছিল । যোৱা সপ্তাহৰ বুধবাৰৰ দিনটোত মৌনি আমাৱস্যা উপলক্ষে উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজৰ ত্ৰিবেণী সংগমত স্নানৰ সময়ত উপস্থিত হোৱা বহু লোক পদপিষ্ট হোৱাৰ খবৰ লাভ কৰা গৈছিল । এই ঘটনাত কেইবাজনো লোক নিহত হোৱাৰ লগতে বহু লোক আহত হৈছিল বুলি খবৰ প্ৰকাশ পায়।