5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

DY Chandrachud : ’সভ্য সমাজত এনে নহয়’, বুলডজাৰ ন্যায়ৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ৰ…

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে শেষৰ ৰায়দানত বুলডজাৰৰ কাৰ্যক তীব্ৰ গৰিহণা দিয়ে। তেওঁ কয় যে, আইনৰ শাসনৰ অধীনত বুলডজাৰৰ জৰিয়তে ন্যায় গ্ৰহণযোগ্য নহয়। কাৰোবাৰ সম্পত্তি ধ্বংস কৰি ন্যায় দিব নোৱাৰি। বুলডজাৰ ব্যৱহাৰ কৰাৰ ভাবুকি দি মানুহৰ কণ্ঠ ৰোধ কৰিব নোৱাৰি বুলি কাৰ্যকালৰ অন্তিমটো ৰায়ত কয় ডি ৱাই চন্দ্ৰচূড়ে ।

DY Chandrachud : ’সভ্য সমাজত এনে নহয়’, বুলডজাৰ ন্যায়ৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ৰ…
মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়
manas-borah
Manas Borah | Updated On: 10 Nov 2024 15:18 PM

আজি ১০ নৱেম্বৰ ২০২৪ তাৰিখে ডি ৱাই চন্দ্ৰচূড়ে আনুষ্ঠানিকভাৱে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে অৱসৰ গ্ৰহণ কৰিছে। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে শেষৰ ৰায়দানত বুলডজাৰৰ কাৰ্যক তীব্ৰ গৰিহণা দিয়ে। তেওঁ কয় যে, ‘আইনৰ শাসনৰ অধীনত বুলডজাৰৰ জৰিয়তে ন্যায় গ্ৰহণযোগ্য নহয়। কাৰোবাৰ সম্পত্তি ধ্বংস কৰি ন্যায় দিব নোৱাৰি। বুলডজাৰ ব্যৱহাৰ কৰাৰ ভাবুকি দি মানুহৰ কণ্ঠ ৰোধ কৰিব নোৱাৰি। আইনৰ দৃষ্টিত এই কথা ঠিক নহয়। এই কথা মানি ল’ব নোৱাৰি।’

মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়, ন্যায়াধীশ জে বি পাৰ্দিৱালা আৰু ন্যায়াধীশ মনোজ মিশ্ৰৰ বিচাৰপীঠে কয় যে, বুলডজাৰৰ জৰিয়তে ন্যায় প্ৰদান কৰাটো কোনো সভ্য সমাজৰ ন্যায় ব্যৱস্থাৰ অংশ হ’ব নোৱাৰে। উচ্চতন ন্যায়ালয়ৰ এই তিনিজনীয়া বিচাৰপীঠে কয় যে, ৰাজ্যসমূহে অবৈধ বা অবৈধ বেদখল আঁতৰোৱাৰ  বাবে ব্যৱস্থা লোৱাৰ পূৰ্বে আইনৰ যথাযথ প্ৰক্ৰিয়া অনুসৰণ কৰিব লাগে। বুলডজাৰৰ ন্যায় গ্ৰহণযোগ্য নহয় বুলি কয় উচ্চতম ন্য়ায়ালয়ে ।

চি জে আই চন্দ্ৰচূড়ৰ নেতৃত্বাধীন বিচাৰপীঠে কয় যে, যদি বুলডজাৰৰ অনুমতি দিয়া হয় তেন্তে ৩০০ ক অনুচ্ছেদৰ অধীনত সম্পত্তিৰ অধিকাৰৰ সাংবিধানিক স্বীকৃতিৰ অন্ত পৰিব। সংবিধানৰ ৩০০ক অনুচ্ছেদত উল্লেখ আছে যে, কোনো ব্যক্তিক আইনৰ কৰ্তৃত্ব অবিহনে নিজৰ সম্পত্তিৰ পৰা বঞ্চিত কৰিব নোৱাৰিব। উল্লেখ্য যে, উত্তৰ প্ৰদেশৰ হাৰাজগঞ্জত সংঘটিত হোৱা বুলডজাৰৰ কাৰ্যক লৈ উচ্চতম ন্যায়ালয়ে এই ৰায় প্ৰদান কৰিছে । এই বুলডজাৰ গোচৰৰ শুনানিত ইউ পি চৰকাৰক ক্ষতিপূৰণ দিবলৈও নিৰ্দেশ দিছে আদালতে।

যোগী চৰকাৰৰ বুলডজাৰ কাৰ্য সন্দৰ্ভত মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে কয় যে, আপুনি কেনেকৈ এনেদৰে মানুহৰ ঘৰ ভাঙিবলৈ আৰম্ভ কৰিব পাৰে ? কাৰোবাৰ ঘৰ ভাঙি যোৱাটো অৰাজকতা। এইটো সম্পূৰ্ণ স্বেচ্ছাচাৰী। ক’ত সঠিক পদ্ধতি অনুসৰণ কৰা হৈছে বুলি প্ৰশ্ন কৰে মুখ্য ন্যায়াধীশ গৰাকীয়ে । তেওঁ লগতে কয় যে,’আমাৰ হাতত শপতনামা আছে, য’ত কোৱা হৈছে যে কোনো জাননী জাৰি নকৰাকৈ বুলডজাৰ চলোৱা হৈছিল । আপুনি কেৱল চাইটলৈ গৈ মানুহক অৱগত কৰিলে। ইয়াৰ দ্বাৰা ন্যায়ৰ উদ্দেশ্য পূৰণ হ’বনে বুলি প্ৰশ্ন কৰে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে ।

উল্লেখ্য যে,আজি উচ্চতম ন্যায়ালয়ৰ পৰা অৱসৰ ল’ব মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে । ২০২২ চনৰ ৯ নৱেম্বৰত তেওঁ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ দায়িত্ব গ্ৰহণ কৰিছিল । ডি ৱাই চন্দ্ৰচূড়ৰ পাছতে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হ’ব ন্যায়াধীশ সঞ্জীৱ খান্না।

Latest News