5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

ধাৰাসাৰ বৰষুণৰ ফলত ভাঙি পৰিল নিৰ্মীয়মান অট্টালিকা, নিহত ৩ জন, আৱদ্ধ হৈ আছে কেইবাজনো শ্ৰমিক…

এটা নিৰ্মীয়মান অট্টালিকা ভাঙি পৰা ফলত তিনিজন শ্ৰমিক নিহত হোৱাৰ লগতে কেইবাজনো শ্ৰমিক আৱদ্ধ হৈ থকাৰ খবৰ লাভ কৰা গৈছে । সূত্ৰ খবৰ অনুসৰি, এই মৰ্মান্তিক ঘটনাটো সংঘটিত হোৱাৰ সময়ত অট্টালিকাটোত ২০ জনতকৈ অধিক শ্ৰমিকে কাম কৰি আছিল ।

ধাৰাসাৰ বৰষুণৰ ফলত ভাঙি পৰিল নিৰ্মীয়মান অট্টালিকা, নিহত ৩ জন, আৱদ্ধ হৈ আছে কেইবাজনো শ্ৰমিক…
ধাৰাসাৰ বৰষুণৰ ফলত বাংগালুৰুত ভয়াবহ পৰিস্থিতি
manas-borah
Manas Borah | Updated On: 22 Oct 2024 19:52 PM

কৰ্ণাটকত ধাৰাসাৰ বৰষুণে ভয়াৱহ পৰিস্থিত সৃষ্টি কৰিছে । ধাৰাসাৰ বৰষুণৰ ফলত বাংগালুৰুৰ বাবুসাবপাল্যাত এটা নিৰ্মীয়মান অট্টালিকা ভাঙি পৰা ফলত তিনিজন শ্ৰমিক নিহত হোৱাৰ লগতে কেইবাজনো শ্ৰমিক আৱদ্ধ হৈ থকাৰ খবৰ লাভ কৰা গৈছে । সূত্ৰ খবৰ অনুসৰি, এই মৰ্মান্তিক ঘটনাটো সংঘটিত হোৱাৰ সময়ত অট্টালিকাটোত ২০ জনতকৈ অধিক শ্ৰমিকে কাম কৰি আছিল ।

ইতিমধ্যে ঘটনাস্থলীত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে অগ্নিনিৰ্বাপক বাহিনী আৰু দুৰ্যোগ সাহায্য দলে । আৰক্ষীয়ে সদৰী কৰা মতে, ঘটনাস্থলীৰ পৰা ধ্বংসাৱশেষ আঁতৰোৱা হৈছে। ধ্বংসাৱশেষ তলত বহু কেইজন শ্ৰমিক আৱদ্ধ হৈ থকাৰ বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে । আৰক্ষীয়ে জনোৱা মতে, মঙলবাৰে বিয়লি সংঘটিত হয় এই মৰ্মান্তিক ঘটনা । এই ঘটনাৰ তথ্য পোৱাৰ লগে লগে আৰক্ষী, অগ্নিনিৰ্বাপক বাহিনী আৰু দুৰ্যোগ সাহায্য দল সেই স্থানত উপস্থিত হৈ ধ্বংসাৱশেষ আঁতৰাবলৈ আৰম্ভ কৰে।

এতিয়ালৈকে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত তিনিজন শ্ৰমিকক উদ্ধাৰ কৰা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে । লগতে তিনিজন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ কৰাৰ তথ্য প্ৰকাশ কৰিছে আৰক্ষীয়ে । জানিব পৰা মতে, স্থানীয় লোকৰ সহযোগত আৰক্ষীয়েও উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ।

ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰীয়ে আৰক্ষী আৰু প্ৰশাসনৰ বিষয়াৰ সৈতে ফোনযোগে পৰিস্থিতি বুজ লৈছে। পৰিস্থিতিৰ বুজ লোৱাৰ পাছত মুখ্যমন্ত্রী আৰু উপ-মুখ্যমন্ত্রীয়ে বিষয়াসকলক সাহায্যৰ কাম ক্ষিপ্ৰতাৰে কৰাৰ লগতে আটাইকেইজন আহতক উন্নত চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিছে।

সূত্ৰ খবৰ অনুসৰি, ধ্বংসাৱশেষৰ তলত এতিয়াও ১৭ জন লোক আৱদ্ধ হৈ থকাৰ সম্ভাৱনা আছে। সেয়েহে উদ্ধাৰ অভিযান তীব্ৰতৰ কৰিছে উদ্ধাৰকাৰী দলসমূহে ।>Now you can rewrite it as news content in English with an SEO Title, SEO Meta Description, and body article with one Focus Keyword (Focus Keyword must be in the SEO Title, SEO Meta Description, URL, and appear in the first 10% of the content.

Latest News