শোকাৱহ! দ খাৱৈত বাগৰি পৰিল BSFৰ জোৱান কঢ়িয়াই নিয়া বাছঃ তিনি জোৱানৰ মৃত্যু, ৩২জন আহত | Bus carrying BSF jawan falls into gorge in Jammu Kashmir Budgam 3 jawans died Assam news - Assam Tv9

শোকাৱহ! দ খাৱৈত বাগৰি পৰিল BSFৰ জোৱান কঢ়িয়াই নিয়া বাছঃ তিনি জোৱানৰ মৃত্যু, ৩২জন আহত

Published: 

20 Sep 2024 21:26 PM

জম্মু-কাশ্মীৰৰ বুডগামত এক ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হৈছে বি এছ এফৰ জোৱান কঢ়িয়াই অনা এখন বাছ। আগন্তুক বিধানসভা নিৰ্বাচনত নিৰ্বাচনী কৰ্তব্যৰ বাবে জোৱানসকলক লৈ যোৱা বাছখন পথৰ কাষৰ এক দ খাৱৈত বাগৰি পৰে। ইয়াৰ ফলত ৩ জন জোৱানৰ মৃত্যু হোৱাৰ বিপৰীতে ৩২ জন জোৱান আহত হোৱা বুলি জানিব পৰা গৈছে।

শোকাৱহ! দ খাৱৈত বাগৰি পৰিল BSFৰ জোৱান কঢ়িয়াই নিয়া বাছঃ তিনি জোৱানৰ মৃত্যু, ৩২জন আহত

দুৰ্ঘটনাত তিনি জোৱানৰ মৃত্যু

Follow Us On

জম্মু-কাশ্মীৰৰ বুডগামত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। উপত্যকাটোত অনুষ্ঠিত হ’বলগীয়া আগন্তুক বিধানসভা নিৰ্বাচনত নিৰ্বাচনী কৰ্তব্যৰ বাবে বি এছ এফৰ জোৱান কঢ়িয়াই অনা এখন বাছ এক ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছে। জোৱান ভৰ্তি বাছখন যাত্ৰাৰত অৱস্থাতে পথৰ কাষৰ এক দ খাৱৈত বাগৰি পৰে। এই হৃদয় বিদাৰক ঘটনাত প্ৰাণ হেৰুৱাইছে ৩ জন জোৱানে। দুৰ্ঘটনাত আন ৩২ জন জোৱান আহত হোৱা বুলি জানিব পৰা গৈছে। ইয়াৰে ৬ জনৰ অৱস্থা সংকটজনক বুলি সূত্ৰই প্ৰকাশ কৰিছে।

আহত জোৱানসকলক এছ ডি এইচ খান চাহিব আৰু বুডগাম চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে বুলি প্ৰকাশ কৰিছে কৰ্তৃপক্ষই। প্ৰকাশিত খবৰ অনুসৰি বুডগামৰ ব্ৰেইল ৱাটাৰহল অঞ্চলত সংঘটিত হৈছে এই দুৰ্ঘটনা। জানিব পৰা মতে দুৰ্ঘটনাগ্ৰস্ত বাছখনত মুঠ ৩৫ জন জোৱান আছিল। দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে একাংশ স্থানীয় লোক সেই স্থানত উপস্থিত হয়।

স্থানীয় লোকে তাৎক্ষণিকভাৱে জোৱানসকলক উদ্ধাৰৰ প্ৰচেষ্টা চলোৱাৰ লগতে স্থানীয় আৰক্ষীকো ঘটনাৰ বিষয়ে খবৰ দিয়ে। এই তথ্য লাভ কৰাৰ লগে লগে স্থানীয় আৰক্ষী আৰু উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হয় আৰু স্থানীয় লোকৰ সহযোগত উদ্ধাৰ অভিযান আৰম্ভ কৰে। তাৎক্ষণিকভাৱে উদ্ধাৰ অভিযান চলাই বাছখনত আবদ্ধ হৈ থকা জোৱানসকলক বাহিৰলৈ উলিয়াই অনা হয়।

ইফালে ঘটনা সন্দৰ্ভত খবৰ লাভ কৰাৰ লগে লগে স্থানীয় প্ৰশাসনৰ জ্যেষ্ঠ বিষয়াসকলো সেই স্থানত উপস্থিত হয়। এই ভয়াৱহ দুৰ্ঘটনাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই বুলি কৰ্তৃপক্ষই সদৰী কৰিছে। বিধানসভা নিৰ্বাচনত নিৰ্বাচনী কৰ্তব্যৰ বাবে মুঠ সাতখন বাছত বিএছএফৰ জোৱানসকলক লৈ যোৱা হৈছিল আৰু এই কনভয়ৰে এখন বাছ এই শোকাৱহ দুৰ্ঘটনাত পতিত হয়।

 

বাছখন পাহাৰীয়া পথটোৰ পৰা বাগৰি প্ৰায় ৪০ ফুট তলত পৰে বুলি স্থানীয় এগৰাকী আৰক্ষী বিষয়াই উল্লেখ কৰিছে। আহত জোৱানসকল সম্প্ৰতি চিকিৎসাধীন অৱস্থাত আছে বুলি বিষয়াগৰাকীয়ে লগতে সদৰী কৰে। উল্লেখ্য যে শেহতীয়াকৈ জম্মু অঞ্চলৰ ৰাজৌৰীতো সেনা জোৱানৰ এখন বাহন এনে এক অনুৰূপ দুৰ্ঘটনাত পতিত হৈছিল।

বুধবাৰে মাঞ্জাকোট অঞ্চলত সংঘটিত হৈছিল এই দুৰ্ঘটনা। পাহাৰীয়া পথেৰে যাত্ৰাৰ সময়ত এক কেঁকুৰীত বাহনখনৰ চালকজনে নিয়ন্ত্ৰণ হেৰুৱাই পেলোৱাৰ ফলত প্ৰায় ৪০০ ফুট দ খাৱৈত বাগৰি পৰিছিল বাহনখন। দুৰ্ঘটনাগ্ৰস্ত বাহনখনত পেৰা-২ ইউনিটৰ কেইবাগৰাকীও জোৱানে যাত্ৰা কৰিছিল। এই দুৰ্ঘটনাৰ ফলত ছয়জন কমাণ্ডো আহত হৈছিল যদিও চিকিৎসাৰ সময়ত এজন জোৱানৰ মৃত্যু হৈছিল।

পিঁয়াজৰ বাকলিৰ আছে বহু উপকাৰী গুণ, সবিশেষ জানক
পাকঘৰৰ হালধিয়ে স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিব পাৰে!
এই জন্তুবোৰে কৰে আত্মহত্যা, তালিকাত কাৰ নাম?
ওজন হ্ৰাসৰ বাবে উপকাৰী সেউজীয়া পাচলিৰ ৰস
Exit mobile version